মঙলবাৰে ৰাজ্যত আক্রান্ত ৫,৭৬৭জনঃ ক’ভিড আক্রান্ত ৯২জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৬ মে’: ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে বলৱৎ কৰা কঠোৰ নীতি–নির্দেশনাৰ পাছত ক্রমাৎ হ্রাস পাইছে আক্রান্তৰ হাৰ৷ মঙলবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ ৫.০৪ শতাংশলৈ হ্রাস পাইছে৷
বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫,৭৬৭জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ মঙলবাৰে ১,১৪,৩১৫টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তসকলৰ ভিতৰত সর্বোচ্চ ৬২৪জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ৫২৮জন কাছাৰৰ, ৪১৬জন নগাঁৱৰ আৰু ৩৬৪জন কামৰূপৰ লোক ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তৰ হাৰ হ্রাস পালেও ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে মৃত্যু হোৱা লোকৰ সংখ্যা৷ মঙলবাৰে ক’ভিডে প্রাণ ল’লে ৯২জন লোকৰ৷ ইয়াৰে ২৭জনেই কামৰূপ মহানগৰ জিলাৰ৷
তদুপৰি ডিব্রুগড়ৰ ৮জন, যোৰহাট–শোণিতপুৰৰ সাতজনকৈ আৰু কামৰূপ জিলাৰ ছজন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে৷ সেইদৰে কাছাৰ–ধুবুৰী–হোজাই– তিনিজনকৈ, গোলাঘাট–কার্বি আংলং–কৰিমগঞ্জ দুজনকৈ লোকৰ প্রাণ কাঢ়িলে ক’ভিডে৷ তদুপৰি বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং, দৰং, ডিমা হাছাও, হাইলাকান্দি, লখিমপুৰ, মৰিগাঁও, নগাঁও আৰু তিনিচুকীয়াৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ মঙলবাৰে সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪,৭৮৩জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫৩,৫৪১জন৷