নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ কোটি টকাৰ সম্পত্তিৰ মালিক ৰৌণকৰ পত্নী

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্রেপ্তাৰ হোৱা ডি আই জি ৰৌণক আলী হাজৰিকাৰ পত্নীক সোমবাৰে জেৰা চলায় মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ একেটা গোচৰতে প্রায় তিনি ঘণ্টাজুৰি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে জেৰা চলাই নুচৰত আলী হাজৰিকাক৷ গোচৰটোৰ তদন্তৰ সময়ত নুচৰত ৰৌণক আলী হাজৰিকাই আদালতত দিয়া জবানবন্দী আৰু মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ আগত দিয়া জবানবন্দীৰ মাজত থকা পার্থক্যৰ বাবে তেওঁক জেৰা চলোৱা হয়৷ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত এটা দলে তেওঁক জেৰা কৰে৷ এই জেৰাৰ সময়ত ডি আই জি ৰৌণক আলী হাজৰিকাৰ সম্পত্তি আহৰণ আৰু উৎসৰ লগতে আন আন তথ্য সন্দর্ভত নুচৰতক প্রশ্ণ কৰে বুলি জানিব পৰা গৈছে৷ অৱশ্যে জেৰাৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ প্রাপ্ত তথ্য অনুসৰি ডি আই জি হাজৰিকাৰ পত্নী নুচৰত ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ পৰিমাণ হৈছে প্রায় ৫০০ কোটি টকা৷ ইয়াৰ পূর্বে হাজৰিকাৰ পত্নীৰ বিৰুদ্ধে আয়কৰ ফাঁকি দিয়াৰ অভিযোগো উত্থাপন হৈ আহিছে৷

উল্লেখ্য যে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে বিদেশ ভ্রমণ আৰু আয় অনুপাতে সামঞ্জস্যহীন সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগত ৰৌণক আলী হাজৰিকাক গ্রেপ্তাৰ কৰা হৈছিল৷ এই উচ্চপদস্থ বিষয়াজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে তেওঁৰ নামে–বেনামে গঢ়া সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে৷ আনকি তেওঁ বাস কৰা হেঙেৰাবাৰীস্থিত বাসগৃহ আৰু ভূমিৰ বাবদ প্রকৃত গৰাকীক ধন আদায় নিদিয়াৰো অভিযোগ উত্থাপন হৈছে৷ এই ভূমিডোখৰ বিক্রী কৰাৰ পাছত কেইবাবাৰো ধন বিচাৰি প্রকৃত মাটিৰ মালিক ডি আই জিজনৰ ওচৰ চাপিছিল যদিও ভয়–ভাবুকিৰে তেওঁক খেদি পঠিয়াইছিল বুলি ইতিমধ্যে প্রকাশ পাইছে৷ এই সন্দর্ভতো প্রকৃত মাটিৰ মালিকে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ দৃষ্টিগোচৰ কৰিছে৷ এইক্ষেত্রত ডি আই জিৰ লগতে তেওঁৰ পত্নীয়েও ভূমিডোখৰৰ মালিকক অশালীন ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷

You might also like