নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৭ সমষ্টিৰ ৩২টাতেই টার্ম কার্ড বাগিচাৰ ভোট

প্রথম পর্যায়ৰ নির্বাচনত শাসক–বিৰোধীৰ ভৰসা চাহ জনগোষ্ঠী

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ  অহা ২৭ মার্চত ভোটগ্রহণ হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনৰ ৪৭টা সমষ্টিৰ ভিতৰত ৩২টাতে চাহ জনগোষ্ঠীয় ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ সেই সমষ্টিসমূহ হছে– বিশ্বনাথ, বিহালী, গহপুৰ, ঢ়েকীয়াজুলি, বৰছলা, ৰঙাপৰা, গোলাঘাট, খুমটাই, দেৰগাঁও, তিতাবৰ, মৰিয়নি, টীয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থাওৰা, কলিয়াবৰ, বোকাখাত, সৰুপথাৰ, লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, চাবুৱা, তিনিচুকীয়া, নাওবৈচা, মৰাণ, ডিগবৈ, মার্ঘেৰিটা, ডুমডুমা আৰু শদিয়া৷ চাহ জনগোষ্ঠীৰ ভোটাৰৰ ওপৰত নির্ভৰশীল সেই সমষ্টিকেইটাত জনগোষ্ঠীটোৰ ভোটাৰক আকৃষ্ট কৰাৰ বাবে ইতিমধ্যে উবুৰি খাই পৰিছে শাসক–বিৰোধী৷ জনগোষ্ঠীটোক টার্ম কার্ড হিচাপে লৈ নির্বাচনত সাফল্যৰ মুখ দেখাৰ উদ্দেশ্য সন্মুখত লৈয়ে শাসক–বিৰোধী সকলো এতিয়া জনগোষ্ঠীটোৰ মন জয়ৰ বাবে থৰকাছুটি হেৰুৱাই ৰণাংগনত নামি পৰিছে৷ ৰাজ্যৰ শাসকীয় আৰু বিৰোধীৰ নেতা–কর্মীৰ উপৰি যোৱা কেইদিনমানৰ পৰা বিজেপি আৰু কংগ্রেছৰ ৰাষ্ট্রীয় নেতৃত্বয়ো জনগোষ্ঠীটোক প্রভাৱান্বিত কৰাৰ বাবে হাই ভল্টেজ প্রচাৰ চলাই আছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে চাবুৱা আৰু বোকাখাতত, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জোনাই, মাজুলী, বটদ্রৱা, মার্ঘেৰিটা, নাজিৰা, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে বিশ্বনাথ, গহপুৰ, দেৰগাঁও, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই তিতাবৰ, টিংখাং, বিহালীত ইতিমধ্যে নির্বাচনী সমাৱেশ অনুষ্ঠিত কৰি ৰণডংকা বজায়৷

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও এইকেইদিন ধাৰাবাহিকভাৱে বিভিন্ন সমষ্টিত নির্বাচনী প্রচাৰকার্য অব্যাহত ৰাখিছে৷ নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নাহৰকটীয়া, মৰিয়নি, বটদ্রৱা, কলিয়াবৰ, তিনিচুকীয়া, মাহমৰা, ডুমডুমা, থাওৰা, সোণাৰি, মৰাণ, ৰঙাপৰা, গহপুৰ, বিহপুৰীয়া, ধেমজিকে ধৰি বিভিন্ন সমষ্টিত পূর্ণগতিত নির্বাচনী প্রচাৰ চলাই আহিছে৷ এ

ইক্ষেত্রত পিছপৰি থকা নাই বিৰোধী কংগ্রেছো৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে চাহ জনগোষ্ঠী অধ্যুষিত লাহোৱাল, চাবুৱা, ডুমডুমা, ডিগবৈ, মৰিয়নি, গহপুৰত ইতিমধ্যে নির্বাচনী প্রচাৰ চলাই গৈছে৷ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়েও যোৰহাট, নাজিৰা, খুমটাই, সৰুপথাৰ, কলিয়াবৰ, বটদ্রৱা, লখিমপুৰ, বিহপুৰীয়া, গহপুৰ, বিশ্বনাথ, তেজপুৰত নির্বাচনী প্রচাৰ চলায়৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে ধেমাজি, সোণাৰি, জোনাই, নাহৰকটীয়া, শদিয়াকে ধৰি বিভিন্ন সমষ্টিত ধাৰাবাহিকভাৱে প্রচাৰকার্য অব্যাহত ৰাখিছে৷ চাহ জনগোষ্ঠী অধুষিত অঞ্চলত কংগ্রেছৰ হূত ভাবমূর্তি পুনৰুদ্ধাৰৰ বাবে ছত্তিশগড়ৰ কেইবাগৰাকী মন্ত্রী–বিধায়ক আৰু কংগ্রেছ নেতাই ৰাজ্যখনত প্রচাৰ চলাই থকাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ পৰা অহা শ শ কংগ্রেছী ইতিমধ্যে বাগিচাসমূহত সোমাই পৰাৰ খবৰ পোৱা গৈছে৷

উল্লেখ্য যে চাহ জনগোষ্ঠীৰ ভোটাৰে নির্বাচনী ফলাফলত নির্ণায়ক ভূমিকা গ্রহণ কৰা বিশ্বনাথ সমষ্টিত মুঠ ভোটাৰৰ ২৮ শতাংশই হৈছে চাহ জনগোষ্ঠীৰ৷ ১৬ শতাংশ ভোটাৰেৰে ধর্মীয় সংখ্যালঘু সমষ্টিটোত দ্বিতীয় স্থানত আছে৷ সমষ্টিটোত অসমীয়া হিন্দু ১৫ শতাংশ, বাঙালী হিন্দু ৮ শতাংশ, অ’ বি চি ৯ শতাংশ, ভৈয়াম জনজাতি ৪ শতাংশ, পার্বত্য জনজাতি ৫ শতাংশ, অনুসূচিত জাতি ৩ শতাংশ, নেপালী ১০ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ সেইদৰে বিহালী সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ৫২ শতাংশ৷ দ্বিতীয় স্থানত আছে নেপালী জনগোষ্ঠী৷ জনগোষ্ঠীটোৰ ভোটাৰৰ হাৰ ১০ শতাংশ৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ১০ শতাংশ, বাঙালী হিন্দু ৭ শতাংশ, অ’ বি চি ৪ শতাংশ, ভৈয়াম জনজাতি ৪ শতাংশ, অনুসূচিত জাতি ২ শতাংশ, ধর্মীয় সংখ্যালঘু ৭ শতাংশ আৰু অন্যান্য ৪ শতাংশ৷

একেদৰে গহপুৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ২০ শতাংশ ভোটাৰ আছে৷ অৱশ্যে সমষ্টিটোত জনজাতি ভোটাৰৰ হাৰ ২৯ শতাংশ৷ অন্যান্য জনগোষ্ঠী ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ১৫ শতাংশ, বাঙালী হিন্দু ৩ শতাংশ, অ’ বি চি ২১ শতাংশ, নেপালী ৮ শতাংশ আৰু অন্যান্য ৪ শতাংশ৷ ঢ়েকীয়াজুলি সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ৩৭ শতাংশ৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীয় ভোটাৰৰ হাৰ এনেধৰণৰ– বাঙালী হিন্দু ১৬ শতাংশ, অসমীয়া হিন্দু ৭ শতাংশ, অ’ বি চি ১০ শতাংশ, ভৈয়াম জনজাতি ৯ শতাংশ, ধর্মীয় সংখ্যালঘু ১৫ শতাংশ, নেপালী ৪ শতাংশ আৰু অন্যান্য ২ শতাংশ৷

আনহাতে, বৰছলা সমষ্টিত চাহ জনগোষ্ঠীৰ ১৪ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ১৮ শতাংশ, বাঙালী হিন্দু ১২ শতাংশ, অ’ বি চি ১১ শতাংশ, ভৈয়াম জনজাতি ১৪ শতাংশ, ধর্মীয় সংখ্যালঘু ১৮ শতাংশ, অনুসূচিত জাতি ৩ শতাংশ, নেপালী ৭ শতাংশ, অন্যান্য ৩ শতাংশ৷ সেইদৰে ৰঙাপৰা সমষ্টিত চাহ জনগোষ্ঠীৰ ৫২ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– বাঙালী হিন্দু ১০ শতাংশ, অসমীয়া হিন্দু ৮ শতাংশ, অ’ বি চি ৫ শতাংশ, জনজাতি ৩ শতাংশ, ধর্মীয় সংখ্যালঘু ১২ শতাংশ, নেপালী ৫ শতাংশ আৰু অন্যান্য ৫ শতাংশ৷ একেদৰে গোলাঘাট সমষ্টিত চাহ জনগোষ্ঠীৰ ১৪ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ হৈছে ক্রমে– অসমীয়া হিন্দু ২৪ শতাংশ, বাঙালী হিন্দু ৬ শতাংশ, অ’ বি চি ৩৮ শতাংশ, ভৈয়াম জনজাতি ৮ শতাংশ, অনুসূচিত জাতি ২ শতাংশ, হিন্দীভাষী ৫ শতাংশ আৰু অন্যান্য ৩ শতাংশ৷ খুমটাই সমষ্টিত চাহ জনগোষ্ঠীৰ ২১ শতাংশ ভোটাৰ আছে৷ ইয়াৰ বিপৰীতে সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ক্রমে– অসমীয়া হিন্দু ২৮ শতাংশ, বাঙালী হিন্দু ৪ শতাংশ, অ’ বি চি ৩৩ শতাংশ, ধর্মীয় সংখ্যালঘু ৭ শতাংশ, অনুসূচিত জাতি ৪ শতাংশ আৰু অন্যান্য ৩ শতাংশ৷ দেৰগাঁও সমষ্টিত চাহ জনগোষ্ঠীৰ ১৪ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ৪১ শতাংশ, বাঙালী হিন্দু ২ শতাংশ, অ’ বি চি ১০ শতাংশ, ভৈয়াম জনজাতি ১২ শতাংশ, ধর্মীয় সংখ্যালঘু ৭ শতাংশ, অনুসূচিত জাতি ১২ শতাংশ আৰু অন্যান্য ২ শতাংশ৷ ইপিনে তিতাবৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ২৪ শতাংশ৷ এই সমষ্টিটোত অন্যান্য জাতি–জনগোষ্ঠী ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ৩৬ শতাংশ, বাঙালী হিন্দু ৭ শতাংশ, অ’ বি চি ১৬ শতাংশ, ভৈয়াম জনজাতি ৮ শতাংশ, ধর্মীয় সংখ্যালঘু ৬ শতাংশ আৰু অন্যান্য ৩ শতাংশ৷ সেইদৰে মৰিয়নি সমষ্টিত ৪৪ শতাংশ চাহ জনগোষ্ঠীয় ভোটাৰ আছে৷

ইয়াৰ বিপৰীতে সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ১৬ শতাংশ, বাঙালী হিন্দু ১৪ শতাংশ, অ’ বি চি ১৭ শতাংশ, ধর্মীয় সংখ্যালঘু ৪ শতাংশ, অন্যান্য ৫ শতাংশ৷ অনুৰূপ ধৰণে টীয়ক সমষ্টিত ১৪ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ থকাৰ বিপৰীতে অসমীয়া হিন্দু ৪৭ শতাংশ, বাঙালী হিন্দু ২ শতাংশ, অ’ বি চি ২৩ শতাংশ, ভৈয়াম জনজাতি ৪ শতাংশ, অনুসূচিত জাতি ৩ শতাংশ, ধর্মীয় সংখ্যালঘু ৬ শতাংশ আৰু অন্যান্য ১ শতাংশ ভোটাৰ আছে৷ সেইদৰে আমগুৰি সমষ্টিত ১২ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ থকাৰ বিপৰীতে অ’ বি চি ৪৮ শতাংশ, অসমীয়া হিন্দু ২৬ শতাংশ, বাঙালী হিন্দু ৩ শতাংশ, অনুসূচিত জাতি ২ শতাংশ, ধর্মীয় সংখ্যালঘু ৫ শতাংশ আৰু অন্যান্য ৪ শতাংশ ভোটাৰ আছে৷ একেদৰে নাজিৰা সমষ্টিত চাহ জনগোষ্ঠীৰ ৩০ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ৩৬ শতাংশ, অসমীয়া হিন্দু ১২ শতাংশ, বাঙালী হিন্দু ৪ শতাংশ, ধর্মীয় সংখ্যালঘু ১২ শতাংশ, হিন্দীভাষী ৩ শতাংশ আৰু অন্যান্য ৩ শতাংশ৷

মাহমৰা সমষ্টিত চাহ জনগোষ্ঠীৰ ৩০ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ৪৪ শতাংশ, অসমীয়া হিন্দু ১২ শতাংশ, বাঙালী হিন্দু ৩ শতাংশ, ধর্মীয় সংখ্যালঘু ৪ শতাংশ আৰু অন্যান্য ৭ শতাংশ৷ আনহাতে, সোণাৰি সমষ্টিত চাহ জনগোষ্ঠীৰ ৩৬ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ হৈছে– অ’ বি চি ৩০ শতাংশ, অসমীয়া হিন্দু ১১ শতাংশ, বাঙালী হিন্দু ৯ শতাংশ, ভৈয়াম জনজাতি ৩ শতাংশ, ধর্মীয় সংখ্যালঘু ৫ শতাংশ আৰু অন্যান্য ৬ শতাংশ৷ থাওৰা সমষ্টিত ২১ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ থকাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ৪৭ শতাংশ, অসমীয়া হিন্দু ১২ শতাংশ, বাঙালী হিন্দু ৩ শতাংশ, ভৈয়াম জনজাতি ৮ শতাংশ, ধর্মীয় সংখ্যালঘু ৪ শতাংশ আৰু অন্যান্য ৫ শতাংশ৷

কলিয়াবৰ সমষ্টিত ২১ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ক্রমে– অসমীয়া হিন্দু ১৮ শতাংশ, বাঙালী হিন্দু ৯ শতাংশ, অ’ বি চি ১৭ শতাংশ, ভৈয়াম জনজাতি ৩ শতাংশ, পার্বত্য জনজাতি ৫ শতাংশ, ধর্মীয় সংখ্যালঘু ১৪ শতাংশ, নেপালী ৬ শতাংশ, হিন্দীভাষী ৫ শতাংশ, অন্যান্য ২ শতাংশ৷ বোকাখাত সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ২৭ শতাংশ৷ ইয়াৰ বিপৰীতে সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ৩৫ শতাংশ, বাঙালী হিন্দু ৯ শতাংশ, ভৈয়াম জনজাতি ১৫ শতাংশ, অ’ বি চি ৭ শতাংশ, অন্যান্য ৭ শতাংশ৷ সেইদৰে সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ৩০ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ক্রমে– অসমীয়া হিন্দু ২২ শতাংশ, বাঙালী হিন্দু ৬ শতাংশ, অ’ বি চি ১৬ শতাংশ, ভৈয়াম জনজাতি ৯ শতাংশ, ধর্মীয় সংখ্যালঘু ৬ শতাংশ, নেপালী ৬ শতাংশ আৰু অন্যান্য ৫ শতাংশ৷

একেদৰে লাহোৱাল সমষ্টিত ৪৫ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷ ইয়াৰ বিপৰীতে সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ক্রমে– অ’ বি চি ২০ শতাংশ, অসমীয়া হিন্দু ১৪ শতাংশ, বাঙালী হিন্দু ৭ শতাংশ, ভৈয়াম জনজাতি ৫ শতাংশ, ধর্মীয় সংখ্যালঘু ৫ শতাংশ আৰু অন্যান্য ৪ শতাংশ৷ একেদৰে দুলীয়াজান সমষ্টিত চাহ জনগোষ্ঠীৰ ৩৬ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অ’ বি চিৰ ২১ শতাংশ, অসমীয়া হিন্দু ১৮ শতাংশ, বাঙালী হিন্দু ৭ শতাংশ, ভৈয়াম জনজাতি ৫ শতাংশ, ধর্মীয় সংখ্যালঘু ৩ শতাংশ, হিন্দীভাষী ৫ শতাংশ আৰু অন্যান্য ৫ শতাংশ ভোটাৰ আছে৷ অনুৰূপ ধৰণে টিংখাং সমষ্টিত চাহ জনগোষ্ঠীৰ ৩৭ শতাংশ ভোটাৰ থকাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ ক্রমে– অ’ বি চি ৩৩ শতাংশ, অসমীয়া হিন্দু ১৪ শতাংশ, বাঙালী হিন্দু ২ শতাংশ, ভৈয়াম জনজাতি ৬ শতাংশ, নেপালী ৩ শতাংশ আৰু অন্যান্য ৫ শতাংশ৷ সেইদৰে নাহৰকটীয়া সমষ্টিত চাহ জনগোষ্ঠীৰ ৩১ শতাংশ ভোটাৰৰ বিপৰীতে অ’ বি চি ২৭ শতাংশ, অসমীয়া হিন্দু ২২ শতাংশ, বাঙালী হিন্দু ৯ শতাংশ, ভৈয়াম জনজাতি ৩ শতাংশ, ধর্মীয় সংখ্যালঘু ২ শতাংশ আৰু অন্যান্য ৬ শতাংশ ভোটাৰ আছে৷

একেদৰে চাবুৱা সমষ্টিত চাহ জনগোষ্ঠীৰ ৪১ শতাংশ ভোটাৰৰ বিপৰীতে অ’ বি চি ১৬ শতাংশ, অসমীয়া হিন্দু ১৫ শতাংশ, বাঙালী হিন্দু ১০ শতাংশ, অনুসূচিত জাতি ৩ শতাংশ, হিন্দীভাষী ৫ শতাংশ, ভৈয়াম জনজাতিৰ ৫ শতাংশ আৰু অন্যান্য ৫ শতাংশ ভোটাৰ আছে৷ তিনিচুকীয়া সমষ্টিত ২৪ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ হৈছে– অসমীয়া হিন্দু ১৯ শতাংশ, বাঙালী হিন্দু ২৭ শতাংশ, অ’ বি চি ৬ শতাংশ, ধর্মীয় সংখ্যালঘু ৩ শতাংশ, হিন্দীভাষী ১৫ শতাংশ, নেপালী ৪ শতাংশ, অন্যান্য ২ শতাংশ৷ ইপিনে নাওবৈচা সমষ্টিত ২০ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷ অৱশ্যে সমষ্টিটোত ধর্মীয় সংখ্যালঘুৰ ভোটাৰ আছে ৩০ শতাংশ৷ অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ২১ শতাংশ, বাঙালী হিন্দু ৭ শতাংশ, ভৈয়াম জনজাতি ৮ শতাংশ, নেপালী ৪ শতাংশ, অ’ বি চি ৮ শতাংশ, অন্যান্য ২ শতাংশ৷

মৰাণ সমষ্টিত চাহ জনগোষ্ঠীৰ ৩০ শতাংশ ভোটাৰ থকাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ৩২ শতাংশ, অসমীয়া হিন্দু ১৩ শতাংশ, বাঙালী হিন্দু ৪ শতাংশ, ভৈয়াম জনজাতি ৮ শতাংশ, অনুসূচিত জাতি ৩ শতাংশ, নেপালী ৪ শতাংশ আৰু অন্যান্য ৬ শতাংশ৷ সেইদৰে ডিগবৈ সমষ্টিত চাহ জনগোষ্ঠীৰ ৩১ শতাংশ ভোটাৰ থকাৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ১২ শতাংশ, অসমীয়া হিন্দু ২১ শতাংশ, বাঙালী হিন্দু ২২ শতাংশ, ধর্মীয় সংখ্যালঘু ৪ শতাংশ. হিন্দীভাষী ৭ শতাংশ আৰু অন্যান্য ৩ শতাংশ৷ একেদৰে মার্ঘেৰিটা সমষ্টিত ২৭ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷ সমষ্টিটোত অন্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ১২ শতাংশ, অসমীয়া হিন্দু ২১ শতাংশ, বাঙালী হিন্দু ১৪ শতাংশ, ধর্মীয় সংখ্যালঘু ৩ শতাংশ, নেপালী ১৫ শতাংশ, হিন্দীভাষী ৩ শতাংশ, অন্যান্য ৫ শতাংশ৷ ইফালে ডুমডুমা সমষ্টিত ৬১ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷ সমষ্টিটোত অসমীয়া হিন্দু ১১ শতাংশ, বাঙালী হিন্দু ৮ শতাংশ, অ’ বি চি ৬ শতাংশ, ধর্মীয় সংখ্যালঘু ৩ শতাংশ, হিন্দীভাষী ৮ শতাংশ আৰু অন্যান্য ৩ শতাংশ ভোটাৰ আছে৷

সেইদৰে শদিয়া সমষ্টিত চাহ জনগোষ্ঠীৰ ১৬ শতাংশ ভোটাৰ থকাৰ বিপৰীতে সমষ্টিটোত অ’ বি চি ২৯ শতাংশ, ভৈয়াম জনজাতি ১৭ শতাংশ, অসমীয়া হিন্দু ১১ শতাংশ, বাঙালী হিন্দু ৬ শতাংশ, নেপালী ১৫ শতাংশ, হিন্দীভাষী ৩ শতাংশ আৰু অন্যান্য ৩ শতাংশ ভোটাৰ আছে৷ এই সমষ্টিসমূহৰ উপৰি তেজপুৰত ৩ শতাংশ, চতিয়াত ৯ শতাংশ, যোৰহাটত ৯ শতাংশ, চামগুৰিত ৭ শতাংশ, ডিব্রুগড়ত ৮ শতাংশ, লখিমপুৰত ৮ শতাংশ, ঢ়কুৱাখনাত ৭ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে৷

You might also like