থার্টী ফার্ষ্ট আৰু বনভোজঃ সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: পথ দুর্ঘটনা ৰোধৰ স্বার্থত এইবাৰ থার্টী ফার্ষ্ট আৰু বনভোজক লৈ কঠোৰ হ’ব চৰকাৰ৷ ইতিমধ্যে পথ দুর্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিখন জিলাৰ উপাযুক্ত, পৰিবহণ বিষয়াক দিছে কঠোৰ নির্দেশনা৷ উৎসৱৰ গইনা লৈ একাংশ ডেকা ল’ৰাই সুৰাপান কৰি যাতে দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত নপৰে, তাৰ বাবে চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷ বিশেষকৈ এইবাৰ থার্টী ফার্ষ্ট আৰু বনভোজকাৰী দলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ ৰাজ্যৰ প্রশাসনক নির্দেশ দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷
মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশৰ পিছতে কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ, আৰক্ষী প্রশাসন৷ ইতিমধ্যে বনভোজকাৰী দলৰ লগত যোৱা চালকে যাতে সুৰাপান কৰি বাহন চলাব নোৱাৰে, তাৰ বাবে প্রতিখন জিলাৰ উপাযুক্তই জাৰি কৰিছে নতুন নির্দেশনা৷ পৰিবহণ বিভাগেও দিছে আন কেতবোৰ নির্দেশাৱলী৷ ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতত পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে কয় যে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে বনভোজৰ বতৰ৷ এই বনভোজৰ বতৰত যাতে বনভোজকাৰী দলৰ চালকে সুৰাপান কৰি বনভোজলৈ নাযায়, তাৰ বাবে মই প্রথমে বিনম্রভাৱে অনুৰোধ কৰিছোঁ৷ অন্যথা তেনে চালকক পৰিবহণ বিভাগৰ ১৮৫ ধাৰা অনুসৰি ১০,০০০ টকাৰ জৰিমনা বিহাৰ লগতে গাডী চালনাৰ অনুজ্ঞাপত্র বাতিলৰ উপৰি গ্রেপ্তাৰ কৰা হ’ব বুলিও সকীয়নি প্রদান কৰে সহকাৰী পৰিবহণ আযুক্ত গৌতম দাসে৷ একেদৰে বনভোজস্থলীত সুৰাপান কৰা চালকজনৰ সমানেই জগৰীয়া হ’ব বনভোজকাৰী দলটোও৷
ৰাইজৰ জীৱন ৰক্ষা কৰাৰ স্বার্থতে এনে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে৷ সমান্তৰালভাৱে থার্টী ফার্ষ্ট আৰু বনভোজত উচ্চস্বৰৰ সংগীতো এইবাৰ নিষিদ্ধ কৰিছে প্রশাসনে৷ প্রশাসনে নির্ধাৰণ কৰা নিয়ম যদি অমান্য কৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিব প্রশাসনে৷ ইফালে, দুর্ঘটনা ৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা এনে পদক্ষেপক আদৰণি জনাইছে সচেতন ৰাইজে৷