ঢকুৱাখনাৰ ভলুকাজানত অগ্নিকাণ্ডত ভস্মীভূত এটা পৰিয়ালৰ বাসগৃহ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত পূব ঢকুৱাখনাৰ ভলুকাজানত বুধবাৰে বিয়লি সংঘটিত হোৱা এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাত নিমিষতে জাহ যায় এটা কৃষক পৰিয়ালৰ বাসগৃহ। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত ভলুকাজানৰ নিবাসী ভূপেন দলেৰ বাসগৃহত আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে। নিমিষতে জুইয়ে আগুৰি ধৰে বাসগৃহটোৰ চাৰিওকাষ। ফলত বিধ্বংসী জুইত জাহ যায় ৩ কোঠালিৰ ঘৰটোৰ লগতে সমস্ত বয়বস্তু, কাঠৰ আচবাব, কাপোৰ কানি, বাচ- বৰ্তন,গুৰুত্বপূৰ্ণ নথি-পত্ৰ। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত পিছলৈ জুই প্ৰশমিত হয় যদিও তেতিয়ালৈ সম্পূৰ্ণ ৰূপে জাহ যায় সাধাৰণ কৃষক ভূপেন দলেৰ বাসগৃহটো। জুই লগাৰ উমান পায় ততাতৈয়াকৈ স্থানীয় অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ঘটনাস্থলীত বহু পলমকৈ অগ্নিনির্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পৰিয়ালটোৰ সকলো বয়-বস্তু জ্বলি ভস্মীভূত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৬ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ ধাৰণা কৰিছে স্থানীয় লোকে। বাতৰি যুগুত কৰা লৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বট-চাৰ্কিটৰ ফলতে জুইৰ সূত্রপাতৰ সন্দেহ কৰা হৈছে। ইফালে চকুৰ প্ৰচাৰতে এনেদৰে সকলো হেৰুৱাই এতিয়া চকুলোৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে। স্থানীয় ৰাইজৰ লগতে মিচিং জাতীয় সংগঠন টি এম পি কেই দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰীভাৱে উপযুক্ত সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা