নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱম শ্রেণীত বাধ্যতামূলক হ’ব অসমীয়া ভাষা

চৰকাৰী মাধ্যমৰ স্কুলত নতুন শিক্ষার্থীৰ ভিৰ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ  বিগত বর্ষত ৰাজ্যখনত দেখা দিয়া ক’ৰোনা মহামাৰীৰ তাণ্ডবৰ বাবে ৰাজ্যৰ সকলোবোৰ শিক্ষানুষ্ঠান ২০২০ চনৰ ১৬ মার্চৰ পৰা ২১ ছেপ্টেম্বৰলৈকে সম্পূর্ণভাৱে বন্ধ ৰখা হৈছিল৷ তাৰ পৰৱর্তী দিনত পর্যায়ক্রমে বিদ্যালয়সমূহত পাঠদান আৰম্ভ হয়৷ বন্ধৰ সময়ছোৱাত ছাত্র–ছাত্রীসকলে নিজৰ ঘৰতে থাকি অনলাইনযোগে শিক্ষা গ্রহণ কৰিব লগা হৈছিল৷ শিক্ষার্থীসকলৰ শৈক্ষিক দিশটোৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বছৰেকীয়া পৰীক্ষা মার্চ মাহলৈ পিছুৱাই দি অসমত ২০২১ৰ পহিলা এপ্রিলৰ পৰা নতুন শিক্ষা বর্ষ আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল৷ সেইমর্মে বিদ্যালয়ৰ শ্রেণীৰ পৰীক্ষাসমূহ মার্চৰ মাহৰ ভিতৰত সমাপ্ত কৰি ফলাফলো ঘোষণা কৰে বিদ্যালয়সমূহে৷ চৰকাৰৰ নির্দেশমর্মেই কাইলৈৰ পৰা এইবছৰৰ নতুন শিক্ষাবর্ষ আৰম্ভ হ’ব৷ ইতিমধ্যে বিদ্যালয়সমূহ সাজু হৈছে নতুন বছৰৰ পাঠদানৰ বাবে৷ ঠিক তেনেদৰে শিক্ষার্থীসকলেও কাইলৈৰ পৰা বিদ্যালয়লৈ অহাৰ বাবে সাজু হৈছে৷
চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নতুন শিক্ষার্থীৰ ভিৰঃ ৰাজ্যৰ শিক্ষা বিভাগে অসমৰ বিদ্যালয়সমূহত শেষতীয়াভাৱে মেধাৰ ওপৰত ভিত্তি কৰি প্রায় ত্রিশ হাজাৰ শিক্ষক–শিক্ষয়িত্রী নিযুক্তি দিয়াত গ্রামাঞ্চলত ইয়াৰ সাংঘাতিক ধৰণে প্রভাৱ পৰিছে৷ সৰহসংখ্যক অভিভাৱকে নিজৰ নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভর্তি কৰাৰ মানসিকতা সলনি কৰি চৰকাৰী বিদ্যালয়লৈ ঢ়াপলি মেলিছে৷ ফলত চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নতুন শিক্ষার্থী ভিৰ কৰা পৰিলক্ষিত হৈছে, আনফালে ব্যক্তিগত বিদ্যালয়ত শিক্ষার্থীৰ সংখ্যা দ্রুতগতিত হ্রাস পাইছে৷ শুৱালকুছিৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় ‘গণেশ দাস হাইস্কুল’ত এইবাৰ ষষ্ঠ শ্রেণীত নামভর্তিৰ বাবে ১৮০ গৰাকী শিক্ষার্থীয়ে আবেদন জনায়৷ বিদ্যালয় কর্তৃপক্ষই ইয়াৰে ১০১ গৰাকীক নামভর্তিৰ সুবিধা দিয়ে৷

আনহাতে চৰকাৰী মাধ্যমৰ ‘শুৱালকুছি কালিৰাম কাৰিকৰ হাইস্কুল’ত ৯০ গৰাকী ছাত্র–ছাত্রীয়ে নামভর্তিৰবাবে আবেদন জনায়৷ বিদ্যালয় কর্ত্পক্ষই ইয়াৰে ৬৭ গৰাকীক নামভর্তিৰ সুবিধা দিয়ে৷ তেনেদৰে চৰকাৰী মাধ্যমৰ প্রাথমিক বিদ্যালয়সমূহতো নতুন নামভর্তিৰ সংখ্যা পূর্বৰ তুলনাত মাত্রাধিক ধৰণে বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ শুৱালকুছিৰ আদর্শ প্রাথমিক বিদ্যালয়, সনাতন প্রাথমিক বিদ্যালয়, গম্ভীৰ মেধি প্রাথমিক বিদ্যালয়, জনতা প্রাথমিক বিদ্যালয়, কৈৱর্তপাৰা প্রাথমিক বিদ্যালয় আদিত নতুন শিক্ষার্থীৰ সংখ্যা পূর্বৰ তুলনাত বৃদ্ধি পাইছে৷

উল্লেখ যে বর্তমান চৰকাৰী বিদ্যালয়ত শিক্ষার্থীসকলে বিনামূলীয়া নামভর্তিৰ লগতে মাহৰ মাচুল আদায় দিব নালাগে৷ লাভ কৰে বিনামূলীয়া সাজপাৰ, মধ্যাহ্ণ ভোজন, কিতাপ–বহী, চাইকেল আদি৷ লগতে আছে উপযুক্ত শিক্ষক–শিক্ষয়িত্রী৷ ক্রমাগতভাৱে শিক্ষাৰ মানো উন্নত হৈছে৷ সেইবাবেইবহুত অভিভাৱকে এতিয়া নিজৰ ল’ৰা–ছোৱালীক চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নামভর্তি কৰাৰ ব্যৱস্থা কৰিছে৷
ছেবাৰ যুগান্তকাৰী সিদ্ধান্তঃ আজিৰ পৰা
বিদ্যালয়ৰ নৱম শ্রেণীত বাধ্যতামূলক অসমীয়া ভাষা
মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ অন্তর্গত সকলো হাইস্কুলতে নৱম শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে পহিলা এপ্রিলৰ পৰা বাধ্যতামূলক হ’ব অসমীয়া বিষয়৷ ইতিমধ্যে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দর্ভত অসমীয়া ভাষা শিক্ষা আইন ২০২০ৰ অধীনত ১৭ মার্চতেSEBA/AB/AG/26/2020/4 এক নির্দেশনা জাৰি কৰিছে৷ অৱশ্যে অসমীয়া ভাষা বাধ্যতামূলক কৰা এই নির্দেশনাত ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহ, বৰাক উপত্যকা আৰু বড়ো মাধ্যমৰ বিদ্যালয় আওতাৰ বাহিৰত ৰখা হৈছে৷ তাৎপর্যপূর্ণ যে নির্দেশনাটোত পহিলা এপ্রিলৰ পৰা আৰম্ভ হ’বলগীয়া পাঠদানৰ ক্ষেত্রত প্রযোজ্য হোৱা পাঠ্যক্রম অনুসৰি নৱম শ্রেণীৰ ছাত্র–ছাত্রীয়ে আধুনিক ভাৰতীয় ভাষা শিতানৰ যিকোনো ভাষা লোৱা শিক্ষার্থীয়ে ঐচ্ছিক বিষয় হিচাপে অসমীয়া ভাষাক গ্রহণ কৰাটো বাধ্যতামূলক কৰা হৈছে৷ ছেবাৰ অনুমোদিত পাঠ্যক্রম গ্রহণ কৰা যিকোনো বিদ্যালয়ৰ নৱম শ্রেণীৰ শিক্ষার্থীয়ে অসমীয়া বিষয়ক হয় ঐচ্ছিক নতুবা প্রধান বিষয় ৰূপে অধ্যয়ন কৰাতো একপ্রকাৰ বাধ্যতামূলক কৰা হৈছে৷ নতুনকৈ শিক্ষা বর্ষ আৰম্ভ হোৱা চলিত বর্ষৰ ছেবাৰ এই সিদ্ধান্তৰ ফলত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো অসমীয়া ভাষা চর্চাৰ পৰিৱেশ ৰচনা হ’ব বুলি আশা কৰা হৈছে

You might also like