নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰত অসমত ৩১.২৬ লাখ ভোটাৰ বৃদ্ধি

নির্বাচনত ১৮ৰ পৰা ৩০ বছৰৰ ভোটাৰে নির্ণয় কৰিব প্রার্থীৰ ভৱিষ্যৎ

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ বিধানসভা নির্বাচনক লৈ আৰম্ভ হোৱা ব্যাপক তৎপৰতাৰ মাজতে ৰাজনৈতিক দলসমূহৰ এইবাৰ লক্ষ্য হৈ পৰিছে ৰাজ্যৰ যুৱ ভোটাৰসকল৷ প্রায় প্রতিটো ৰাজনৈতিক দলে এইবাৰ যুৱ ভোটাৰক লক্ষ্য কৰি আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ৷ শাসকীয় বিজেপিৰ লগতে প্রধান বিৰোধী দল কংগ্রেছ তথা নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ  আৰু ৰাইজৰ দলেও যুৱ ভোটাৰক আগত লৈয়ে বিধানসভা নির্বাচনৰ বাবে প্রস্তুত কৰি তুলিছে ৰণকৌশল৷ উল্লেখ্য যে শেহতীয়াকৈ প্রকাশ পোৱা ভোটাৰ তালিকাত এইবাৰ ১৮ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত আছে সর্বাধিক ভোটাৰ৷ অর্থাৎ ১৮ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ প্রায় ৬৯ লাখ ভোটাৰে এইবাৰ নির্ণয় কৰিব প্রার্থীৰ ভাগ্য৷ মুখ্যতঃ ইয়াকে লৈ যুৱ ভোটাৰক আকর্ষিত কৰাৰ লক্ষ্য কৰি লৈছে ৰাজনৈতিক দলসমূহে৷ যোৱা ১৮ জানুৱাৰীত প্রকাশ পোৱা ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ২০ বছৰ বয়সৰ পৰা ২৯ বছৰ বয়সলৈ এইবাৰ ভোটাৰ তালিকাত স্থান পাইছে ৬৪,২৯,৩৭৮গৰাকী ভোটাৰে৷ ইয়াৰে ৩২,৩২,৭৯৫গৰাকী পুৰুষ ভোটাৰ আৰু ৩১,৯৬,৫৮৩গৰাকী মহিলা ভোটাৰ৷ আনহাতে, ১৮ বছৰৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত প্রথমবাৰৰ বাবে ভোটাধিকাৰ পোৱা ভোটাৰৰ সংখ্যা হ’ল ৪,২০,৭৯২গৰাকী৷ ইয়াৰে ২,৩৬,৮৯৩গৰাকী পুৰুষ ভোটাৰ আৰু ১,৮৩,৮৮৯গৰাকী মহিলা ভোটাৰ৷ ২০১৬ চনৰ বিধানসভা নির্বাচনতকৈ ১৫ শতাংশতকৈ অধিক যুৱ ভোটাৰৰ বৃদ্ধিয়ে স্বাভাৱিকতে ৰাজনৈতিক দলসমূহৰ বাবে সৃষ্টি কৰিছে প্রত্যাহ্বান৷ সেয়েহে যুৱ ভোটাৰক লক্ষ্য কৰি শাসকীয় বিজেপিৰ লগতে কংগ্রেছ, অগপ, অসম জাতীয় পৰিষদ আদি দলসমূহেও আৰম্ভ কৰিছে বিশেষ পৰিকল্পনা৷ যুৱ ভোটাৰক আকর্ষিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে প্রতিটো সমষ্টিৰ প্রতিটো বুথতে অধিকসংখ্যক যুৱ সদস্যক দায়িত্ব অর্পণ কৰাৰ লগতে পৃষ্ঠপ্রমুখ তথা অন্যান্য দায়িত্ব অর্পণ কৰিছে যুৱ সদস্যৰ ওপৰত৷ আনকি শাসকীয় দলটোৱে এইবাৰ নির্বাচনত অধিকসংখ্যক যুৱ প্রার্থীক প্রার্থিত্ব দিয়াৰ প্রস্তুতি চলাইছে৷

উজনি অসমৰ প্রায়কেইটা সমষ্টিতে যুৱ ভোটাৰক লক্ষ্য কৰি বিজেপিয়ে নতুন মুখ প্রক্ষেপৰো চলাইছে কুচকাৱাজ৷ আনহাতে, কংগ্রেছে যুৱ ভোটাৰক আকর্ষণ কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ কেইবাটাও কার্যসূচী গ্রহণ কৰাৰ লগতে নির্বাচনত যুৱ প্রার্থীক অগ্রাধিকাৰ দিয়াৰো পৰিকল্পনা কৰিছে৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ প্রকাশ পোৱা ভোটাৰ তালিকাক ৩০ বছৰ বয়সৰ পৰা ৩৯ বছৰ বয়সৰ ভোটাৰ সংখ্যা হ’ল ৫৬,৬৯,৮৮০জন৷ ইয়াৰে ২৮,৩৯,৭৪৯জন পুৰুষ ভোটাৰ আৰু ২৮,৩০,১৩১গৰাকী মহিলা ভোটাৰ৷ একেদৰে ৪০ বছৰ বয়সৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰত ভোটাৰ আছে ৪৫,১২,০৬৫জন৷ ইয়াৰে ২২,৫৩,৮৫৮গৰাকী পুৰুষ ভোটাৰ আৰু ২২,৫৮,২০৭গৰাকী মহিলা ভোটাৰ৷ ভোটাৰ তালিকাত ৫০ বছৰৰ পৰা ৫৯ বছৰৰ ভোটাৰৰ সংখ্যা হ’ল ৩১,৭৪,৭৫২গৰাকী৷ ইয়াৰে ১৬,৫৭,৬৫৮গৰাকী পুৰুষ আৰু ১৫,১৭,০৯৪গৰাকী মহিলা৷ ৬০–৬৯ বছৰৰ বয়সৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭,৩৫,২৪১গৰাকী৷ আনহাতে, ৭০ৰ পৰা ৮৯ বছৰৰ ভিতৰত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭,৫৬,৬৮৪গৰাকী৷ মন কৰিবলগীয়া যে যোৱা ১৮ জানুৱাৰীত প্রকাশ পোৱা ভোটাৰ তালিকা অনুসৰি এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল– ২ কোটি ২৯ লাখ ৯২ হাজাৰ ৫০৫গৰাকী৷ ইয়াৰে ১ কোটি ১৬ লাখ ৫৬ হাজাৰ ৯২৬গৰাকী পুৰুষ আৰু ১ কোটি ১৩ লাখ ৩৫ হাজাৰ ৫৭৯গৰাকী মহিলা ভোটাৰ৷ ২০১৬ চনত মুঠ ভোটাৰৰ সংখ্যা আছিল ১ কোটি ৯৮ লাখ ৬৪ হাজাৰ ৪৯৬গৰাকী৷ যোৱা পাঁচ বছৰত ৰাজ্যত মুঠ ভোটাৰ বৃদ্ধি পালে ৩১ লাখ ২৮ হাজাৰ ৯গৰাকী৷ ইয়াৰে ১ কোটি ১৬ লাখ ৫৬ হাজাৰ ৯২৬গৰাকী পুৰুষ ভোটাৰ আৰু ১ কোটি ১৩ লাখ ৩৫ হাজাৰ ৫৭৯গৰাকী মহিলা ভোটাৰ৷ লক্ষণীয়ভাৱে বিগত ৫ বছৰত বৃদ্ধি পোৱা এই ভোটাৰৰ অধিকাংশ ভোটাৰ হ’ল– নগাঁও, বৰপেটা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, দৰং, কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ৷ নগাঁও জিলাত যোৱা পাঁচ বছৰত বৃদ্ধি হোৱা ভোটাৰৰ সংখ্যা হ’ল– ১,৮০,২৯৬গৰাকী৷ একেদৰে বৰপেটা জিলাত ১,৮৪,৫০৩গৰাকী, কৰিমগঞ্জত ১,৩৫,৭৯৬গৰাকী, কাছাৰ জিলাত ১ লাখ ৬০ হাজাৰ আৰু কামৰূপৰ গ্রাম্য, মহানগৰ জিলাত বৃদ্ধি হোৱা মুঠ ভোটাৰৰ সংখ্যা হ’ল ২ লাখ ৯০ হাজাৰ৷ প্রকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৰাজধানী দিছপুৰ সমষ্টিত আছে সর্বাধিক ভোটাৰ৷ দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪,০৬,৫৫৫গৰাকী৷ আনহাতে, সর্বাধিক কম থকা সমষ্টিটো হ’ল শিৱসাগৰ জিলাৰ থাওৰা সমষ্টি৷ এই সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,১৪,২২১গৰাকী৷

You might also like