নিয়মীয়া বাৰ্তা ৫ জুলাইঃ ৰাজ্যৰ উগ্রপন্থী নিয়ন্ত্রণ কার্যত দীর্ঘদিনে নিয়োজিত হৈ থকাৰ পাছতো আজিপর্যন্ত স্থায়ী পদত নিযুক্তি প্রদান নকৰিলে ৮৫০জন বিশেষ আৰক্ষী বিষয়া (এছ পি অ’)ক৷ ৮ বছৰ পূর্বে অসম ঔদ্যোগিক সুৰক্ষা বাহিনী (এ আই এছ এফ)ৰ তৃতীয় বেটেলিয়ন গঠন কৰি এছ পি অ’সকলক নিযুক্তি দিয়াৰ প্রতিশ্রুতি আজিপর্যন্ত পূৰণ নকৰিলে ৰাজ্য চৰকাৰে৷ ফলত পুনৰ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতি৷ আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব সমিতিয়ে৷ অহা ১২ জুলাইত দিছপুৰ লাষ্টগেটত এই প্রতিবাদী কার্যসূচী সমিতিয়ে পালন কৰিব বুলি সদৰী কৰিছে৷
ইপিনে এক বিবৃতিত সমিতিৰ উপ–সভাপতি জিতুমণি চহৰীয়া আৰু সম্পাদক মৃত্যুঞ্জয় বৰাই কয় যে ২০০৮ চনত প্রশাসনিক কামত নিয়োজিত হোৱা এছ পি অ’সকলক নিযুক্তিৰ বাবে কোনো সুব্যৱস্থা গ্রহণ নকৰিলে৷ ২০১৩ চনৰ ১৯ ছেপ্টেম্বৰত তদানীন্তন চৰকাৰখনে এ আই এছ এফৰ তৃতীয় বেটেলিয়ন গঠন কৰি এছ পি অ’সকলক স্থায়ী নিযুক্তি দিয়া হ’ব বুলি লিখিত প্রতিশ্রুতি প্রদান কৰিছিল৷ ২০১৫ চনৰ জুনৰ ভিতৰত এই বেটেলিয়ন গঠন কৰা হ’ব বুলিও সেই সময়ত আশ্বাস দিয়া হৈছিল৷ কিন্তু আজিপর্যন্ত এই প্রতিশ্রুতি পালন নকৰিলে চৰকাৰে৷ বৰঞ্চ ২০১৫ চনত এছ পি অ’সকলক কর্তব্যৰ পৰা অব্যাহতি দিয়া হ’ল বুলি উল্লেখ কৰি সমিতিৰ উপ–সভাপতি আৰু সম্পাদকে কয়– ‘পৰৱর্তী সময়ত চৰকাৰ সলনি হ’ল৷ এই নতুন চৰকাৰৰ দিনত এ আই এছ এফৰ মাত্র ১৪৫টা পদ এছ পি অ’ৰ বাবে সংৰক্ষণ কৰি বিজ্ঞাপন প্রকাশ কৰা হ’ল৷
ইতিমধ্যে এই পদসমূহৰ বাবে প্র–পত্র গ্রহণ কৰা হ’ল যদিও আজিপর্যন্ত বাছনি পৰীক্ষা অনুষ্ঠিত নহ’ল৷ তদুপৰি এ আই এছ এফৰ তৃতীয় বেটেলিয়ন গঠনৰ কাম–কাজো স্তব্ধ হৈ পৰিল৷ শেহতীয়া বিধানসভা নির্বাচনৰ পূর্বে অনুষ্ঠিত অসম আৰক্ষীৰ বাছনি পৰীক্ষাত এছ পি অ’সকলৰ বাবে মাত্র দুই শতাংশ পদহে সংৰক্ষণ কৰা হয়৷ এই বাছনি পৰীক্ষাও স্থগিত কৰি ৰখা হৈছে৷ বর্তমান এ আই এছ এফৰ দুটা বেটেলিয়নত চাৰি শতাধিক পদ খালী হৈ আছে৷ সেয়েহে এই পদসমূহত এছ পি অ’ জোৱানসকলৰ বাবে সংৰক্ষণ কৰি নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিবলৈ আমি দীর্ঘদিনে দাবী জনাই আহিছোঁ৷ শীঘ্রে এছ পি অ’সকলক এ আই এছ এফৰ খালী পদত নিযুক্তি প্রদান কৰি এই সমস্যাৰ সমাধান কৰিব বুলি আশা প্রকাশ কৰিছোঁ৷’
একে সময়তে নিযুক্তিৰ ক্ষেত্রত এছ পি অ’ জোৱানসকলক বয়সৰ ঊর্ধ্ব সীমা ৰেহাই দিবলৈও দাবী জনাইছে কল্যাণ সমিতিয়ে৷ উল্লেখ্য যে আজি গণেশ মন্দিৰ উদ্যান প্রাংগণত অনুষ্ঠিত এক অনুষ্ঠানত সদ্যপ্রয়াত সমিতিৰ সভাপতি দিলীপ শইকীয়ালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে৷ তদুপৰি এক মটৰ দুর্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা পুতুল বৰা আৰু ক’ভিডত মৃত্যু হোৱা ডিব্রুগড় জিলাৰ উপেন চাংমাইলৈও তেওঁলোকে শ্রদ্ধা জ্ঞাপন কৰে৷