নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ কোটিতকৈ অধিক ভাৰতীয় ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ভাৰতত ইতিমধ্যে ৩০ কোটিতকৈ অধিক লোক ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছে বুলি এটা অধ্যয়নত প্রকাশ পাইছে৷ অর্থাৎ ১৩৫ কোটি জনসংখ্যাৰ দেশখনৰ প্রতি চাৰিজনৰ এজনেই ক’ভিড মহামাৰীত ইতিমধ্যে আক্রান্ত হৈছে৷ সমীক্ষাৰ তথ্য অনুসৰি ঘন জনবসতিপূর্ণ দেশখনত যিমান সংখ্যক লোক ক’ভিডত আক্রান্ত হোৱা বুলি স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰিছে, প্রকৃততে তাতকৈ বহু বেছি লোক এই মহামাৰীত আক্রান্ত হৈছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ভাৰতত ক’ভিড আক্রান্ত লোকৰ সংখ্যা ১.০৮ কোটি৷

আমেৰিকাৰ পিছতেই দেশ হিচাপে ভাৰতত এই মহামাৰীত অধিকসংখ্যক লোক আক্রান্ত হৈছে৷ ইফালে এতিয়ালৈকে প্রাণ হেৰুৱাইছে ১ কোটি ৫৪ লাখ ৫৯৬গৰাকী লোকে৷ আই চি এম আৰৰ সমীক্ষা অনুসৰি ইতিমধ্যে ভাৰতত ক’ভিড–১৯ত ৩০ কোটিতকৈ অধিক লোক আক্রান্ত হৈছিল৷ অৱশ্যে আজি এখন সংবাদ মেলতহে সমীক্ষাৰ সবিশেষ তথ্য সদৰী কৰিব বুলি সংস্থাটোৱে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে কিমানসংখ্যক লোকক লৈ শেহতীয়া সমীক্ষা চলোৱা হৈছিল সেই সন্দর্ভতো কোনো তথ্য আই চি এম আৰে প্রকাশ কৰা নাই৷ যোৱা আগষ্ট আৰু ছেপ্ঢেম্বৰ মাহত আই চি এম আৰে ২৯ হাজাৰ ব্লাড চেম্প’লৰ ওপৰত সমীক্ষা চলাই উল্লেখ কৰিছিল যে প্রতি ১৫জন ভাৰতীয়ৰ ভিতৰত এজনৰেই দেহত ক’ভিড এণ্টিব’ডী আছে৷

ইফালে দিল্লী চৰকাৰে চলিত সপ্তাহত প্রকাশ কৰা এক সমীক্ষা অনুসৰি দিল্লীৰ ২ কোটি জনসংখ্যাৰ আধাতকৈ বেছিসংখ্যক লোক ক’ভিডত আক্রান্ত হৈছে৷ দৰব প্রস্তুত কোম্পানী থাইৰ’কেয়াৰ টেকন’লজিছৰ সমীক্ষা অনুসৰি ইতিমধ্যে ভাৰতত ৫৫ শতাংশ লোক ক’ভিডত আক্রান্ত হৈছে৷

You might also like