নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি : ৯৪ স্কুল বাছৰ বিৰুদ্ধে গোচৰ পৰিবহণ বিভাগৰ

বিশেষ বার্তা, ৫ আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে ছাত্র–ছাত্রীৰ জীৱনৰ লগত হেতালি খেলিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে৷ বিগত বর্ষত উচ্চতম ন্যায়ালয়ে স্কুল বাছৰ ক্ষেত্রত ন্যায়ালয়ৰ সকলো নীতি–নির্দেশনা মানি চলাৰ লগতে ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ নীতি–নিয়মসমূহ মানি চলিবলৈ নির্দেশনা জাৰি কৰিছিল৷ ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত চলিত বর্ষৰ মার্চ মাহৰ ভিতৰত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক স্কুল বাছ চলাচলৰ ক্ষেত্রত সকলো নির্দেশনা কার্যকৰী কৰিবলৈ নির্দেশ জাৰি কৰিছিল৷ কিন্তু কার্যক্ষেত্রত মহানগৰীৰ নামি–দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উচ্চতম ন্যায়ালয়ৰ নির্দেশনা উলংঘা কৰি স্কুল বাছসমূহত ছাত্র–ছাত্রীক অনা–নিয়া কৰি আহিছে৷ পৰিবহণ আয়ুক্ত আদিল খানৰ নির্দেশমর্মে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত স্কুল বাছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷ বিগত দুদিন ধৰি পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত মহানগৰীৰ বিভিন্ন স্থানত মহানগৰ জিলা পৰিবহণ বিভাগৰ দলটোৱে স্কুল বাছৰ বিৰুদ্ধে অভিযান চলায়৷ পৰিবহণ বিভাগৰ এই অভিযানত মহানগৰীৰ বহুকেইখন আগশাৰীৰ বিদ্যালয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্রীয় শিশু সুৰক্ষা আয়োগৰ নীতি–নির্দেশনা উলংঘাৰে ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ পৰিবহণ বিভাগৰ এক শীর্ষ সূত্রৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত দুটা দিনত চলোৱা অভিযানত মহানগৰীৰ ব্যক্তিগত খণ্ডৰ স্কুল বাছৰ বিৰুদ্ধে মুঠ ৯৪টা গোচৰ ৰুজু কৰা হৈছে৷ পৰিবহণ বিভাগৰ অভিযানৰ সময়ত দিছপুৰ শ্রীমন্ত শংকৰদেৱ একাডেমী আৰু নমাইলৰ মনফ’ট স্কুলৰ স্কুল বাছচালকে সুৰাপান কৰি বাহন চলোৱা ধৰা পেলায়৷ কেৱল এই দুখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়েই নহয় ইণ্টাৰনেচনেল স্কুল, দিল্লী পাব্লিক স্কুল, এনপিএছ স্কুল, বিষ্ণুপুৰৰ শংকৰদেৱ বিদ্যা নিকেতন, হেঙেৰাবাৰীৰ শংকৰদেৱ বিদ্যা নিকেতন, এক্সেল পাব্লিক স্কুল, কে ভি খানাপাৰা, স্পীংডেল ইণ্টাৰনেচনেল স্কুল, এঞ্জেলিকা এইচ এছ স্কুল, হলী চাইল্ড স্কুলকে ধৰি বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ নির্দেশনা উলংঘাৰে স্কুল বাছত ছাত্র–ছাত্রীক অনা–নিয়া কৰি অহাৰ ভয়াৱহ তথ্য পৰিবহণ বিভাগৰ অভিযানত পোহৰলৈ আহে৷ মহানগৰ জিলা পৰিবহণ বিভাগে নির্দেশনা উলংঘা কৰা বিদ্যালয়সমূহৰ কর্তৃপক্ষক তিনিদিনৰ ভিতৰত ন্যায়ালয়ৰ নির্দেশনা কার্যকৰী কৰিবলৈ নির্দেশ দিয়ে৷ যদিহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে তিনি দিনৰ ভিতৰত এই নির্দেশনা কার্যকৰী নকৰে, তেন্তে স্কুল বাছৰ অনুজ্ঞা আৰু পঞ্জীয়ন বাতিল কৰিব পৰিবহণ বিভাগে৷ এই অভিযানত মহানগৰ জিলা পৰিবহণ বিভাগৰ এনফ’চমেণ্ট বিষয়া নিতু চেতিয়া, গজেন হাজৰিকা, মৰমী পাঠকৰ লগতে বিভাগৰ বহুকেইগৰাকী বিষয়া–কর্মচাৰী উপস্থিত থাকে৷

You might also like