নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩–৪ হাজাৰ টকীয়া ফিল্টাৰ ক্রয় ১৬–১৭ হাজাৰ টকাত

জনস্বাস্থ্যত অস্বাস্থ্যকৰ পৰিৱেশ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ জনস্বাস্থ্যত এতিয়া অস্বাস্থ্যকৰ পৰিৱেশ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ বিভাগটোক এতিয়া লুণ্ঠনস্থলীলৈ ৰূপান্তৰিত কৰিছে কেইজনমান বিষয়া আৰু ঠিকাদাৰৰ এটা বিশেষ লবীয়ে৷ জনৈক দাস উপাধিৰ এজন ঠিকাদাৰৰ স্বার্থত এতিয়া বিভাগীয় সকলো নীতি–নিয়ম বিসর্জন দি সামগ্রী যোগানৰ নামত চলিছে লুণ্ঠন৷ উল্লেখ্য যে বিগত বর্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছ অ’ পি ডি আঁচনিৰ অধীনত ৰাজ্যৰ আর্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী থকা অঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বিশেষ ফিল্টাৰ ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ যোৱা বর্ষত খোৱাপানী আর্ছেনিক আৰু ফ্লৰাইডমুক্ত কৰিবৰ বাবে বিশেষভাৱে নির্মিত ফিল্টাৰ ক্রয়ৰ বাবে বিভাগটোৱে ই–টেণ্ডাৰো আহ্বান কৰিছিল৷ কিন্তু এই নিবিদা প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতো এই দুয়োবিধ ফিল্টাৰৰ দাম কম হোৱা বাবেই এছ অ’ পি ডিৰ সংশ্লিষ্ট ফাইলটো গাপ দি ৰাখিছিল বিভাগীয় বিষয়াৰ লবীটোৱে৷ এই একে আঁচনিৰ অধীনতে যোৱা বর্ষত এনে ফিল্টাৰ বিভাগৰ ষ্ট’ৰ সংমণ্ডলৰ জৰিয়তে ক্রয় কৰাৰ সিদ্ধান্ত লয়৷

আনহাতে, এই বিশেষ ঠিকাদাৰ লবীটোৰ স্বার্থত ই–টেণ্ডাৰৰ পৰিৱর্তে দুয়োবিধ ফিল্টাৰৰ এটা ইউনিটৰ দাম নির্ধাৰণৰ বাবে নিবিদা আহ্বান কৰা হয়৷ এই নিবিদাৰ বাবে কোনো ধৰণৰ বিভাগীয় পার্ছেছ কমিটী গঠন নকৰাকৈ আর্ছেনিকযুক্ত পানী শোধনৰ বাবে ১৭ হাজাৰ টকাৰ ফিল্টাৰ আৰু ফ্লৰাইডযুক্ত পানী শোধনৰ বাবে ১৬ হাজাৰ টকাৰ ফিল্টাৰ ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বিভাগীয় সামগ্রীৰ দাম নির্ধাৰণৰ বিশেষজ্ঞ অথবা কমিটীৰ অনুমোদন নোহোৱাকৈ এই সমগ্র প্রক্রিয়াটো বিভাগৰ মুখ্য অভিযন্তাজনে সম্পন্ন কৰে৷ যোৱা ৩১ ডিচেম্বৰত অৱসৰ গ্রহণ কৰা এই মুখ্য অভিযন্তাজন আকৌ বিভাগীয়ভাৱে অনাময়ৰ দায়িত্বপ্রাপ্ত যদিও এছ অ’ পি ডিৰ দায়িত্বও তেওঁৰ ওপৰতেই ন্যস্ত আছিল৷ প্রথম পর্যায়ত এছ অ’ পি ডিৰ অধীনত প্রায় ৪০ কোটি টকাৰ এনে ফিল্টাৰ ক্রয় কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও বিষয়টো ৰাজ্যৰ মুখ্য সচিবজনৰ অৱগত হোৱাত প্রক্রিয়াটোত স্থবিৰতা আহি পৰে যদিও ইতিমধ্যে অৱসৰৰ পূর্বে মুখ্য অভিযন্তাজনে প্রায় ৪ কোটি টকাৰ এনে ফিল্টাৰ ক্রয়ৰ পকেট টেণ্ডাৰিঙৰ জৰিয়তে অনুমোদন জনায়৷ উল্লেখ্য যে ১৬ আৰু ১৭ হাজাৰ টকাত বিভাগীয়ভাৱে ক্রয় কৰিবলগীয়া এই ফিল্টাৰসমূহৰ বজাৰ মূল্য ৩ৰ পৰা ৪ হাজাৰ মাত্র৷ অর্থাৎ ৰাজ্যবাসীক আর্ছেনিক আৰু ফ্লৰাইডমুক্ত পানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে পাঁচ গুণ অধিক দৰত এই ফিল্টাৰ ক্রয়ৰ ঠিকা প্রদান কৰিছে দাস নেতৃত্বাধীন বিশেষ ঠিকাদাৰ লবীটোক৷

ইয়াৰ জৰিয়তে চাৰি কোটি টকাৰ প্রায় তিনি কোটি টকাই বিভাগীয় বিষয়া–ঠিকাদাৰৰ লবীটোৱে পকেটস্থ কৰাটো নিশ্চিত৷ আনহাতে, এইক্ষেত্রত এতিয়া বিভাগীয় সকলো নীতি–নিয়ম বিসর্জন দিয়াৰো অভিযোগ উত্থাপন হৈছে৷ কিয়নো বিভাগীয় নীতি অনুসৰি ষ্ট’ৰ সংমণ্ডলে কোনো ধৰণৰ সামগ্রী ক্রয় কৰাৰ ক্ষমতা নাই৷ লগতে এক ইউনিটৰ দাম নির্ধাৰণ কৰি সামগ্রী ক্রয়ৰ নিয়মো বিভাগত নাই বুলি জানিব পৰা গৈছে৷ বিশেষ ঠিকাদাৰ লবীটোক ঠিকা দিবৰ বাবেই এতিয়া এক ইউনিট ফিল্টাৰৰ দামৰ বিপৰীতে তাৰ পৰিমাণ পূৰণ কৰি পকেট টেণ্ডাৰিঙৰ কৌশল অৱলম্বন কৰা হৈছে৷ বিভাগীয় নিয়ম অনুসৰি যিসমূহ অঞ্চলত আর্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী আছে, তাৰ পৰা বিভাগীয়ভাৱে ডিমাণ্ড পঠিয়ালেহে এনে ফিল্টাৰ যোগান ধৰা হয়৷ কিন্তু শেহতীয়া ক্রয় প্রক্রিয়াটোত এনে কোনো ডিমাণ্ড নোহোৱাকৈয়ে বিভাগে একমাত্র ঠিকাদাৰৰ স্বার্থত ফিল্টাৰ ক্রয়ৰ প্রক্রিয়া সম্পন্ন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে এই ঠিকাদাৰ লবীটো মন্ত্রী ৰিহণ দৈমাৰীৰো ঘনিষ্ঠ বুলি পৰিচিত৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগত লুণ্ঠন চলোৱা একেটা ঠিকাদাৰ গোষ্ঠীয়েই এতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগক নতুন লুণ্ঠনস্থলী কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এনে লুণ্ঠনৰ ক্ষেত্রত বিভাগীয় মন্ত্রীজনে মৌনতা অৱলম্বন কৰাৰ পাছত এতিয়া সততে দুর্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্রীগৰাকীয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷

You might also like