নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহত লোকচান ১৩ কোটি আৰু খোল নাখায় ৰাজ্যৰ চিনেমা হল

‘কা’–ক’ৰোনা–লকডাউনত বিধ্বস্ত ছবিগৃহৰ ব্যৱসায়

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  ক’ৰোনা মহামাৰীৰ দ্রুত সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউন বর্তমান যথেষ্ট শিথিল কৰা হৈছে যদিও ৰাজ্যৰ অর্থনৈতিক ক্ষেত্রখনত পৰা ইয়াৰ বিৰূপ প্রভাৱ অদ্যাপী হ্রাস পোৱা নাই৷ যোৱা বছৰৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনে ৰাজ্যজুৰি তীব্র ৰূপ ধাৰণ কৰাৰ পিছত একপ্রকাৰ অচলাৱস্থাৰ সৃষ্টি হোৱা ৰাজ্যৰ পৰিস্থিতি সামান্য উন্নত হোৱাৰ সময়তে ক’ৰোনাৰ সংক্রমণে পুনৰ সৃষ্টি কৰে জটিলতাৰ৷ ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিত তীব্র অর্থনৈতিক সংকটত পৰে ব্যৱসায়, উদ্যোগ, পৰিবহণ, পর্যটন আদি প্রতিটো খণ্ডত৷ ইয়াৰ ভিতৰত তীব্র আর্থিক সংকটত পৰা এটা অন্যতম খণ্ড হ’ল চলচ্চিত্র গৃহৰ ব্যৱসায়৷ লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বর্তমানলৈকে বন্ধ হৈ আছে চিনেমা হল (চিত্র গৃহ)সমূহ৷ ‘কা’ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাত চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত অসমত লকডাউনৰ পূর্বৰে পৰা বন্ধ হৈ থকা বহু চিত্রগৃহ এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷ ইয়াৰ পিছত লকডাউন ঘোষণা কৰাত বর্তমানলৈকে অর্থাৎ ছমাহ ধৰি ছবিগৃহসমূহ বন্ধ হৈ আছে৷ ছবিগৃহসমূহ বন্ধ হৈ থকাত ছবিগৃহৰ স্বত্বাধিকাৰীসকলৰ লগতে কর্মচাৰী আৰু ক্ষুদ্র ব্যৱসায়ীসকল ব্যাপক আর্থিক সংকটৰ সন্মুখীন হ’ব লগা হৈছে৷ দীর্ঘদিন ধৰি চিনেমা হলসমূহ বন্ধ হৈ থকাত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত থকা হল বন্ধ কৰাৰ বাবে মালিকসকলে সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ সদৌ অসম চলচ্চিত্রগৃহৰ মালিক সংস্থাৰ সভাপতি চিন্ময় শর্মাই জনোৱা মতে, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত বর্তমান মুঠ ৯০টা চিনেমা হল আছে৷ চিনেমাহলসমূহত প্রায় ৯০০ প্রত্যক্ষভাৱে জৰিত কর্মচাৰী আছে৷ আনহাতে চিনেমা হলৰ চৌহদত পাণ–তামোল, পপকর্ন–ক’লড্রিংছ, ৰেষ্টুৰেণ্ট আদিৰ ব্যৱসায় কৰা প্রায় ৩০০০ লোক আছে৷ একো একোটা ছবিগৃহত ১০ৰ পৰা ১৫জন কর্মচাৰী (হলত আসনৰ সংখ্যা অনুযায়ী) আছে৷ চিনেমা হলসমূহ বন্ধ হৈ থকাত সর্বাধিক ক্ষতিগ্রস্ত হৈছে ইয়াৰ স্বত্বাধিকাৰীসকল৷ কাৰণ হল বন্ধ থাকিলেও কর্মচাৰীৰ দৰমহা আৰু বিদ্যুতৰ বিল প্রতিমাহে আদায় দিবলগীয়া হৈছে৷ ফলত কর্মচাৰীৰ দৰমহা আৰু বিদ্যুতৰ বিলৰ বাবদ হলৰ আসনৰ সংখ্যা অনুসৰি মালিকসকলে প্রতিমাহে প্রায় ১.৫ লাখ টকাৰ পৰা প্রায় ২.৫ লাখ টকা খৰচ কৰিব লগা হৈছে৷ সেই হিচাপত চিনেমা হল বন্ধ থকাৰ পিছতো মালিকসকলে প্রতিমাহে ১.৫ লাখৰ পৰা ২.৫ লাখ টকাকৈ লোকচান ভৰিব লগা হৈছে৷ এই হিচাপত যোৱা ছমাহত হলৰ মালিকসকলে প্রায় ৭.৯১ কোটিৰ পৰা ১৩.৫০ কোটি টকা লোকচান ভৰিব লগা হৈছে৷ সভাপতি শর্মাই লগতে জনোৱা মতে, ছবিগৃহসমূহ চলি থাকিলে ছবিগৃহৰ মালিকে বিদ্যুৎ বিলৰ বাবদ প্রতিমাহে ২.৫ লাখৰ পৰা ৩ লাখ টকা দিব লাগে৷ কিন্তু বর্তমান হলবোৰ বন্ধ থকাৰ পিছতো বিদ্যুতৰ ‘ফিক্স চার্জ’ৰ বাবদ মালিকসকলে মাহে মাহে ৭০ হাজাৰ টকাকৈ দিব লগা গৈছে৷ ফলত এই বিদ্যুতৰ বিল আৰু কর্মচাৰীৰ দৰমহাৰ বাবদ মালিকসকলে প্রতিমাহে প্রায় ১.৫ লাখৰ পৰা ২.৫ লাখ টকাকৈ লোকচান ভৰিব লগা হৈছে৷ উল্লেখ্য যে গুৱাহাটীত অনুৰাধা, অপ্সৰা, প্রাগজ্যোতি, পিভিআৰ, চিনে পলিছ, ফান চিনেমা, কার্নিভেল, গ’ল্ড চিনেমাকে ধৰি গুৱাহাটীত ১২টা ছবিগৃহ আছে৷ কিন্তু লকডাউনৰ ফলত ব্যাপক আর্থিক ক্ষতিৰ সন্মুখীন হোৱাত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত থকা ছবিগৃহ বন্ধ কৰিবলৈ মালিকসলে সিদ্ধান্ত লোৱাত ইয়াৰ কর্মচাৰী আৰু চৌহদৰ ব্যৱসায়ীসকলৰ জীৱনকৈ গভীৰ সংকট নামি অহাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ মালিক সংস্থাৰ সভাপতি চিন্ময় শর্মাই জনোৱা মতে বহু ছবিগৃহৰ মালিকে কর্মচাৰীক নিয়মীয়াকৈ দৰমহা দিব পৰা নাই৷ ফলত তেওঁলোকে ছবিগৃহৰ ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰে ছবিগৃহসমূহ খুলি দিলেও চিনেমা প্রদর্শনৰ ব্যৱস্থা কৰাটো মালিকসকলৰ বাবে অসম্ভৱ হৈ পৰিছে৷ কাৰণ ছবি চলাবলৈ বর্তমান কোনো নতুন ছবি নির্মাণ হোৱা নাই৷ পুৰণা চিনেমা কোনো দর্শকে চাবলৈ নাহে৷ এনে পৰিস্থিতিত তীব্র আর্থিক সংকটৰ জোৰা মাৰিবলৈ মালিকসকলে ৰাজ্য চৰকাৰক দি অহা ৯ শতাংশ জিএছটি সাময়িকভাৱে ৰেহাই দিবলৈ সংস্থাৰ তৰফৰ পৰা সভাপতি শর্মাই চৰকাৰক আহ্বান জনায়৷ তদুপৰি কর্মচাৰীসকলৰ বাবে কিছু আর্থিক সাহায্য আৰু বিদ্যুতৰ ফিক্সড্ চার্জ দিয়াৰ পৰা ৰেহাই দিবলৈ শর্মাই চৰকাৰক আহ্বান জনায়৷ ইফালে, লকডাউনৰ সময়ত চিনেমা হলৰ চৌহদত ব্যৱসায় কৰা প্রায় ৩০০০ ক্ষুদ্র ব্যৱসায়ীসকলো তীব্র আর্থিক সংকটৰ সন্মুখীন হোৱা বুলি সভাপতি শর্মাই জানিবলৈ দিয়ে৷ বহু ব্যৱসায়ীয়ে দীর্ঘদিন ধৰি দোকান বন্ধ হৈ থকাত দোকানৰ ভাৰা দিবলৈ অপাৰগ হৈ পৰিছে৷ ফলত ৩ হাজাৰ ক্ষুদ্র ব্যৱসায়ীৰ লগতে পৰিয়াললৈ গভীৰ অমানিশা নামি আহিছে৷ বহু ব্যৱসায়ীয়ে বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছে৷

You might also like