নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত এদিনতে ৬২৪০ ক’ভিড পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: ক্রমাৎ নিয়ন্ত্রণলৈ আহিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰিস্থিতি৷ উল্লেখনীয়ভাৱে মহানগৰীখনত হ্রাস পাইছে ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা৷ শেহতীয়া তথ্য অনুসৰি গুৱাহাটীত সর্বাধিক আক্রান্তৰ হাৰ আছিল ৩৩.৫ শতাংশ৷ যোৱা চাৰি জুলাইত এই সর্বাধিক হাৰ গুৱাহাটীত পৰিলক্ষিত হৈছিল৷ কিন্তু এই হাৰ ৩১ জুলাইত ৪.৫ শতাংশলৈ হ্রাস পাইছে৷ এই কথা এক টুইটযোগে সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

টুইটত তেওঁ উল্লেখ কৰা অনুসৰি আক্রান্তৰ হাৰ হ্রাস পোৱাৰ সমান্তৰালকৈ মহানগৰীখনত ক্রমাৎ বৃদ্ধি পাইছে দৈনিক পৰীক্ষাৰ সংখ্যা৷ যোৱা ১ জুলাইত গুৱাহাটীত ২,১১২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ কালি পৰীক্ষা কৰাৰ নমুনাৰ সংখ্যা আছিল ৬,২৪০টা৷ টুইটাৰত স্বাস্থ্যমন্ত্রীগৰাকীয়্ সমগ্র জুলাই মাহত সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যা, আক্রান্তৰ হাৰ আৰু পজিটিভ ৰোগীৰ সংখ্যাৰ তালিকা আপলোড কৰিছে৷

সেই অনুসৰি ১ জুলাইত ২,১১২টা নমুনা, ২ জুলাইত ১৯২৪টা, তিনি জুলাইত ১৯৫৪টা, চাৰি জুলাইত ২৩১৮টা, ৫ জুলাইত ২২১৪টা, ৬ জুলাইত ২৪৯৯টা আৰু ৭ জুলাইত ২৩৯২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ সেই দৰে জুলাই মাহৰ দ্বিতীয় সপ্তাহতো নমুনা পৰীক্ষাৰ বৃদ্ধি অব্যাহত থাকে৷ ৮ জুলাইত ৩০৪৮টা, ৯ জুলাইত ২৫৭০টা, ১০ জুলাইত ২১০২টা, ১১ জুলাইত ২৪৩৬টা, ১২ জুলাইত ১৮৮৫টা, ১৩ জুলাইত ৩০১৪টা, ১৪ জুলাইত ২৭২৪টা, ১৫ জুলাইত ৩৫৮৭টা, ১৬ জুলাইত ৩৫৮৩টা, ১৭ জুলাইত ৩৫০৯টা, ১৮ জুলাইত ৩২৮০টা, ১৯ জুলাইত ৪৭৫৪টা, ২০ জুলাইত ৪৬৩১টা, ২১ জুলাইত ৪০১৫টা, ২২ জুলাইত ৩৪০২টা, ২৩ জুলাইত ৩১৬৬টা, ২৪ জুলাইত ২৬০২টা, ২৫ জুলাইত ১৯৬৩টা, ২৬ জুলাইত ১৪৫৭টা, ২৭ জুলাইত ১৭৫৮টা, ২৮ জুলাইত ২৯৩৮টা, ২৯ জুলাইত ৪৬৭৬টা, ৩০ জুলাইত ৫৫৮৩টা আৰু ৩১ জুলাইত ৬২৪০টাৰ নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইয়াৰ বিপৰীতে ১ জুলাইত ৩৭৮গৰাকী, ২ জুলাইত ২৩৮গৰাকী, ৩ জুলাইত ১৩৪গৰাকী, ৪ জুলাইত ৭৭৭গৰাকী, ৫ জুলাইত ৫৫২গৰাকী, ৬ জুলাইত ৫৯৮গৰাকী, ৭ জুলাইত ৫৮৮গৰাকী, ৮ জুলাইত ৪২৩গৰাকী, ৯ জুলাইত ৩৫৫গৰাকী, ১০ জুলাইত ৫২১গৰাকী, ১১ জুলাইত ৪১০গৰাকী, ১২ জুলাইত ৪০০গৰাকী, ১৩ জুলাইত ৫১৩গৰাকী, ১৪ জুলাইত ৬২৭গৰাকী, ১৫ জুলাইত ৬৪৯গৰাকী, ১৬ জুলাইত ৫৯৮গৰাকী, ১৭ জুলাইত ৫৭০গৰাকী, ১৮ জুলাইত ৫১৫গৰাকী, ১৯ জুলাইত ৫৭৭গৰাকী, ২০ জুলাইত ৪৪৮গৰাকী, ২১ জুলাইত ৫৭০গৰাকী, ২২ জুলাইত ৩৫৪গৰাকী, ২৩ জুলাইত ২১৯গৰাকী, ২৪ জুলাইত ৪১৭গৰাকী, ২৫ জুলাইত ৩৫৩গৰাকী, ২৬ জুলাইত ১৭১গৰাকী, ২৭ জুলাইত ১৫৫গৰাকী, ২৮ জুলাইত ২৯৫গৰাকী, ২৯ জুলাইত ৩৪৮গৰাকী, ৩০ জুলাইত ২৮৩গৰাকী আৰু ৩১ জুলাইত ২৮১গৰাকী ব্যক্তি ক’ৰোনাত আক্রান্ত হৈছে৷

উল্লেখ্য যে গুৱাহাটীত গণ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল৷ বিশেষকৈ গুৱাহাটীৰ পাণ্ডু, মালিগাঁও, ফটাশিল আমবাৰী, লখৰা, ফাঁচীবজাৰ, আঠগাঁও আদি অঞ্চলত দ্রুত সংক্রমণে সকলোকে আতংকিত কৰি তুলিছিল৷ মহানগৰীত লকডাউন শিথিল কৰাৰ লগে লগে সামাজিক দূৰত্ব নৰখাকৈয়ে তথা মাস্ক পৰিধান নকৰাকৈ বহু লোক বজাৰ–সমাৰত ভিৰ কৰাৰ পৰিপ্রেক্ষিতত মহানগৰীত দ্রুত সংক্রমণৰ আশংকা কৰা হৈছিল৷ যাৰ প্রতি লক্ষ্য ৰাখি মহানগৰীত পুনৰ ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল৷ স্বাস্থ্যমন্ত্রীৰ এই তথ্যই লকডাউনে মহানগৰীলৈ সুফল অনাৰ ইংগিত বহন কৰিছে৷ ইপিনে, অহা চাৰি আগষ্টত ৰাজ্যজুৰি ৫০ হাজাৰ নমুনা পৰীক্ষাৰ লক্ষ্য স্থিৰ কৰিছে স্বাস্থ্য বিভাগে৷ আজি জনতা ভৱনত এখন সংবাদ মেলত এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷

You might also like