উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ ৩৫,৭৭০গৰাকী শিক্ষাৰ্থীলৈ স্কুটী
🔹 ছাত্র–ছাত্রীসকলক কক্ষ-লক্ষ্যৰ পৰা আঁতৰি নাযাবলৈ আহ্বান মুখ্যমন্ত্রী ড০ শর্মাৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা মুঠ ৩৫,৭৭০গৰাকী ছাত্র–ছাত্রীক আজি ড০ বাণীকান্ত কাকতি বঁটাৰ অধীনত একোখনকৈ স্কুটী প্রদান কৰে ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুপালন মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই স্কুটীসমূহ প্রদান কৰে৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা প্রৱর্তন কৰা ড০ বাণীকান্ত কাকতি বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ হোৱা শিক্ষার্থীৰ মাজত চৰকাৰৰ তৰফৰ পৰা স্কুটী বিতৰণ কৰা হয়৷ এই বছৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্রী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্রৰ মাজত এই বঁটা দিয়া হয়৷ এই বছৰ ৩০,২০০গৰাকী ছাত্রী আৰু ৫,৫৬৭জন ছাত্রক স্কুটী দিয়া হৈছে৷ গুৱাহাটীত আয়োজিত কেন্দ্রীয় অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড০ বাণীকান্ত কাকতি মেধা বঁটা অসম চৰকাৰৰ বাবে এক উল্লেখযোগ্য কার্যসূচী৷ ছাত্র–ছাত্রীৰ শৈক্ষিক উৎকর্ষতাৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে ড০ বাণীকান্ত কাকতিৰ নামত বঁটা প্রদান কৰে ৷ ২০১৭ চনত এই বঁটা আৰম্ভ কৰা হয় আৰু সেই বছৰ এহেজাৰ ছাত্রীৰ মাজত স্কুটী বিতৰণ কৰা হয়৷ ২০১৮, ২০১৯ৰ পৰা ইয়াৰ পৰিমাণ বৃদ্ধি কৰা হয়৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ২০২১ আৰু ২০২২ চনত এই বঁটা প্রদান কৰিব পৰা নাছিল৷ যোৱা বছৰৰ পৰা এই আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্রসকলকো সামৰি লৈ স্কুটী প্রদান কৰা হয়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই পণ্ডিতপ্রৱৰ ড০ বাণীকান্ত কাকতিৰ জীৱন পৰিক্রমা আৰু তেওঁৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয় যে অসম চৰকাৰে আনন্দৰাম বৰুৱা আৰু ড০ বাণীকান্ত কাকতিৰ নামত মেধা বৃত্তি প্রদান কৰি তেওঁলোকৰ জীৱনগাথা নৱপ্রজন্মৰ মাজলৈ লৈ যোৱাৰ প্রচেষ্টা চলাই আহিছে৷ প্রতিবছৰে এই বঁটাৰ ক্ষেত্রত কিছুসংখ্যক ছাত্র–ছাত্রী বঞ্চিত হোৱাৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে ৩৫ হাজাৰ ছাত্র–ছাত্রীৰ নাম–ঠিকনা সংগ্রহ কৰি পৰীক্ষাৰ নম্বৰৰ লগত তুলনা কৰি বঁটা দিয়াটো কঠিন কাম৷ এইবাৰ কোনো ছাত্র–ছাত্রী বঞ্চিত হ’লে কলেজৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকক অৱগত কৰিলে পৰৱর্তী সময়ত তেওঁলোকক এই বঁটা প্রদান কৰা হ’ব৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই প্রজ্ঞান ভাৰতী আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰাৰ উল্লেখ কৰি কয় যে ইতিমধ্যে স্নাতক শ্রেণীত নামভর্তি কৰা ছাত্র–ছাত্রীসকলক পাঠ্যপুথি ক্রয়ৰ বাবে বেংক একাউণ্টযোগে এহেজাৰ টকাকৈ প্রদান কৰিব৷ সেয়ে সকলো ছাত্র–ছাত্রীক তেওঁলোকৰ কলেজৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকালয়ক বেংক একাউণ্টৰ তথ্য জমা দিবলৈ আহ্বান জনায়৷ সেইদৰে চৰকাৰী বা প্রাদেশীকৃত কলেজৰ হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্র–ছাত্রীসকলৰ হোষ্টেলৰ মেচ ডিউচৰ বাবেও এটা খৰচ চৰকাৰে বহন কৰাৰ উল্লেখ কৰি ইয়াৰ বাবেও ছাত্র–ছাত্রীসকলক এমাহৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ হোষ্টেলৰ অধীক্ষকৰ জৰিয়তে কলেজৰ অধ্যক্ষক জমা দিবলৈ আহ্বান জনায়৷ যাতে অহা ফেব্রুৱাৰী মাহৰ ভিতৰত দুয়োখন আঁচনিৰ ধন ছাত্র–ছাত্রীসকলৰ বেংক একাউণ্টলৈ প্রেৰণ কৰিব পাৰে৷ এই সন্দর্ভত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰৰ লক্ষ্য হ’ল ছাত্র–ছাত্রীসকলৰ পিতৃ–মাতৃয়ে শিক্ষাৰ বাবে যি খৰচ বহন কৰে, তাৰ অলপ হ’লেও বোজা হ্রাস কৰা৷ যোৱা দুই–তিনিটা বছৰত এই প্রজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ছাত্র–ছাত্রীসকলৰ আর্থিক বোজা কিছু হ’লেও চৰকাৰে কান্ধত লৈছে৷ ভৱিষ্যতলৈ প্রজ্ঞান ভাৰতীৰ পৰিসৰ আৰু বৃদ্ধি কৰি চৰকাৰে ছাত্র–ছাত্রীসকলক সহায় কৰি যাব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে চৰকাৰৰ আর্থিক অৱস্থা আৰু ভাল হ’লে অনাগত দিনত পেইং গেষ্টত থকা বা ব্যক্তিগত হোষ্টেলত থকা ছাত্র–ছাত্রীসকলকো চৰকাৰে এনেদৰে সহায়ৰ হাত আগবঢ়াব৷ যোৱা তিনিটা বছৰত বর্তমানৰ ৰাজ্য চৰকাৰখনে অসমত পৰিৱর্তন অনাৰ চেষ্টা কৰি অহাৰ উল্লেখ কৰি কয় যে স্বজন–তোষণ, দুর্নীতিৰ পৰৱর্তে মেধাৰ যাতে সর্বোচ্চ সন্মান আৰু সর্বোচ্চ প্রাপ্তি হয়, তাৰ বাবে কাম কৰি আহিছে৷ প্রতিটো ক্ষেত্রতে মেধাৰ ভিত্তিত এখন সমাজ নির্মাণৰ চেষ্টা কৰিছে৷ যোৱা দুটা বছৰত মেধাৰ ওপৰতে ৯০ হাজাৰ যুৱক–যুৱতীক চৰকাৰী চাকৰি দিছে৷ মেডিকেল–ইঞ্জিনীয়াৰিঙত নামভর্তি, এপিএছচিৰ সকলো ক্ষেত্রতে মেধাৰ সর্বোত্তম প্রাপ্তিৰ লক্ষ্যৰে আগবাঢ়িছোঁ৷ অহা ৫ বছৰত মেধাৰ ভিত্তিত এখন সমাজ নির্মাণ কৰাটোৱেই বর্তমানৰ চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যেতিয়া সভ্যতা আৰু সংস্কৃতি মেধাৰ ওপৰত নির্ভৰশীল হয়, মেধাৰ ওপৰত গঢ়ি উঠে, সেইখন সমাজক কোনেও ধৰি ৰাখিব নোৱাৰে৷ সেইখন সমাজ সদায় জ্ঞান আৰু প্রজ্ঞাৰ আলোকেৰে উদ্ভাসিত হৈ থাকে৷ উচ্চতৰ মাধ্যমিকত অধ্যয়নৰ বয়সটো জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বয়সত পিতৃ–মাতৃৰ পৰা অলপ হ’লেও স্বাধীন হয়৷ সমাজত একো একোজন ভৱিষ্যতৰ স্বাধীন নাগৰিক হিচাপে খোজ কাঢ়িবলৈ আৰম্ভ কৰে৷ ১৮ বছৰ বয়সৰ সময়ছোৱাত কক্ষপথৰ পৰা আঁতৰি যোৱাৰ অজস্র উদাহৰণ আমি দেখা পাওঁ৷ উচ্চতৰ মাধ্যমিকত যথেষ্ট ভাল নম্বৰ লাভ কৰিও কক্ষৰ পৰা আঁতৰি যায় আৰু ভৱিষ্যতৰ দিন কষ্টকৰ হৈ পৰে৷ যিসকলে কক্ষৰ পৰা আঁতৰি নাযায়, তপস্যা অব্যাহত ৰাখে, তেওঁলোকে সমাজত ভোটাতৰাৰ দৰে জিলিকিব পাৰে৷ কক্ষ আৰু লক্ষ্যৰ পৰা যদি আঁতৰি নাযায়, জীৱন সদায় প্রাপ্তিৰ আনন্দেৰে ওপচি থাকিব৷ অন্যথা জীৱন বিষাদেৰে পৰিপূর্ণ হৈ পৰিব৷ ১৮ৰ পৰা ২৫ বছৰৰ সময়ছোৱা যদি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে, জীৱনত কেতিয়াও কষ্টৰ সন্মুখীন হ’ব নালাগে৷
বন্ধুত্বৰ সম্পর্কতো মুখ্যমন্ত্রী ড০ শর্মাই ছাত্র–ছাত্রীসকলক উদ্দেশ্যি কয় যে বন্ধুত্ব এটা ইতিবাচক শব্দ৷ যি বন্ধুত্বৰ সংগই আমাক নেতিবাচক দিশলৈ লৈ যায়, তাৰ পৰা আমি আঁতৰি থাকিব লাগে৷ বন্ধুত্বই যদি শ্রেণীকোঠাৰ পৰা আঁতৰাই ৰাখে, অধ্যয়নৰ পৰা আঁতৰাই ৰাখে, সেই বন্ধুত্ব কেতিয়াও নান্দনিক হ’ব নোৱাৰে৷ সেয়ে প্রতিগৰাকী ছাত্র–ছাত্রীয়ে বন্ধু–বান্ধৱী চিনাক্ত কৰোঁতে সাৱধান হ’ব লাগিব৷ পিতৃ–মাতৃৰ পৰা লাভ কৰা স্বাধীনতাৰ কেতিয়াও অপব্যৱহাৰ কৰিব নালাগিব৷ ছাত্র–ছাত্রীসকলক পিতৃ–মাতৃৰ প্রতি কেতিয়াও অৱহেলা, অৱজ্ঞা নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কেতিয়াবা পিতৃ–মাতৃক অৱহেলা কৰি, অৱজ্ঞা কৰি ক্ষন্তেকীয়া সফলতা লাভ কৰিব পাৰে৷ কিন্তু সেই সফলতা কেতিয়াও স্থায়ী হ’ব নোৱাৰে৷ পিতৃ–মাতৃৰ প্রতি কৃতজ্ঞ হৈ যিসকল ছাত্র–ছাত্রীয়ে নিজৰ জীৱন পথত আগুৱাই যায়, তেওঁলোক বাধাৰ সন্মুখীন হ’লেও সেই বাধাক পৰাজিত কৰি আগবাঢ়িব পাৰে৷ পিতৃ–মাতৃৰ আশীর্বাদ এক অমোঘ শক্তি৷ যিয়ে অসম্ভৱকো সম্ভৱ কৰিব পাৰে৷ আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, ফণীধৰ তালুকদাৰ, শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল, সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ড০ ওম প্রকাশ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ উপস্থিত থাকে৷