নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ জ্যেষ্ঠক অতিক্রমি যুটীয়া সঞ্চালকৰ পদত অপূর্ব দাস

শুক্লবৈদ্যৰ মীন বিভাগত চৰম বিশৃংখলতা

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ মাছ উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল থকা সত্ত্বেও বিগত সময়ছোৱাত সুপৰিকল্পিত আঁচনি গ্রহণত ব্যর্থ হোৱা ৰাজ্যৰ মীন বিভাগত এতিয়া চৰম অচলাৱস্থা সৃষ্টি হৈছে৷ পৰিমল শুক্লবৈদ্য নেতৃত্বাধীন বিভাগটোত একাংশ বিষয়াই উঠিৰজা–বহিৰজাৰ দৰে কৰা আচৰণত বাধাপ্রাপ্ত হৈছে বিভাগটোৰ কাম–কাজ৷ বিভাগীয় মন্ত্রীজনৰ সোপাঢ়িলা স্থিতিৰ বাবে পদোন্নতিৰ ক্ষেত্রতো চলিছে চূড়ান্ত অনিয়ম৷ প্রাপ্ত তথ্য অনুসৰি বহু জ্যেষ্ঠ বিষয়াক অগ্রাহ্য কৰি বিভাগটোৰ যুটীয়া সঞ্চালকৰ পদত অধিষ্ঠিত কৰা হৈছে এজন কনিষ্ঠ বিষয়াক৷ প্রাক্তন মীনমন্ত্রী বসন্ত দাসৰ আত্মীয় অপূর্ব দাসক গ্রেডেচন তালিকাৰ ৫১ নম্বৰ স্থানত থকা সত্ত্বেও প্রদান কৰা হৈছে যুটীয়া সঞ্চালকৰ দায়িত্ব৷ অর্থাৎ ৫০জন জ্যেষ্ঠ বিষয়াক এলাগী কৰি যুটীয়া সঞ্চালকৰ পদত নিযুক্তি দিয়া হৈছে অপূর্ব কুমাৰ দাসক৷ বিভাগটোৰ একাংশই সদৰী কৰা অনুসৰি আয়ুক্ত ৰাকেশ কুমাৰৰ ঘনিষ্ঠ বুলি নিজকে জাহিৰ কৰা দাসে মীন বিভাগৰ সকলো কাম–কাজতে হস্তক্ষেপ কৰি আহিছে৷ উচ্চপদস্থ একাংশ বিষয়াক মেনেজ কৰি এইজন যুটীয়া সঞ্চালকে বিভাগীয় নিয়োগ, বদলি, পদোন্নতিকে ধৰি সকলো কাম–কাজত হস্তক্ষেপ কৰি আহিছে৷ আনকি বিভিন্ন কূটকৌশল কৰি তেওঁ বহু জ্যেষ্ঠ বিষয়াৰ পদোন্নতি বন্ধ কৰি ৰাখিছে৷ অৱসৰলৈ মাত্র ৩ মাহৰ পৰা এবছৰ থকা বিষয়ায়ো দাসৰ ষড়যন্ত্রত বঞ্চিত হ’বলগীয়া হৈছে পদোন্নতিৰ পৰা৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি এই জ্যেষ্ঠ বিষয়াসকলৰ পদোন্নতি হ’লে দাস আৰু তেওঁৰ একাংশ সহযোগীৰ সান্দহ খোৱা বালি তল যাব বুলি আশংকা কৰিয়েই ছলে–বলে–কৌশলে বন্ধ কৰি ৰাখিছে পদোন্নতিৰ প্রক্রিয়া৷ বিশেষকৈ প্রশিক্ষণ প্রমাণ–পত্র, প্রশাসনিক অভিজ্ঞতা আদি নতুন নতুন নিয়ম সৃষ্টিৰে পদোন্নতি প্রক্রিয়াত হেঙাৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ সঞ্চালকক মেনেজ কৰি এইজন বিষয়াই মীন সম্প্রসাৰণ বিষয়াসকলক কলকাতাত এবছৰ প্রশিক্ষণ গ্রহণ কৰিবলৈও নির্দেশ দিছে৷ অন্যথা তেওঁলোকৰ পদোন্নতি নহ’ব বুলি তেওঁ একপ্রকাৰ স্পষ্ট কৰি দিছে৷ স্বাভাৱিকতেই যুটীয়া সঞ্চালকজনৰ এই নির্দেশে বিভাগটোৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷ কিয়নো অৱসৰলৈ এবছৰ বা দুবছৰ বাকী থকা জ্যেষ্ঠ বিষয়াসকলে পুনৰ প্রশিক্ষণ গ্রহণ কৰি উভতি অহালৈকে পদোন্নতিৰ সময় লাভ কৰিব জানো? তাক লৈও উত্থাপন হৈছে প্রশ্ণৰ৷ আনহাতে, কেৱল পদোন্নতিয়েই নহয়, বিভিন্ন জিলাত নিজৰ পছন্দৰ মানুহক দায়িত্ব দিবলৈ দাসৰ নেতৃত্বত চলা চক্রটোৱে চেষ্টা কৰি আহিছে৷

উদাহৰণস্বৰূপে গ্রেডেচন তালিকাৰ ৩ নম্বৰ স্থানত থকা এজন বিষয়াক বঞ্চিত কৰি অতি কৌশলেৰে গ্রেডেচন তালিকাৰ একেবাৰে নিম্ন পর্যায়ৰ স্থানত থকাজনক দায়িত্ব অর্পণ কৰিছে৷ গোৱালপাৰা, নলবাৰী, হাইলাকান্দি, নগাঁও, ধুবুৰী, ডিব্রুগড় আদিত বিভিন্ন গুৰুত্বপূর্ণ দায়িত্ব নিজৰ পছন্দৰ বিষয়াক তেওঁ অর্পণ কৰি বিভিন্ন অনিয়ম সংঘটিত কৰাৰ পথ মোকলাই লোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ আনকি আৰ কে ভি ৱাই, এম এম পি এছ, এন এফ ডি ভি, আৰ আই ডি এফ আদি বিভিন্ন শিতানত দুর্নীতি কৰি অপূর্ব কুমাৰ দাসে বৃহৎ পৰিমাণৰ ধন চপোৱাৰ গুৰুতৰ অভিযোগ বিভাগৰ বিষয়াৰ কর্মচাৰীৰ মুখে মুখে৷ নিজৰ পছন্দৰ ঠিকাদাৰক এই শিতানসমূহৰ অধীনত আবণ্টিত বিভিন্ন আঁচনিৰ দায়িত্ব অর্পণ কৰি ধন আত্মসাতৰ পথ মুকলি কৰি আহিছে বুলিও একাংশ বিষয়া–কর্মচাৰীয়ে অভিযোগ উত্থাপন কৰিছে৷ আৰ কে ভি ৱাই আঁচনিৰ ধন ২০১৮–১৯ আৰু ২০১৯–২০ বর্ষত কমিছনৰ বিনিময়ত কেইখনমান বছা বছা জিলাতহে মোকলাই দিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ১৯৮৯ চনত অপূর্ব কুমাৰ দাসে সম্প্রসাৰণ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল৷ কিন্তু আজিপর্যন্ত এদিনো ক্ষেত্রভিত্তিক অধ্যয়ন অথবা কর্তব্যৰ বাবে তেওঁ যোৱা নাই৷ বৰঞ্চ চাকৰিত যোগদানৰে পৰা মীন সঞ্চালকালয়ৰ চকী খামুচি আছে এইজন বিষয়াই৷ বিগত সময়ছোৱাত আন একাংশ কনিষ্ঠ বিষয়াই বিভাগটোত বিভিন্ন অনিয়ম আৰু বে–আইনী কাম–কাজ কৰাৰ ক্ষেত্রত দাসক সহযোগ কৰি আহিছে বুলিও জানিব পৰা গৈছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি কংগ্রেছৰ শাসনকালত অতি ক্ষমতাশালী হৈ পৰা সম্প্রসাৰণ বিষয়াজনে বর্তমানৰ চৰকাৰৰ কার্যকালতো বিভাগটোত নিজৰ দৌৰাত্ম্য অব্যাহত ৰখাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ বিভিন্ন সময়ত বিষয়া–কর্মচাৰীক হাৰাশাস্তি কৰাৰ লগতে চূড়ান্ত অনিয়মৰ তথ্য উন্মোচিত হোৱাৰ পাছতো বিভাগীয়ভাৱে দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাটো এই মুহূর্তত আন এক আশ্চর্যকৰ বিষয়৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দাসে এবাৰ কৃষি বিজ্ঞান কেন্দ্র আৰু এবাৰ ৰাষ্ট্রীয় মীন উন্নয়ন পৰিষদলৈ ডেপুটেচনত গৈছে যদিও কার্যকাল শেষ হোৱাৰ আগতেই উভতি আহিব লগা হৈছিল৷ মীন উন্নয়ন পৰিষদত কর্তব্যৰত অৱস্থাতো ভুৱা আৰ টি আই, ভাবুকি প্রদান আদি কার্যৰে বিভাগটোৰ একাংশ সৎ বিষয়াক ভাবুকি প্রদানৰ অভিযোগ আছে অপূর্ব কুমাৰ দাসৰ বিৰুদ্ধে৷ মন্ত্রী শুক্লবৈদ্যৰ সোপাঢ়িলা স্থিতিৰ সুযোগ লৈ দাসৰ দৰে দুর্নীতিগ্রস্ত বিষয়াই বিভাগটোত দৌৰাত্ম্য চলোৱা বুলি চর্চা হৈছে৷ এনে পৰিস্থিতিত এইজন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি বিভাগটোত সৃষ্টি হোৱা চৰম অচলাৱস্থা কেতিয়া দূৰ কৰা হ’ব, তালৈ অপেক্ষা কৰিছে মীন বিভাগৰ বিষয়া–কর্মচাৰীসক৷

You might also like