নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২ মাহে অসমে পোৱা নাই এনডিআৰএফৰ অতিৰিক্ত পুঁজি

সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০১৮–১৯ বিত্তীয় বর্ষৰ পৰা চলিত বর্ষৰ ১ ডিচেম্বৰ পর্যন্ত কেন্দ্রীয় চৰকাৰৰ পৰা এন ডি আৰ এফৰ অধীনত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে অতিৰিক্ত কোনো পুঁজি লাভ কৰা নাই৷ আজি সদনত বিধায়ক দেৱব্রত শইকীয়াৰ এক লিখিত প্রশ্ণৰ উত্তৰত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ২০১৮ চনৰ বানপানীত ৰাজ্যখনত হোৱা ক্ষয়–ক্ষতিৰ মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰে ২০১৯ চনৰ ২৩ এপ্রিলত কেন্দ্রীয় চৰকাৰৰ সাহায্য হিচাপে ১৩৮.৩৮ কোটি টকা অনুমোদন জনাইছিল৷ উক্ত অনুমোদিত ধনৰাশি চর্তসাপেক্ষে এছ ডি আৰ এফৰ ৰাহিকৃত ধনৰ ৫০ শতাংশ হাৰত ‘এডজাষ্টমেণ্ট’ কৰাৰ বিষয়ে উল্লেখ কৰে৷ কিন্তু উক্ত সাহায্যৰ ধন ৫০ শতাংশতকৈ কম হোৱা হেতুকে কেন্দ্রীয় চৰকাৰে কোনো অতিৰিক্ত পুঁজি এন ডি আৰ এফৰ শিতানত মোকলাই নিদিয়াৰ কথা উল্লেখ কৰে৷ সেইদৰে পঞ্চদশ বিত্ত আয়োগৰ অনুমোদনৰ আধাৰত কেন্দ্রীয় চৰকাৰে অসমৰ বাবে ২০২০–২১ বিত্তীয় বর্ষত এন ডি আৰ এফ–এছ ডি আৰ এফ শিতানত ধার্য কৰা পুঁজিৰ পৰিমাণ ৮৫৮ কোটি টকা৷ ইয়াৰে প্রথম কিস্তিৰ কেন্দ্রীয় চৰকাৰৰ অংশ (৯০ শতাংশ) ৩৮৬ কোটি টকা ইতিমধ্যে কেন্দ্রীয় চৰকাৰে অসম চৰকাৰলৈ মোকলাই দিছে৷

You might also like