কেন্দ্রৰ বঞ্চনাঃ ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ ৬০ শতাংশ ধনেই নহ’ল ব্যৱহাৰ
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নকল্পে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ কথা কেন্দ্রীয় চৰকাৰে সততে দাবী কৰি আহিলেও শেহতীয়াকৈ লোকসভাৰ মজিয়াত উন্মোচিত হৈছে এক বিপৰীত ছবি৷ ৰাজ্য চৰকাৰে অসমৰ জৰাজীর্ণ ৰাষ্ট্রীয় ঘাইপথসমূহ উন্নীতকৰণ তথা মেৰামতিৰ বাবে প্রস্তাৱ আগবঢ়োৱাৰ পাছতো তাৰ অধিকাংক্ষই দিল্লীত পৰি ৰৈছে৷ এই সম্পর্কীয় প্রকল্পত অনুমোদন তথা পুঁজিৰ যোগান ধৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্রালয়ে কার্যতঃ বিগত ৪ বছৰে বঞ্চনা কৰিছে অসমক৷
সংসদৰ চলিত বাজেট অধিৱেশনৰ সময়ছোৱাতেই কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে লোকসভাৰ মজিয়াত দিয়া এক বিবৃতিত স্পষ্ট হৈছে ইয়াৰ তথ্য৷ তথ্য অনুসৰি সামগ্রিকভাৱে অসমত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ তথা পথ পৰিবহণ ব্যৱস্থাৰ মান উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিগত চাৰিটা বছৰত পথ পৰিবহণ–ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ৰ ওচৰত মুঠ ৯৬৪.৬৪ কিলোমিটাৰ দৈর্ঘ্যৰ ৮৫টা প্রকল্পৰ বাবে ২,৮৩৯.৩৮ কোটি টকাৰ প্রস্তাৱ আগবঢ়াইছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰে ২০১৭–১৮ৰ পৰা চলিত ২০২০–২১ বিত্তীয় বর্ষৰ ২৮ ফেব্রুৱাৰী পর্যন্ত ইয়াৰে মাত্র ৪৭টা প্রকল্পতহে অনুমোদন জনায়৷ অনুমোদিত প্রকল্পই সামৰি লোৱা ৰাষ্ট্রীয় ঘাইপথৰ দৈর্ঘ্য ৬২৮.১৯ কিমোমিটাৰ হোৱাৰ বিপৰীতে ইয়াৰ নামত ধার্য কৰা ব্যয় হৈছে ২,০৩১.৮৭ কোটি টকা৷
আপাতত এই বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ কোনো কাৰণ নাছিল যদিও লোকসভাত কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী গাডকাৰিয়ে দিয়া তথ্যই একপ্রকাৰ হতচকিত কৰিব অসমবাসীক৷ কিয়নো অনুমোদিত পুঁজিৰ ভিতৰত কিমান পৰিমাণ অসমৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণ আৰু উন্নীতকৰণৰ বাবে ব্যয় কৰা হ’ল, তাৰ কোনো সঠিক হিচাপ তথা তথ্য কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী গাডকাৰিয়ে দিব নোৱাৰিলে৷ তেওঁ দিয়া তথ্য অনুসৰি অসমৰ ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে উল্লেখিত সময়ছোৱাত কেন্দ্রীয় চৰকাৰে মুঠ ৩১১.০৬ কোটি টকা আবণ্টন দিছিল৷ কিন্তু বাস্তৱ ক্ষেত্রত ইয়াৰে মাত্র ১২২.৭ কোটি টকাহে ব্যয় হৈছে৷ অর্থাৎ ব্যৱহূত পুঁজিৰ পৰিমাণ মাত্র ৩৯.৪৫ শতাংশ হোৱাৰ বিপৰীতে অব্যৱহূত হৈ ৰৈছে ৬০.৬৫ শতাংশ৷
কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী গাডকাৰিয়ে এই সন্দর্ভত লোকসভাৰ মজিয়াত দিয়া বিশদ তথ্য অনুসৰি ২০১৭–১৮ বিত্তীয় বর্ষত অসমৰ ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে আবণ্টিত ধনৰ পৰিমাণ ১২২.৬৩ কোটি টকা আছিল যদিও ইয়াৰে মাত্র ৮৯.২৮ কোটি টকাহে ব্যয় হয়৷ সেইদৰে পৰৱর্তী ২০১৮–১৯ বিত্তীয় বর্ষত অনুমোদন জনোৱা ৪৮.৩৩ কোটি টকাৰ ভিতৰত ১১.৩৩ কোটি টকা, ২০১৯–২০ বিত্তীয় বর্ষত অনুমোদিত ২৮.৪৯ কোটি টকাৰ মাত্র ৩.২৮ কোটি টকাহে অসমৰ ৰাষ্ট্রীয় ঘাইপথ যোগাযোগ ব্যৱস্থাৰ নামত ব্যয় কৰে সংশ্লিষ্ট কর্তৃপক্ষই৷ চলিত বিত্তীয় বর্ষত অসমলৈ কেন্দ্রই আবণ্টন দিছিল ১১১.৬১ কোটি টকা৷ বিত্তীয় বর্ষটোৰ সামৰণি পৰিবলৈ মাজতে প্রায় আঢ়ৈ মাহ বাকী যদিও এই ধনৰাশিৰ মাত্র ১৮.৮৩ কোটি টকাহে খৰচ কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ২০১৭ চনৰ পৰা অসমত ৰাষ্ট্রীয় ঘাইপথ মেৰামতিৰ বাবে কেন্দ্রীয় চৰকাৰে পুঁজিৰ আবণ্টন ক্রমশঃ হ্রাস কৰি অহা পৰিলক্ষিত হৈছে৷ ইয়াৰ বিপৰীতে কিন্তু কেন্দ্রীয় বাজেটত উত্তৰ–পূর্বাঞ্চলৰ পথ যোগাযোগৰ শিতানত প্রতিবছৰে পুঁজিৰ আবণ্টন বৃদ্ধি কৰি আহিছে৷ লোকসভাত কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী গাডকাৰিয়ে দিয়া এই তথ্যৰ পাছত অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নকল্পে কেন্দ্রই গ্রহণ কৰা পদক্ষেপ কেৱল কাগজে–কলমে সীমাবদ্ধ হৈ থকাটো স্পষ্ট হৈ পৰিছে৷
ইফালে, অসমৰ ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণ (পিৰি’ডিকেল ৰিনিউ এণ্ড ইমপ্রুভমেণ্ট অৱ ৰাইডিং কোৱালিটী)ৰ বাবে ২০১৭–১৮ বিত্তীয় বর্ষ আৰু ২০১৮–১৯ বিত্তীয় বর্ষত ৰাজ্য চৰকাৰে ক্রমে ৬ আৰু ৯টা প্রকল্পৰ প্রস্তাৱ আগবঢ়াইছিল যদিও ইয়াৰে কোনো এটাৰ বিপৰীতে কেন্দ্রীয় চৰকাৰে পুঁজিৰ আবণ্টন দিয়াটো দূৰৰে কথা, অনুমোদনেই নজনালে৷ কেৱল ২০১৯–২০ বিত্তীয় বর্ষত ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণৰ বাবে ৯টা প্রকল্পত যোগান ধৰিলে মাত্র ৮৫.৯৫ কোটি টকাহে৷ লক্ষণীয়ভাৱে চলিত ২০২০–২১ বিত্তীয় বর্ষত অসমৰ ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে এটাও প্রস্তাৱ কেন্দ্রৰ ওচৰত দাখিল কৰা নাই৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নতুন ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ বাবে ২০১৭–১৮ বিত্তীয় বর্ষৰ পৰা বর্তমান পর্যন্ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুঠ ৭৭৮.৪৪ কিলোমিটাৰ দৈর্ঘ্যৰ ৬৫টা প্রকল্পৰ প্রস্তাৱ আগবঢ়োৱা হৈছিল যদিও ইয়াৰে ৫৪০.৪৫ কিলোমিটাৰৰ ৩৮টা প্রকল্পতহে অনুমোদন জনাইছে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ে৷ এইক্ষেত্রত পুঁজিৰ হিচাপত ৰাজ্য চৰকাৰে ২,৬৮১.১৮ কোটি টকাৰ প্রস্তাৱ দাখিল কৰিছিল৷ কিন্তু কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ে ৫৮.৪৬ শতাংশ হাৰে ১,৯৪৪.১৩ কোটি টকাৰহে অনুমোদন দিছে৷ পিছে অনুমোদিত এই প্রকল্প তথা পুঁজিৰ ভিতৰত কিমান পৰিমাণৰ ধন ব্যয় হৈছে তথা উল্লেখিত সময়ছোৱাত কিমান কিলোমিটাৰৰ ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰা হ’ল তাৰো সবিশেষ তথ্য লোকসভাত দিব নোৱাৰিলে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রী গাডকাৰিয়ে৷
উল্লেখ্য যে ৰাষ্ট্রীয় ঘাইপথ তথা মেৰামতিৰ মূল দায়িত্বত আছে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় ঘাইপথ–আন্তঃগাঁথনি উন্নয়ন নিগম (এন এইচ আই ডি চি এল)৷ অসমৰ ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণ আৰু মেৰামতিৰ ক্ষেত্রত এন এইচ আই ডি চি এলে দায়িত্বজ্ঞানহীন ভূমিকা গ্রহণ কৰি অহাৰ অভিযোগ নিতৌ উত্থাপন হৈ আহিছে৷ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সংস্থাটোৰ হেমাহিৰ বাবে দুর্ভোগ ভুগিবলগীয়া হৈছে অসমৰ জনসাধাৰণে৷ অকল সেয়াই নহয়, ৰাষ্ট্রীয় ঘাইপথত প্রাণঘাতী দুর্ঘটনা এতিয়া নিত্য–নৈমিত্তিক ঘটনা হৈ পৰিছে৷