নিয়মীয়া বাৰ্তা কাকত পঢ়িব নাপালেই আহাৰ গ্ৰহণ নকৰা ৯০উৰ্ধৰ থুল কোঁৱৰ কথাৰে…
নিয়মীয়া বাৰ্তা , ৪এপ্ৰিল : ডিজেটেল যুগত মানুহৰ হাতে হাতে এণ্ডইড মোবাইল বিয়পি পৰাৰ লগে বিশ্বৰ যিকোনো খৱৰ এতিয়া মানুহে মোবাইলতে লাভ কৰাত বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা এতিয়া নগণ্য হৈ পৰিছে ৷ ইয়াৰ পিছতো কিন্তু আজিৰ তাৰিখতো এনে কিছুমান ব্যক্তি আছে যি নেকি বাতৰি কাকত পঢ়িব নেপালেই ক্ষোভিত হৈ পৰে । কেৱল এয়াই নহয় এসপ্তাহৰ পুৰণি কাকতখনকে লিৰিকি বিদাৰি পঢ়ি আমেজ লোৱা মানুহো আছে ৷ তেঁওলোকৰ বাবেই হয়তো একো একোখন বাতৰি কাকত জীয়াই আছে বুলি ক’ব পাৰি ৷ বৰ্তমান সময়ত বাতৰি কাকতৰ অনুৰাগী বুলি ক’লে এচাম মানুহক নিৰ্ধাৰিত কৰি দিব পাৰি কিয়নো সীমিত সংখ্যক মানুহেহে আজিৰ তাৰিখত বাতৰি কাকত লয় বা পঢ়ে ৷ সেই মানুহখিনিৰ প্ৰায়ভাগেই শিক্ষক নতুবা প্ৰাক্তন চাকৰিয়াল ৷ বৃহত্তৰ অঞ্চল এটাতো সেয়ে এতিয়া প্ৰতি ৫/৩কিলোমিটাৰ ব্যৱধানত কেৱল দুজন বা তিনিজন বাতৰি কাকতৰ নিয়মীয়া পঢ়ুৱৈ ওলাই ৷ আনহাতে মন কৰিবলগীয়া কথা যে যি সকল বয়োজ্যেষ্ঠ লোকে বাতৰি কাকত পঢ়ে তেঁওলোকৰ প্ৰত্যেকৰ ঘৰত একোটাকৈ ৰে’ডিঅ কিন্তু দেখা পোৱা যায় ৷ সেয়ে বাতৰি কাকত/ৰেডিঅৰ প্ৰতি দুৰ্বলতা থকা বয়োজ্যেষ্ঠ লোকসকলৰ কিন্তু সামাজিক মৰ্যাদাই সুকীয়া বুলি ক’ব পাৰি ৷ তেঁওলোকে একাধিক মোবাইলত পোৱা সস্তীয়া খৱৰৰ বিপৰীতে সীমিত সংখ্যক ভাল খৱৰৰ মাজত নিজকে আৱদ্ধ কৰি থ’ব বিচাৰে । লাহোৱাল মদাৰখাত মৌজাৰ হাবিচুক গাঁৱৰ একালৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিষ্য তথা কবি থুল কোঁৱৰ হৈছে এক উৎকৃষ্ট উদাহৰণ ৷ ৯০উৰ্ধৰ থুল কোঁৱৰ বৰ্তমান নিয়মীয়া বাৰ্তা কাকতৰ এজন নিয়মীয়া পঢ়ুৱৈ ৷ নিয়মীয়া বাৰ্তা কাকতখন সময়মতে পঢ়িব নেপালেই ৯০ উৰ্ধৰ থুল কোঁৱৰে ভাত পানী এৰি ঘৰৰ সন্মুখতে আমন জিমনকৈ বহি থাকে ৷ পুত্ৰ পৰিবাৰে হাজাৰ বুজনি দিও তেখেতক আহাৰ গ্ৰহণ কৰাব নোৱাৰে ৷ অলপ পলমকৈ কাকতখন ঘৰত পৰিলেই হ’কাৰ আৰু সাংবাদিকক ধেমেলীয়া সুৰে কয় -নিয়মীয়া বাৰ্তা অনিয়মীয়া হ’লে কি হ’ব হে ডেকাহঁত ? তদপুৰি কাকতখন অহালৈ ঘন্টা ঘন্টা অপেক্ষা কৰি থকা থুল কোঁৱৰে কাকতখন দিয়াৰ মূহৰ্ত্ততো দৌৰি দৌৰি আহি কাকতখন হ’কাৰৰ পৰা সংগ্ৰহ কৰে ৷ কাকতখন থুল কোঁৱৰে ইমানেই তন্নতন্নকৈ পঢ়ে যে কেতিয়াবা অবাঞ্চিত ভুল কিছুমান দেখিলেও সাংবাদিকক কৈহে এৰে ৷ অৱশ্যে নিয়মীয়া বাৰ্তা কাকতৰ নিয়মীয়া পঢ়ুৱৈ থুল কোঁৱৰক লৈ নিয়মীয়া বাৰ্তা পৰিয়ালেও গৰ্ব কৰিব অৱস্থা কিয়নো আজিৰ তাৰিখতো এনে এজন ভাল পঢ়ুৱৈ নিয়মীয়া বাৰ্তা কাকতে লাভ কৰিছে ৷ গতিকে ককাৰ ক্ষোভ অভিমানবোৰ নিয়মীয়া বাৰ্তা কাকতৰ বাবে সদায়েই আৰ্শীবাদ হিচাপে গণ্য কৰি নিয়মীয়া বাৰ্তা কাকতৰ স’তে জড়িত প্ৰতিজন লোকৰ বাবে প্ৰেৰণা হৈ ৰ’ব ৷