নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : বিটিআৰ চুক্তিৰ চতুৰ্থ বৰ্ষ উদযাপন উপলক্ষে আজি পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ ঐতিহাসিক মা মহামায়া মন্দিৰৰ আস্থানৰ পৰা বগৰীবাৰীৰ ঐতিহাসিক ২৫ হাত কালী মন্দিৰ প্ৰাংগণলৈকে এক পদযাত্ৰা উলিওৱা হয়। বিটিআৰ অঞ্চলত শান্তি চুক্তি সম্পন্ন হোৱাৰ চতুৰ্থ বৰ্ষ উপলক্ষে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰাক্তন এমচিএলএ তথা ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আফজাল হক সৰকাৰ, পৰ্বতঝোৰা ইউ পি পি এলৰ জিলা সভাপতি প্ৰসেন ব্ৰহ্ম, পৰ্বতঝোৰাৰ এলচিচিৰ সভাপতি উত্তম হাজোৱাৰীৰ লগতে বিভিন্ন ভিচিডিচিৰ অন্তৰ্গত দলীয় কৰ্মকৰ্তাসকলকে ধৰি কেইবাসহস্ৰ দলীয় সমৰ্থকে। পৰ্বতঝোৰা জিলা ইউ পি পি এলৰ এই বিশাল পদযাত্ৰাৰ মূল উদ্দেশ্য আছিল শান্তি উদযাপন, প্ৰগতিৰ উপলব্ধিৰে পথযাত্ৰাৰ শুভাৰম্ভ হয় বুলি জানিবলৈ দিয়ে। আজিৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰা কৰ্মকৰ্তাসকলে বিটিআৰ অঞ্চলত স্থাপন হোৱা শান্তি-প্ৰগতিৰ বাবে বিভিন্ন ধৰণৰ শ্লোগান দিয়ে। এই বিশাল পদযাত্ৰা ২৫ হাত কালী মন্দিৰ প্ৰাংগণত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাসকলে মত ব্যক্ত কৰি কয় যে বিটিআৰ অঞ্চলৰ বাসিন্দাই হিংসাবৰ্জিত পৰিৱেশত সকলো জাতি-ধৰ্ম-বৰ্ণৰ ৰাইজে শান্তিৰ পৰিৱেশত আৰু আস্থাৰ বাতাৱৰণৰ মাজত বসবাস কৰি আছে। লগতে উল্লেখ কৰে যে শান্তি চুক্তিৰ বাবে বিটিআৰ অঞ্চলত সকলো ফালৰ পৰা উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে বুলি আজিৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰা দলীয় কৰ্মকৰ্তাসকলে উল্লেখ কৰে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী