নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৩টা ব্ৰেণ্ডৰ পাণ মচলাত বিষাক্ত মেগনেছিয়াম কাৰ্বনেট

🔹 ৰাজ্য চৰকাৰলৈ জাননী জাৰি উচ্চ ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২৬ আগষ্ট : অসমত মুঠ ৪৩টা ব্ৰেণ্ডৰ পাণ মচলাত আছে বিষাক্ত মেগনেছিয়াম কাৰ্বনেট। এই অভিযোগ উত্থাপন কৰি পাণ মচলাৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰে জিতুল ডেকাই। আবেদনকাৰী জিতুল ডেকাই পাণ মচলাত মেগনেছিয়াম কাৰ্বনেট চমুকৈ “MgCO3″ৰ উপস্থিতিক লৈ পিআইএলখন দাখিল কৰিছিল। এনে পাণ মচলাৰ উৎপাদন, সংৰক্ষণ, বিতৰণ, পৰিবহণ, প্ৰদৰ্শন আৰু বিক্ৰী বৃহৎ পৰিসৰত চলি আছে। ৫৯/২০২৩নং ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে চৰকাৰলৈ জাননী জাৰি কৰিছে। তদুপৰি স্বাস্থ্যসেৱাৰ সঞ্চালক, স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক আৰু খাদ্য সুৰক্ষাৰ আয়ুক্তলৈও জাননী জাৰি কৰে। আবেদনকাৰীৰ অধিবক্তা অমিত গোৱালে আদালতক জনায় যে বৈজ্ঞানিক গৱেষণা অনুসৰি MgCO3যুক্ত পাণ মচলা সেৱন কৰিলে একুইট হাইপাৰ মেগনেছিয়া, কাৰ্ডিয়াক এৰেষ্ট আৰু কেঞ্চাৰ হয়। এই পাণ মচলাসমূহৰ উৎপাদন সংৰক্ষণ, বিতৰণ, পৰিবহণ আৰু প্ৰদৰ্শনে খাদ্য সুৰক্ষা আৰু মানৰ ধাৰা ২৬ স্পষ্টভাৱে উলংঘা কৰিছে।

You might also like