নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাকুৱাত গুৱাহাটীত বিক্রী ৯ কোটিৰ সুৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ এটা–দুটা নহয়, ৰঙৰ উৎসৱ ফাকুৱাৰ বতৰত মুঠ ১৩৭টা পথ দুর্ঘটনাই জোকাৰি গ’ল অসম৷ এনে অঘটন সংঘটিত হোৱাৰ ক্ষেত্রত এইবাৰ শীর্ষস্থান দখল কৰিছে শোণিতপুৰে৷ মুঠ ১৪টা পথ দুর্ঘটনা ফাকুৱাৰ সময়ছোৱাত জিলাখনত সংঘটিত হৈছে৷ মৃত্যুঞ্জয় ১০৮ সেৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি ১৪ মার্চৰ দিনা ফাকুৱাৰ সময়ত ৰাজ্যজুৰি সংঘটিত হৈছে ১৩৭টা পথ দুর্ঘটনা৷ ইয়াৰে ১১৬টা দুর্ঘটনা দুচকীয়া বাহনৰ হোৱাৰ লগতে ১১টা তিনিচকীয়া আৰু ১০টা চাৰিচকীয়া বাহনৰ ক্ষেত্রত হৈছে৷ এইবাৰ ৰাজ্যত সংঘটিত হোৱা পথ দুর্ঘটনাসমূহৰ ভিতৰত অধিকাংশই দুচকীয়া বাহনত হোৱাৰ লগতে আঘাতপ্রাপ্ত অধিকাংশই যুৱপ্রজন্মৰ৷ তথ্য অনুসৰি দ্বিতীয় স্থানত আছে কামৰূপ (মহানগৰ) জিলা৷ মুঠ ১৩টা পথ দুর্ঘটনা জিলাখনত হোলীৰ সময়ত সংঘটিত হৈছে৷ ইয়াৰে ১০টাই দুচকীয়া বাহনৰ ক্ষেত্রত হৈছে৷ একেদৰে কামৰূপত ১২টা, তিনিচুকীয়াত ১২টা, দৰঙত ১০টা, ধুবুৰীত ৭টা, ধেমাজিত ৭টা, বৰপেটাত ৭টা, নলবাৰীত ৬টা, গোলাঘাটত ৬টা, ওদালগুৰিত ৫টা, নগাঁৱত ৫টা, মৰিগাঁৱত ৫টা, লখিমপুৰত ৫টা, বাক্সাত ৪টা, ডিব্রুগড়ত ৪টা, শ্রীভূমিত ৩টা, হাইলাকান্দিত ২টা, কাছাৰত ২টা, বঙাইগাঁৱত ২টা, গোৱালপাৰাত ২টা, শিৱসাগৰত ১টা, কোকৰাঝাৰত ১টা, মাজুলীত ১টা আৰু যোৰহাট জিলাত ১টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ ৰাজ্যৰ ভিতৰত কমসংখ্যক দুর্ঘটনাৰে তালিকাৰ তলৰ স্থানত আছে শিৱসাগৰ, মাজুলী, কোকৰাঝাৰ আৰু যোৰহাট জিলা৷ মূলতঃ অত্যধিক সুৰাপান কৰি গাড়ী চলোৱাৰ প্রৱণতাৰ বাবেই এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উক্ত তথ্য ফাকুৱাৰ প্রথম দিনৰহে যদিও এতিয়াও আনকেইদিনৰ তথ্যসমূহো যুগুত কৰি থকা হৈছে৷ সম্পূর্ণ তথ্য অহাৰ পিছত দুর্ঘটনাৰ এই পৰিসংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে সুৰাপায়ী চালকৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাজ্যৰ পৰিবহণ বিভাগে বিভিন্ন স্থানত বহু অভিযান চলাইছে যদিও সুৰাপান কৰি গাড়ী চলোৱাৰ প্রৱণতা নিঃশেষ কৰিব পৰা নাই৷ সচেতন ৰাইজৰ মতে, পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে যিধৰণে কঠোৰ ব্যৱস্থা ল’ব লাগিছিল সেয়া গ্রহণ নকৰাৰ বাবেই ফাকুৱাৰ সময়ছোৱাত আনন্দৰ মাজতো নিৰানন্দই দেখা দিছে৷ ইপিনে পথ দুর্ঘটনাৰ সমান্তৰালভাৱে ফাকুৱাৰ দুদিনত অকল গুৱাহাটী মহানগৰীতে প্রায় ৯ কোটি টকাৰ সুৰা বিক্রী হৈছে৷ আবকাৰী বিভাগৰ তথ্য অনুসৰি বিগত বছৰত ফাকুৱাৰ দুদিনত ১১.৮ কোটি টকাৰ সুৰা বিক্রী হৈছিল৷ অৱশ্যে উক্ত তথ্য অকল গুৱাহাটী মহানগৰীৰহে৷ সমগ্র ৰাজ্যৰ প্রত্যেক জিলাৰ সুৰা বিক্রীৰ তথ্য যোগ কৰিলে এয়া এক বৃহৎ পৰিসংখ্যা হ’ব৷ সচেতন ৰাইজৰ মতে, ৰাজ্যত এতিয়া সুলভ হৈ পৰা সুৰাৰ বিপণীৰ বাবে এফালে আশা কৰা ধৰণেই সুৰাৰ বিক্রী বাঢ়িছে যদিও অত্যধিক সুৰা সেৱন কৰাৰ ফলত পথ দুর্ঘটনা তথা যুৱপ্রজন্মৰ উচ্ছৃংখলতাও বৃদ্ধি পাইছে৷ শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত ফাকুৱাৰ প্রথম নিশা সুৰাপায়ী উদণ্ড যুৱক–যুৱতীৰ আক্রমণত আহত হ’বলগীয়া হ’ল উদীয়মান শিল্পী ঋষি বৰুৱা৷ একেদৰে বেলতলাত সুৰা সেৱন কৰি সমগ্র ৰাজপথতে তাণ্ডৱ চলাইছিল এগৰাকী যুৱতীয়ে৷ স্থানীয় ৰাইজে কোনোমতে ধৰি–বান্ধি যুৱতীগৰাকীক আৰক্ষীৰ হাতত চমজাই দিয়াৰ পিছতহে আতংকৰ অৱসান ঘটিছিল৷ আধুনিকতাৰ নামত সুৰা সেৱনক ফেশ্বন হিচাপে লোৱা নৱপ্রজন্মৰ এই অভ্যাসৰ প্রতিফলন অকল গুৱাহাটী মহানগৰীতেই নহয়, শেহতীয়াকৈ গ্রামাঞ্চলতো দেখা গৈছে৷ কালি নিশা বৰপেটাৰ দৌলোৎসৱ উপভোগ কৰি গাড়ীৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে সুৰাসক্ত যুৱক–যুৱতী এহালে সর্থেবাৰীৰ সমীপৰ পথৰ বিদ্যুতৰ খুঁটাত তীব্রবেগে খুন্দা মাৰি দুর্ঘটনাত পতিত হয়৷ সৌভাগ্যক্রমে দুয়োগৰাকীৰে জীৱন ৰক্ষা পৰিল যদিও স্থানীয় ৰাইজে দুয়োজনক উদ্ধাৰ কৰাৰ পিছতে অত্যধিক নিচাসক্ত হৈ থকাৰ লগতে গাড়ীৰ পৰা সুৰাৰ বটল জব্দ কৰাৰ পিছত ক্ষোভৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে পৰৱর্তী সময়ত দুয়োজনকে আৰক্ষীৰ হাতত চমজাই দিয়ে৷ যি কি নহওক, সুৰাৰ বিপণীৰ সুলভতাই এফালে বিক্রীৰ পৰিসংখ্যা বঢ়াইছে যদিও ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত দুর্ঘটনাও বাঢ়িছে৷

You might also like