আগষ্ট–ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত ৫জি সেৱা উপলব্ধ হ’বঃ কেন্দ্রীয় টেলিকম মন্ত্রী অশ্বিনী বৈষ্ণৱ
নিয়মীয়া বাৰ্তা, ৪ মেঃ অহা আগষ্ট–ছেপ্টেম্বৰৰ ভিতৰত দেশত ৫জি উপলব্ধ হ’ব৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে জুন মাহৰ প্রাৰম্ভতে নিবিদা আৰম্ভ কৰিব৷ কেন্দ্রীয় টেলিকমমন্ত্রী অশ্বিনী বৈষ্ণৱে পঞ্চম প্রজন্ম প্রযুক্তি স্পেকট্রাম তথা ৫জি সেৱা দেশত মুকলি কৰিব বুলি আজি ঘোষণা কৰিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ট্রায়ে এই ৫জি সেৱা দেশত মুকলি কৰাৰ বাবে ৭.৫ লাখ কোটি টকাৰ মেগা নিবিদাৰ পৰিকল্পনা কৰিছে৷ লক্ষণীয় যে ২০২৫ চনৰ ভিতৰত কেন্দ্রীয় চৰকাৰে এই ৫জি সেৱাৰ জৰিয়তে দেশবাসীৰ বর্তমানৰ জীৱন শৈলী অধিক উন্নত কৰিব৷ ২০২৫ চনৰ ভিতৰত বিশ্বৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ ৫জি সেৱাৰে সংযুক্ত হ’ব৷ টেলিকম বিভাগে নির্ধাৰিত সময়সীমা মতে ৫জি সেৱা দেশবাসীৰ বাবে উপলব্ধ কৰাত কাম কৰি আছে৷ অৱশ্যে এই সেৱা আৰম্ভ হোৱাৰ লগে লগে উদ্যোগটোত সেৱাৰ মূল্য বৃদ্ধি হোৱাক লৈও বিভাগ উদ্বিগ্ন হৈ আছে৷ তাৎপর্যপূর্ণ যে ৫জি সেৱা উপলব্ধ হোৱাৰ লগে লগে অনলাইন শ্বপিং আদিৰ লগতে ডিজিটেল লেনদেন অধিক সবল হৈ উঠিব৷ ঠিক তেনেদৰে চিকিৎসা সেৱাতো চিকিৎসকসকলে ৫জিৰ জৰিয়তে ইণ্টাৰনেট আৰু ভার্চুৱেলী কার্যসূচীবোৰ অধিক সফলতাৰে সম্পন্ন কৰিব পাৰিব বুলি মন্ত্রীগৰাকীয়ে আশা ব্যক্ত কৰিছে৷