নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯১৫.৫৩ বর্গ কিঃমিঃলৈ বৃদ্ধি কাজিৰঙাৰ পৰিসৰ

সপ্তম–অষ্টম–নৱম্ সংযোজনৰ অন্তর্ভুক্তি

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰিসৰ এতিয়াৰে পৰা বৃদ্ধি পালে৷ ৰাষ্ট্রীয় উদ্যানখনৰ সৈতে সপ্তম–অষ্টম–নৱম্ সংযোজন আনুষ্ঠানিকভাৱে অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে৷ এই সন্দর্ভত ইতিমধ্যে জাৰি কৰা হৈছে প্রাথমিক অধিসূচনা৷ উল্লেখ্য যে এই সংযোজনসমূহত আছে ইতিমধ্যে উচ্ছেদ কৰা বেদখলীকৃত এলেকাৰ উপৰি বন্যপ্রাণীৰ আৱাসস্থল বহুকেইটা চাপৰি৷ এই চাপৰিসমূহ বেদখলৰ ক্ষেত্রত স্পর্শকাতৰ ৰূপে চিহ্ণিত হৈছে৷ নতুনকৈ অন্তর্ভুক্ত সপ্তম সংযোজনৰ মাটিকালি হৈছে ১৭৬ হেক্টৰ৷ নগাঁও জিলাৰ এই সংযোজনটোত আছে দেউসুৰ, পালখোৱা আৰু দেউসুৰ পাহাৰ পি আৰ এফ৷ অষ্টম সংযোজনটোও নগাঁও জিলাৰেই অন্তর্গত৷ বান্দৰডুবিৰ এই এলেকাটোৰ মাটিকালি ৩০৭ হেক্টৰ৷ সেইদৰে শোণিতপুৰ জিলাৰ অন্তর্গত নৱম সংযোজনটোত ২,৫৭০ হেক্টৰ মাটিকালি আছে৷ ইয়াৰ লগে লগে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মুঠ মাটিকালি ৯১৫.৫৩ বর্গ কিলোমিটাৰলৈ বৃদ্ধি পালে৷

You might also like