হোজাইৰ ‘আনফৰ’লৈ সন্ত্রাসবাদীৰে সম্পর্ক থকা বিদেশী সংস্থাৰ ৮ কোটি
লিগেল ৰাইটছ অবজাৰভেটৰীৰ পুনৰ বিস্ফোৰণ
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ বিদেশী পুঁজিৰে দাতব্য সংস্থা চলোৱা আজমল ফাউণ্ডেচনৰ পাছত এইবাৰ বিতর্কত সোমাই পৰিছে ৰাজ্যৰ আন এটা সংস্থা৷ সন্ত্রাসবাদীৰে সম্পর্ক থকা সংগঠনৰ পৰাআজমল ফাউণ্ডেচনে বৃহৎ পৰিমাণৰ ধন লাভ কৰা সন্দর্ভত চলি থকা বিতর্ক মাৰ নৌযাওঁতেই একেই বিতর্কত সোমাই পৰিছে হোজাইৰ আনফৰ ফাউণ্ডেচন৷ কেইবাটাও সন্ত্রাসবাদী সংগঠনৰে জড়িত থকা ইছলামিক ৰিলিফ ৱ’ল্ডৱাইড (আই আৰ ডব্লিউ) নামৰ সংগঠনটোৰ পৰা আনফৰ ফাউণ্ডেচনে লাভ কৰিছে ৮ কোটি টকা৷ এই বিস্ফোৰক তথ্য সদৰী কৰিছে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে৷ টুইটযোগে এই অভিযোগ উত্থাপন কৰি লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰে যে সন্ত্রাসবাদী কার্যকলাপৰ সৈতে জড়িত থকাৰ বাবে আই আৰ ডব্লিউৰ বেংক একাউণ্ট ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহে বন্ধ কৰি দিছিল৷ বিশেষকৈ ইজিপ্তিয়ান মুছলিম ব্রাদাৰহুড, হামাছ আৰু তুৰস্কৰ আই এইচ এইচ নামৰ সংগঠনৰ সৈতে সম্পর্ক ৰখাৰ বাবে আই আৰ ডব্লিউৰ বেংক একাউণ্টসমূহ ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহে বন্ধ কৰিছিল বুলি টুইটত তেওঁলোকে সদৰী কৰিছে৷ এইক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রালয়ক ব্যৱস্থা গ্রহণৰ আহ্বান জনাই এনে সংগঠনৰ সৈতে সম্পর্ক ৰখা সত্ত্বেও তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্রহণ কৰা নহয় বুলিও লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রশ্ণ উত্থাপন কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে লিগেল ৰাইটছ অবজাৰভেটৰীয়ে একেই অভিযোগ উত্থাপন কৰিছিল সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে৷ বিভিন্ন সামাজিক কাম–কাজৰ বাবে আজমল ফাউণ্ডেচনে প্রদান কৰা ধন সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক ৰখা সংগঠনৰ পৰা বৰঙণি হিচাপে লাভ কৰি আহিছিল বুলিও তেওঁলোকে প্রকাশ কৰিছিল৷ ব্রিটেইনৰ আল ইমদাদ ফাউণ্ডেচন, মুছলিম এইড, আই এইচ এইচ–ইনচানি ইয়াৰডিম ভাক্ফিৰ দৰে সংগঠনৰ পৰা আজমল ফাউণ্ডেচনে ধন লাভ কৰি আহিছে৷ এই সংগঠনসমূহে বিদেশত বিভিন্ন উগ্রবাদী সংগঠনৰ সৈতে সম্পর্ক ৰাখি আহিছে বুলি লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰিছিল৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল–সংগঠনে আজমল ফাউণ্ডেচন সন্দর্ভত উঠা অভিযোগৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছিল৷ সমান্তৰালভাৱে এইক্ষেত্রত উচিত তদন্তৰো দাবী উত্থাপন কৰি আহিছে৷ এনে সময়তে হোজাইৰ আন এটা সংগঠনেও সন্ত্রাসবাদীৰে সম্পর্ক ৰখা সংগঠনৰ পৰা ধন লাভ কৰা বুলি উত্থাপিত অভিযোগ স্বাভাৱিকতে ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি কৰিছে৷
এয়া মাত্র ট্রেইলাৰহে, বহু তথ্য পোহৰলৈ আহিব ঃ ড০ শর্মা
আজমলৰ ফাউণ্ডেচনলৈ সন্ত্রাসবাদীৰ পৃষ্ঠপোষকতা কৰা সংগঠনৰ আগমন ঘটাক লৈ সৃষ্টি হৈ থকা বিতর্কৰ মাজতে হোজাইৰ আনফৰ ফাউণ্ডেচনলৈ বিদেশৰ পৰা অহা ধনক লৈ এইবাৰ সৃষ্টি হৈছে আন এক বিতর্ক৷ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংস্থাটোৱে উদঙাই দিয়া শেহতীয়া এই তথ্যক লৈ পুনৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ এনে সমগ্র ঘটনা সন্দর্ভত যথেষ্ট সৰৱ হৈ থকা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি হোজাইৰ আনফৰ ফাউণ্ডেচনলৈ বিদেশৰ পৰা অহা ৮ কোটি টকাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ মন্ত্রীগৰাকীৰ মন্তব্য– এয়া মাথোঁ ট্রেইলাৰহে, আৰু বহু তথ্য পোহৰলৈ আহিব৷ মন্ত্রীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয়– এফ চি আৰ এৰ অধীনত যিবোৰ বৰঙণি লোৱা হয়, সেইবোৰৰ তথ্যপাতি মজুত থাকে৷ সেই তথ্যৰ পৰা স্পষ্ট হৈছে আজমল ফাউণ্ডেচনে বিদেশৰ সংস্থাৰ পৰা ১৩৮ কোটি টকা লাভ কৰিছে আৰু আনফৰ ফাউণ্ডেচনে ৮ কোটি টকা লাভ কৰিছে৷ আৰু বহুকেইটা সংগঠন আছে, ইছলামিক সংগঠনে বিদেশৰ পৰা ধন লাভ কৰাৰ তথ্য আছে৷ গতিকে মই ভাবোঁ ইয়াৰ এক উপযুক্ত তদন্ত হ’ব লাগে৷ অনানুষ্ঠানিক কিছু তথ্য মোৰ হাততো আছে৷ ইফালে ৰাজনৈতিক লক্ষ্যৰে আজমল ফাউণ্ডেচনৰ ওপৰত লিগেল ৰাইটছ অবজাৰভেটৰীয়ে অভিযোগ অনা বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্য সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– এয়া কোনো ৰাজনৈতিক বিষয় নহয়৷ স্পষ্ট অভিযোগ, স্পষ্ট মানুহ আৰু স্পষ্ট কথা৷ বিটিচি নির্বাচনৰ পাছত সকলো তথ্য পোহৰলৈ আহিব৷ উল্লেখ্য যে ইউৰোপৰ ইছলামিক ৰিলিফ ৱ’ল্ডৱাইল্ড নামৰ এন জি অ’টোৱে আনফৰ ফাউণ্ডেচনক ৮ কোটি টকা আদায় দিছে৷ যি সংগঠনৰ বেংক একাউণ্ট ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহত নিষিদ্ধ৷