এনআৰচি উন্নীতকৰণত ৩৬০ কোটিৰ কেলেংকাৰি
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্রক্রিয়াত বৃহৎ কেলেংকাৰি হোৱাৰ গুৰুতৰ অভিযোগ সঘনাই উত্থাপন কৰি আহিছে আছাম পাব্লিক ৱর্কছ (এ পি ডব্লিউ)–এ৷ এইবাৰ অ’ডিটৰ জেনেৰেলৰ প্রতিবেদনৰ উদ্ধৃতি দি ৰাষ্ট্রীয় নগাৰিকপঞ্জী উন্নীতকৰণৰ সময়ত ৩৬০ কোটি টকাৰ বিসংগতি হোৱা বুলি এ পি ডব্লিউ–এ অভিযোগ কৰিছে৷
মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই কয় যে এন আৰ চিত দুর্নীতিৰ কথা এ পি ডব্লিউৱে সময়ে সময়ে প্রকাশ কৰি আহিছে৷ শেহতীয়াকৈ অ’ডিটৰ জেনেৰেলৰ প্রতিবেদনে এই অনিয়মৰ তথ্য সঁচা বুলি নিশ্চিত কৰিলে৷ এই প্রতিবেদন অনুসৰি ১,৬০০ কোটি টকাৰ এন আৰ চি উন্নীতকৰণৰ সময়ত ৩৬০ কোটি টকাৰ বিসংগতি ঘটিছে৷ ইয়াৰে ডাটা এণ্ড্রী অপাৰেটৰৰ নিযুক্তি আৰু দৰমহাৰ নামত ১৫৫.৮৩ কোটি টকাৰ অনিয়ম হোৱা বুলি অ’ডিটৰ জেনেৰেলে প্রতিবেদনত উল্লেখ কৰিছে৷ সেইদৰে বিভিন্ন এন আৰ চি সেৱা কেন্দ্রৰ বাবে জেনেৰেটৰ ক্রয়ৰ নামত ২১.০৬ কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হৈছে৷
ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ প্রাক্তন ৰাজ্যিক সমন্বয় প্রতীক হাজেলাৰ নেতৃত্বত সংঘটিত এই দুর্নীতিৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিব বুলি উল্লেখ কৰি অভিজিৎ শর্মাই কয়– ‘এন আৰ চি প্রকাশ পোৱাৰ আজি দুবছৰ সম্পূর্ণ হ’ল৷ ২০১৯ চনৰ ৩১ আগষ্টত এন আৰ চি প্রকাশ হোৱাৰ আগৰে পৰা আমি এই নাগৰিকপঞ্জীক লৈ অসন্তুষ্টি প্রকাশ কৰি আহিছোঁ৷ আমি এই নাগৰিকপঞ্জীক লৈ মুঠেও সুখী নহয়৷ কিয়নো এই নাগৰিকপঞ্জীত ৮০ লাখতকৈও অধিক বিদেশী নাগৰিকৰ নাম অন্তর্ভুক্ত হৈছে৷ দুর্নীতি সংঘটিত হৈছে, লিগেচীৰ কিনা–বেচা হৈছে৷ এইখন জাতিৰ দলিল কেতিয়াও হ’ব নোৱাৰে৷ এইখন বাংলাদেশীক ভাৰতীয়কৰণ কৰা এখন দলিলহে৷
বিদেশীৰ নাম যে এন আৰ চিত অন্তর্ভুক্ত হৈছে, সেয়া বর্তমানৰ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে৷ সেই অনুসৰি প্রকৃত বাসিন্দা অর্থাৎ অ’ আই হিচাপে নাম অন্তর্ভুক্তিৰ ক্ষেত্রত সর্বাধিক দুর্নীতি সংঘটিত হৈছে৷ চমৰীয়া, বকো, মৰিগাঁও, দলগাঁও, খাৰুপেটীয়া আদি স্থানত অ’ আই হিচাপে সন্দেহযুক্ত বিদেশীৰ নাম অন্তর্ভুক্ত কৰা হৈছে৷ এন আৰ চি উন্নীতকৰণৰ ক্ষেত্রত ব্যৱহাৰ কৰা ছফ্টৱেৰ ডুপ্লিকেট কৰা হৈছিল, যাতে এই অনিয়ম ধৰাত পেলাব নোৱাৰে৷ এনেধৰণৰ বিভিন্ন বিসংগতিৰ তথ্য বর্তমানৰ সমন্বয়কজনে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে৷’
ইফালে, এন আৰ চি পুনৰীক্ষণ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি এ পি ডব্লিউৰ সভাপতিজনে কয় যে ৰাজ্য চৰকাৰে ১০–২০ শতাংশ পুনৰীক্ষণৰ কথা কৈ আহিছে৷ সমন্বয়কজনে ১০০ শতাংশ পুনৰীক্ষণ বিচাৰিছে৷ সেয়েহে এ পি ডব্লিউৱেও ১০০ শতাংশ পুনৰীক্ষণ হ’ব লাগে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়– ‘এক পৰিকল্পিত ব্যৱস্থাৰে অবৈধ বিদেশীৰ দালালি কৰা এটা বিশেষ শ্রেণীয়ে প্রায় ৮০ লাখ বাংলাদেশীক ভাৰতীয়কৰণ কৰিছে এই এন আৰ চিৰ জৰিয়তে৷ যাৰ বাবে এই বিশেষ শ্রেণীটোৱে কোনো কাৰণতে এন আৰ চিৰ পুনৰীক্ষণ হোৱাটো নিবিচাৰে৷ আমি সম্পূর্ণ পুনৰীক্ষণ বিচাৰিছোঁ৷ সকলো জিলাতে এই পুনৰীক্ষণৰ প্রয়োজনীয়তাও নাই৷ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, দক্ষিণ শালমাৰা, গোৱালপাৰা, নলবাৰী, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, নগাঁও, মৰিগাঁও, হোজাই, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত পুনৰ ১০০ শতাংশ পুনৰীক্ষণ কৰক৷ এই জিলাসমূহত পুনৰীক্ষণ কৰিলে ৮০ লাখ বাংলাদেশীৰ নাম ওলাই পৰিব৷’
ইফালে, প্রাক্তন সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰা এ পি ডব্লিউৱে কয় যে প্রতীক হাজেলাৰ বিৰুদ্ধে তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই গৃহ বিভাগলৈ ফাইল প্রেৰণ কৰা ছমাহ অতিক্রম কৰিলে৷ কিন্তু অসমত কর্মৰত হাজেলাৰ একাংশ ঘনিষ্ঠ বিষয়াই এই ফাইল গাপ দি ৰাখিলে৷ যাৰ বাবে হাজেলাৰ বিৰুদ্ধে উচিত তদন্ত আজিপর্যন্ত নহ’ল৷ ডাটা এণ্ড্রী অপাৰেটৰৰ নিযুক্তি আৰু দৰমহাৰ ক্ষেত্রত ২০১৭ চনতে হাজেলাৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰি অভিজিৎ শর্মাই কয়– ‘২০১৭ চনত ডাটা এণ্ড্রী অপাৰেটৰ নামত খেলিমেলি হৈছে বুলি আমি অভিযোগ আনিছিলোঁ৷ সেই সময়ত ৰঞ্জন গগৈয়ে আমাক জে’লত ভৰাম বুলি ধমক দি মনে মনে থাকিব দিলে৷ আমাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিলে৷ আমি ক্ষমা খুজিবলগীয়া হ’ল৷
এতিয়া অ’ডিটৰ জেনেৰেলৰ প্রতিবেদনত খেলিমেলি হোৱা বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ ২০১৭চ নতে তদন্ত কৰিলে আজি ১৫৫.৮২ কোটি টকাৰ খেলিমেলি নাপালেহেঁতেন৷ সেই সময়ত এজন মানুহে হাজেলাক সুবিধা কৰি দিলে৷’ সেয়েহে হাজেলাৰ দুর্নীতি আৰু অ’ডিটৰ জেনেৰেলৰ দ্বাৰা প্রকাশিত প্রতিবেদনত উন্মোচিত ব্যাপক ধনৰ অনিয়ম এই দুয়োটা বিষয়তে তদন্ত বিচাৰি তেওঁলোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি শর্মাই সংবাদ মেলত প্রকাশ কৰে৷