ক’ভিড–১৯ত আক্রান্ত হৈ ৰাজ্যত পুনৰ ৬জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ক’ৰোনাৰ সংক্রমণ পূর্বতকৈ কিছু স্থবিৰ হৈছে যদিও ৰাজ্যৰ বিভিন্ন জিলাত পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে৷ এনে শংকাজনক পৰিৱেশৰ মাজতে কালি পুনৰ ৬জনকৈ লোক আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইজন হ’ল– কামৰূপ গ্রাম্য জিলাৰ সুনন্দৰাম ডেকা (৬৯), বিক্রান্ত সিং ছেত্রী (৩১), কামৰূপ (মহানগৰ) জিলাৰ গৌৰ গোপাল বিশ্বাস (৭২), কৰিমগঞ্জ জিলাৰ ছৈইফউদ্দিন (৩৯) আৰু কাছাৰ জিলাৰ সুভাষ চন্দ্র আচার্য (৭৫), প্রদীপ কুমাৰ সিন্হা (৫৫)৷ ইয়াকে লৈ ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০৩জনলৈ বৃদ্ধি পালে৷
ইফালে ক’ৰোনাত আক্রান্ত হৈছে ২,৫৩৪গৰাকী লোক৷ ২৪ ঘণ্টাত ৪৪,৪১৬গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰাৰ পাছত এই লোককেইজন পজিটিভ ৰূপে চিনাক্ত হৈছে৷ আক্রান্ত হোৱা লোকসকলৰ ৪৯৮গৰাকী কামৰূপ (মহানগৰ) জিলাৰ, ২৬৭গৰাকী ডিব্রুগড় জিলাৰ, ২৪৪গৰাকী কাছাৰ জিলাৰ আৰু ১৪৫গৰাকী কামৰূপ জিলাৰ৷ ৰাজ্যত আক্রান্তৰ হাৰ হ’ল ৫.৭ শতাংশ৷ এই সংখ্যাৰে ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৮২,২০১গৰাকীলৈ বৃদ্ধি পালে৷
আনহাতে, কালি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত প্রকাশ কৰা মতে পূর্বতকৈ অসমত ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ দিল্লী, তামিলনাডু, পশ্চিমবংগ আৰু ত্রিপুৰাৰ পাছতেই অসমত আৰোগ্য লোকৰ হাৰ বৃদ্ধি হৈছে৷ আনহাতে, উত্তৰ–পূবৰ ৰাজ্যসমূহক বাদ দিলে অসমত ক’ৰোনা আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ দেশৰ ভিতৰতে সর্বনিম্ন৷ এই হাৰ হ’ল .২৫ শতাংশ৷ পৰিস্থিতি কিছু উন্নত হ’লেও ৰাজ্যৰ চাৰিখন জিলা এতিয়াও ক’ৰোনাৰ হটবেড ৰূপে পৰিগণিত হৈ আছে৷ এই জিলাকেইখন হ’ল কামৰূপ (মহানগৰ), ডিব্রুগড়, তিনিচুকীয়া আৰু কাছাৰ জিলা৷ এই চাৰিখন জিলাত শেহতীয়াকৈ ক’ৰোনাত আক্রন্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে ৫১গৰাকী, ডিব্রুগড় জিলাত ২৭গৰাকী, তিনিচুকীয়া জিলাত ১৮গৰাকী আৰু কাছাৰ জিলাত ১৪গৰাকী লোকৰ মৃত্যু হৈছে৷ আনহাতে, ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা দুগুণ হোৱাৰ দিন বৃদ্ধি পাইছে৷
পূর্বে ১১ দিনত আক্রান্তৰ সংখ্যা দুগুণ হৈছিল যদিও এতিয়া ১৭ দিনতহে দুগুণ হৈছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়া মতে, প্লাজমা থেৰাপীৰ জৰিয়তে এতিয়ালৈ ৩৬৮গৰাকী লোক সুস্থ হৈ উঠিছে৷ কাইলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভাৰতীয় সেনাবাহিনীৰ জোৱানে প্লাজমা দান কৰিব৷ এনে পৰিস্থিতিৰ মাজতে গুৱাহাটীত শেহতীয়াকৈ অঞ্চলবিশেষে পুনৰ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হ’বলৈ লৈছে৷ জুলাই মাহত পাণ্ডু–মালিগাঁও, ফটাশিল আমবাৰী আদি অঞ্চলত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছিল যদিও এই সংক্রমণ ৰাজধানী দিছপুৰলৈ প্রসাৰিত হৈছে৷ দিছপুৰৰ ৰাজধানী চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্রত শেহতীয়াকৈ পজিটিভ হোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি৷