নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা দুই জনজাতীয় কিশোৰীৰ লোমহর্ষক হত্যাকাণ্ড সন্দর্ভত অৱশেষত আৰক্ষীয়ে সোমবাৰে আদালতত ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে৷ উল্লেখ্য যে যোৱা ১১ জুনত দুই জনজাতীয় নাবালিকাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ প্রথমে ধর্ষণ কৰি তাৰ পাছত হত্যা কৰাটো তেতিয়া প্রাথমিক তদন্তত ওলাই পৰাত ১২ জুনত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ অধ্যক্ষতাত এছআইটি গঠন কৰা হয় আৰু এছআইটিয়ে তদন্ত প্রক্রিয়া আগবঢ়াই নিয়ে৷ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হোৱাত যোৱা ১৩ জুনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভুক্তভোগীৰ পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হোৱাৰ লগতে আৰক্ষীক তদন্ত ক্ষিপ্রতৰ কৰি তুলিবলৈ নির্দেশ দিয়ে৷
ইয়াৰ পাছতে সোমবাৰে আদালতত ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে৷ আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত বিটিআৰৰ ভাৰপ্রাপ্ত আইজিপি ড০ এল আৰ বিষ্ণয়ে কয় যে চিআইটিয়ে ক্ষিপ্র গতিৰে তদন্ত সম্পন্ন কৰাৰ অন্তত সকলো বিষয় সাঙুৰি আজি আদালতত ৮৫০ পৃষ্ঠাৰ চূড়ান্ত অভিযোগনামা দাখিল কৰে কোকৰাঝাৰ আৰক্ষীয়ে৷ মূল অভিযুক্ত ক্রমে জিলাখনৰে শালবাৰীৰ মোজাম্মেল শ্বেখ (২০), নছিবুল আলী শ্বেখ (১৯) আৰু ফৰিজুল ৰহমান (২২)ৰ বিৰুদ্ধে ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পাছত আইনমতে তেওঁলোকৰ শাস্তি হ’ব বুলি আশা প্রকাশ কৰিছে বিটিআৰৰ ভাৰপ্রাপ্ত আইজিপি ড০ এল আৰ বিষ্ণয়ে৷ তদুপৰি আজিৰে পৰা আদালতসমূহ খোল খো
ৱাত গোচৰটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ’ব বুলিও আশা প্রকাশ কৰিছে ড০ এল আৰ বিষ্ণয়ে৷ উল্লখ্যে যে তদন্তকালত আৰক্ষীয়ে বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা ১২টা বিষয়ৰ ওপৰত গুৰুত্ব দি মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰিছিল আৰু নাবালিকা দুগৰাকীক ধর্ষণ কৰি হত্যা কৰা বুলি প্রমাণিত হৈছিল৷ ধর্ষণৰ বলি হোৱাৰ পাছত কিশোৰীদ্বয়ে পৰিয়াল তথা ৰাইজক সমগ্র ঘটনা অৱগত কৰাৰ ভাবুকি দিয়াত মূল তিনি অভিযুক্তই তাৎক্ষণিক সিদ্ধান্ত গ্রহণ কৰি নাবালিকা দুগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ওৰণি দুফাল কৰি দুয়োগৰাকী কিশোৰীকে আমগছত ওলমাই ৰাখিছিল বুলিও তিনি মূল অভিযুক্তই স্বীকাৰোক্তি প্রদান কৰিছিল৷
সোমবাৰে সংবাদ মেলত জিলা আৰক্ষী অধীক্ষক প্রতীক বিজয় থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মনেশ্বৰ বে, পৰিদর্শক ভাস্কৰ বসুমতাৰী উপস্থিত আছিল৷ প্রণিধানযোগ্য যে আৰক্ষীয়ে অভিযোগনামাৰ লগতে ঘটনাস্থলীৰ ড্রেচ মেপ পর্যন্ত দাখিল কৰে৷ কোনোধৰণৰ সুৰুঙা নৰখাকৈ আদালতত আৰক্ষীয়ে ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাত আদালতে তিনি অভিযুক্তৰ কি শাস্তি ঘোষণা কৰে সেয়া পৰৱর্তী পর্যায়ত লক্ষণীয় হ’ব৷