মৰ্মান্তিক! গোসাঁইগাঁৱত পিতৃ-মাতৃসহ তিনি গাভৰু কন্যাৰ সামূহিক আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ গোসাঁইগাঁৱৰ তুলসী বজাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। একেটা পৰিয়ালৰ তিনি কন্যাসহ পিতৃ-মাতৃয়ে কৰিছে আত্মহত্যা। আত্মহত্যাৰ কাৰণ বিস্তৃতভাৱে জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ ভাষ্য অনুসৰি পৰিয়ালটো ঋণগ্ৰস্ত হৈ আছিল।
আত্মহত্যা কৰা পৰিয়ালটোৰ মুৰব্বী নিৰ্মল পালে আজি ২৫ বছৰজুৰি তুলসীবজাৰত ঘৰ ভাড়া লৈ আছিল। কৃষ্ণাইৰ বাসিন্দা নিৰ্মল পালে তুলসীবজাৰত এটা ছাব গেছ এজেন্সী খুলি পৰিয়ালৰ ভৰণ-পোষণ দিছিল। কিন্তু ঋণত ডুব যোৱা পৰিয়ালটোৱে অন্য উপায় নেদেখি আত্মহত্যাৰ পথ বাছি লয়।
নিৰ্মল পালৰ লগতে তেওঁৰ পত্নী মল্লিকা, তিনি কন্যা ক্ৰমে দীপা, পূজা আৰু স্নেহাই একেটা কোঠাতে চিপ লৈ আত্মহত্যা কৰে। পালৰ ডাঙৰ ছোৱালী পূজা পালে বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰি তুলসীবিল জাতীয় বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল আৰু দ্বিতীয় ছোৱালীজনী উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ আৰু কনিষ্ঠ ছোৱালী স্নেহা পাল দশম শ্ৰেণীত অধ্যয়নৰত আছিল।
স্থানীয় লোকৰ ভাষ্য অনুসৰি নিৰ্মল পাল আত্মসন্মানবোধসম্পন্ন লোক আছিল যদিও আৰ্থিক সংকট তথা ঋণগ্ৰস্ত অৱস্থাৰ পৰা মুক্তিৰ পথ নেদেখি আত্মহত্যাৰ পথ লয়।
উক্ত ঘটনাত আশ্চৰ্য হৈ পৰা স্থানীয় লোকে অৱশ্যে ঘটনাৰ উচিত তদন্ত দাবী কৰে। বাঙালী যুৱ ছাত্ৰ পৰিষদেও ঘটনাৰ উচিত তদন্ত দাবী কৰে।