নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত নিশা বিধ্বংসী অগ্নিকাণ্ড, বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱা বৰহিছাত যোৱা নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। ঘটনাৰ বিৱৰণী অনুসৰি, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহাসিক আকাশীগংগাৰ তীৰত থকা ভাস্কৰ গোস্বামী নামৰ এজন স্থানীয় যুৱকৰ ব্যক্তিগত ম্যাদীপট্টাৰ ভূমিত অৱস্থিত ১৩খনকৈ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত এই অগ্নিকাণ্ডত কোটি টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয়। উল্লেখ্য যে আকাশীগংগাৰ তীৰত থকা ১৩খন ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা জুইৰ লেলিহান শিখাই ছানি ধৰে। ইয়াৰ ফলত পংকজ হাজৰিকা, ৰূপম কলিতা, মৰমী বৰা, দীপক কলিতা, ৰঞ্জিত বৰা, বিনোদ ৰাজখোৱা, বিবি কলিতা, আদিত্য বৰা, জিতুমণি কলিতা, বিপিন বৰা, হৃষীকেশ পাঠক, প্ৰকাশ কলিতা আৰু প্ৰণৱজ্যোতি তালুকদাৰকে প্ৰমুখ্য কৰি ১৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। পিছত বটদ্ৰৱা থান চৌহদত থকা অগ্নিনিৰ্বাপক বাহিনীয়ে নগাঁও আৰু ধিঙৰ পৰা আন দুখন গাড়ীয়ে  স্থানীয় ৰাইজৰ সহযোগত ডেৰ ঘণ্টা সময়  যুঁজি ৩.৩০ বজাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও প্ৰায় ২ কোটি টকাৰ অধিক সা-সামগ্ৰী ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে সংঘটিত হ’ল, সেই বিষয়ে এতিয়াও জানিব পৰা নাই। আজি পুৱাৰ ভাগতে আৰক্ষী-প্ৰশাসনৰ লগতে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ঘটনাৰ বুজ লৈ চৰকাৰ তথা প্ৰশাসনক অৱগত কৰি ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা
You might also like