নিয়মীয়া বাৰ্তা ৬ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তে লেটৰ মাৰ্ক লৈ ৮৫. ৯ শতাংশ নম্বৰে ডিষ্টিংচন সহ উৰ্ত্তীণ হৈ সোণাৰি চাপৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে সুকণ্যা গগৈয়ে ৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুকণ্যাই সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈ অসমীয়াত ৮২ . ইংৰাজীত ৮৭ . গণিতত ৮৪ . সাধাৰণ বিজ্ঞানত ৮৬ . সমাজ বিজ্ঞানত ৮৯ আৰু উচ্চ গণিতত ৮৭ নম্বৰ লাভ কৰি সুখ্যাতি অৰ্জন কৰাত সন্তোষ প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিয়াল বৰ্গই ৷ সোণাৰি চাপৰি মিলন নগৰৰ নিৰ্বাসী শিক্ষক ভদ্ৰ কান্ত গগৈ আৰু শিক্ষয়িত্ৰী দিপ্তি বৰগোহাঁই গগৈৰ কণিষ্ঠা কন্যা সুকণ্যাই সৰুৰে পৰাই মেধা শক্তিৰ পৰিচয় দি আহিছিল আৰু জাতীয় বিদ্যালয় শক্তিৰ পৰিচয় দি আহিছিল আৰু জাতীয় বিদ্যালয় সোণাৰি চাপৰিত অধ্যয়ন কৰিছিল।