নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০ আসনত প্রার্থী দিব ৰিপুণে এঢ়াপ আগুৱাই ৰকিবুলে দিব ১০০ত

মহাজোঁট গঠন নৌহওঁতেই বিগ ব্রাদাৰ কংগ্রেছৰ দম্ভালি

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ  আসন্ন বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰিবলৈ কংগ্রেছে ধর্মনিৰপেক্ষ–গণতন্ত্ৰ দল, শক্তিৰ সৈতে মিত্রতা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি এআইইউডিএফ, বাঁওপন্থী দল, অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা, ক্ষুদ্র ক্ষুদ্র অন্যান্য আঞ্চলিক দল, জনগোষ্ঠীয় সংগঠন আদিক ইতিমধ্যে মিত্রতাৰ প্রস্তাৱ আগবঢ়াইছে৷ এআইইউডিএফ আৰু বাঁওপন্থী দলে সেই প্রস্তাৱৰ প্রতি সঁহাৰিও আগবঢ়াইছে যদিও এতিয়ালৈ আনুষ্ঠানিকভাৱে মহাজোঁট গঠন হৈ উঠা নাই৷ পিছে মহাজোঁট গঠন নৌহওঁতেই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু উপ–সভাপতি ৰকিবুল হুছেইনে আগ্রাসী মনোভাব গ্রহণ কৰিছে৷ সভাপতি বৰাই আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে ৯০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য লোৱাৰ বিপৰীতে উপ–সভাপতি ৰকিবুল হুছেইনে কমেও ১০০খন আসনত দলীয় প্রার্থী থিয় কৰোৱাৰ পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷ ইমানেই নহয়, কংগ্রেছৰ মিত্রতাৰ প্রস্তাৱৰ প্রতি সঁহাৰি দিয়া বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে সর্বাধিক ১৮খনহে আসন লাভ কৰিব বুলি প্রকাশ কৰে৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে ৯০টা সমষ্টিত নিজা প্রার্থী থিয় কৰোৱাৰ লক্ষ্য ইতিমধ্যে স্থিৰ কৰিছে৷ বাকী আসনসমূহত গণভিত্তি অনুসৰি সহযোগী দলসমূহক আসন বিতৰণ কৰা হ’ব৷ ইতিমধ্যে মিত্রতাৰ প্রতি সঁহাৰি দিয়া এআইইউডিএফৰ প্রসংগত বৰাই কয় যে এআইইউডিএফৰ তৰফৰ পৰা ইতিমধ্যে আনুষ্ঠানিকভাৱে তেওঁলোক মুখ্যমন্ত্রী পদৰ দাবীদাৰ নহয় বুলি স্পষ্ট কৰি দিছে৷ সাংবিধানিক প্রক্রিয়া অনুসৰিও তেওঁলোকে মুখ্যমন্ত্রী পদৰ দাবীদাৰ হ’ব নোৱাৰে৷ কাৰণ মুখ্যমন্ত্রী পদৰ দাবীদাৰ হ’ব লাগিলে তেওঁলোক সর্বাধিক আসন লাভ কৰা দল হ’ব লাগিব৷ বর্তমান এআইইউডিএফৰ ১৩জন বিধায়ক আছে৷ অহা নির্বাচনত তেওঁলোকৰ খুব বেছি আৰু ৪–৫জন বিধায়ক বাঢ়িব৷ তাতকৈ তেওঁলোকে বেছি আসন পাব নোৱাৰে৷ সভাপতি ৰিপুণ বৰাৰ সেই মন্তব্যক ব্যক্তিগত ভাষ্য আখ্যা দি প্রদেশ কংগ্রেছৰ উপ–সভাপতি তথা কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে কয় যে অহা নির্বাচনত কংগ্রেছে কমেও ১০০খন আসনত প্রার্থী থিয় কৰাব আৰু কংগ্রেছৰ নেতৃত্বত অসমত মহাজোঁটৰ চৰকাৰ হ’ব৷ সভাপতি বৰা আৰু উপ–সভাপতি হুছেইনৰ সেই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে তেওঁলোকে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব, সেই বিষয়ক লৈ এতিয়াও নিজেই নিশ্চিত নহয়৷ তদুপৰি বিগ ব্রাদাৰ হিচাপে তেওঁলোকে অংশীদাৰ দলক যে তেনেই নগণ্যসংখ্যক আসনহে এৰি দিব, সেয়াও স্পষ্ট হৈ পৰিছে৷ এনে অৱস্থাত মহাজোঁট গঠন কিমান ফলপ্রসূ হয় সেয়া সময়তহে ক’ব পৰা যাব৷
মহাজোঁটৰ অংশীদাৰ হ’ব চিপিআইঃ ৭টা সমষ্টিত প্রার্থী দিয়াৰ সম্ভাৱনা
মহাজোঁট গঠনৰ বাবে কংগ্রেছে জনোৱা অহ্বানৰ প্রতি সঁহাৰি জনাইছে চিপিআই দলে৷ যোৱা ২৬ আৰু ২৭ আগষ্টত অনুষ্ঠিত চিপিআইৰ ৰাজ্যিক কার্যনির্বাহকত দলটোৱে এই সিদ্ধান্ত গ্রহণ কৰে৷ চিপিআইৰ লখিমপুৰ জিলা শাখাৰ সম্পাদক তথা অধিবক্তা অৰূপ কলিতাই কয় যে মহাজোঁট বন্ধনত অংশীদাৰ হোৱা চিপিআই দলে বিজেপি উৎখাতৰ যুঁজখনত এক শক্তিশালী ভূমিকা পালন কৰিব৷ চিপিআয়ে আসন্ন বিধানসভা নির্বাচনত লখিমপুৰ বিধানসভা সমষ্টিত দলীয় প্রার্থী দিয়াৰ ক্ষেত্রত জোঁটবন্ধনত অংশীদাৰী দলসমূহক সহায়–সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়৷ আনহাতে, চিপিআই দলৰ এক সূত্রই জানিবলৈ দিয়া মতে লখিমপুৰৰ উপৰি ৰাতাবাৰী, শিৱসাগৰ, খুমটাই, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা, মৰিগাঁও আদি সমষ্টিত নিজা প্রার্থী দিয়াৰ বাবে মিত্রজোঁটৰ পৰা উক্ত সমষ্টিকেইটা বিচাৰিব৷

You might also like