বিশেষ বাৰ্তা, ২০ মেʼ : কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা এগৰাকী ভুৱা হোমিও চিকিৎসক গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৃত ভুৱা চিকিৎসকগৰাকী হৈছে সবিতা দাস।
Assam Council of Medical Registration, Assam ৰ Anti-quackery & Vigilance officer, Dr. Abhijit Neoge ৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা চিকিৎসক গৰাকীক। ৫১/২০২৫ নম্বৰৰ গোচৰত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত ভুৱা হোমিও চিকিৎসক সবিতা দাসক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিব দিয়ে।
তেজপুৰ নিৱাসী ভুৱা হোমিও চিকিৎসক সবিতা দাসে বিগত প্ৰায় ৩ বছৰ ধৰি কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত কৰ্মৰত হৈ আছিল। National Education Board of Alternative Medicine & Compound Homoeopathy, Assam পৰা ডিপ্লোমা আৰু পশ্চিম বঙ্গৰ Council of Alternative Systems of Medicines প্ৰতিষ্ঠানৰ পৰা সবিতা দাসে লাভ কৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ Board of Homoeopathic system of Medicines ,Assam ৰ *স্বীকৃতিপ্ৰাপ্ত* নহয় বুলি যোৱা ৮ মে’ ২০২৫ তাৰিখে Board of Homoeopathic system of Medicines , Assam ৰ পঞ্জীয়ক ডঃ দ্বীপেন বৰুৱাই Assam Council of Medical Registration, Assam ৰ Anti-quackery & Vigilance officer,
Dr. Abhijit Neoge লৈ স্পষ্ট কৰি পত্ৰ প্ৰেৰণ কৰাত গ্ৰেপ্তাৰ কৰা হয় ভুৱা হোমিও চিকিৎসক সবিতা দাসক। অসম চৰকাৰৰ শ্ৰম আয়ুক্তালয়ৰ অধীনস্থ তেজপুৰৰ বাগিছা স্বাস্থ্য পৰিদৰ্শক ডঃ অপূৰ্ব কুমাৰ শৰ্মাই ২৫ মাৰ্চ ২০২৫ তাৰিখে দায়িত্ব ভাৰ গ্ৰহণ কৰি দুগৰাকীকৈ ভুৱা চিকিৎসকক চিনাক্ত কৰে। ডঃ অপূৰ্ব কুমাৰ শৰ্মাই ৪ (চাৰি) এপ্ৰিল ২০২৫ তাৰিখে দুয়োগৰাকী ভুৱা চিকিৎসক সন্দৰ্ভত পত্ৰ লিখিছিল Assam Council of Medical Registration, Assam ৰ Anti-quackery & Vigilance officer, Dr. Abhijit Neoge লৈ।
পত্ৰ খনত উল্লেখ কৰা হৈছিল যে, শোনিতপুৰ জিলাৰ পানবাৰী চাহ বাগিছাত সাধন সৰকাৰে বিগত তিনি বছৰ ধৰি চাকৰি কৰি থকাৰ লগতে ধেৰাই চাহ বাগিচাত ভিজিটিং ডক্টৰ হিচাপে আৰু বুঢ়াপাহাৰ চাহ বাগিচাত সবিতা দাসে বিগত তিনি বছৰ ধৰি কৰ্মৰত হৈ আছে। দুয়োগৰাকীকে ভুৱা চিকিৎসক বুলি চিনাক্ত কৰি ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মাই পত্ৰ লিখাৰ পিছতে কালি Assam Council of Medical Registration, Assam ৰ Anti-quackery & Vigilance officer, Dr. Abhijit Neoge ৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক সবিতা দাসক। কালি সবিতা দাসক গ্ৰেপ্তাৰ কৰি জখলাবন্ধা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাই । ইয়াৰ পাছতে অধিক তথ্যৰ বাবে নগাঁও সদৰলৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে।
প্ৰেৰক কনক হাজৰিকা