নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ৰাজসাহায্যযুক্ত চাউল বিচাৰি মহকুমাধিপতিৰ কাষত এদল মহিলা

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ গৃহ সমষ্টি ঢকুৱাখনাত চৰকাৰী ৰাজসাহায্যযুক্ত বিনামূলীয়া চাউল বিচাৰি এদল মহিলাই মহকুমাধিপতিৰ কাষ চাপিব লগা হোৱাৰ দৰে ঘটনা সংঘটিত হোৱাত ঢকুৱাখনাত যে বগা চাউলৰ এখন ৰমৰমীয়া ক’লা বজাৰ চলি আছে, তাকেই পুন প্ৰতীয়মান কৰিলে ৷ তথ্য মতে, ঢকুৱাখনাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অন্তৰ্গত ঢকুৱাখনা সমবায় সমিতিৰ সভাপতি-সচিবে মিলি ৮১৩ কুইণ্টল চৰকাৰী বিনামূলীয়া চাউল আত্মসাত কৰাৰ অপৰাধত যোগান বিষয়া কবিন্দ্ৰ মেদকৰ এজাহাৰৰ ভিত্তিত ঢকুৱাখনা সমবায় সমিতি লিঃৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে যদিও সচিবগৰাকী আজিও পলাতক হৈ আছে ৷ আনহাতে, ঢকুৱাখনা সমবায় সমিতিৰ সভাপতি নিত্যানন্দ গগৈ আৰু সচিব বিকাশ গোহাঁয়ে বুজন পৰিমাণৰ চাউল আত্মসাৎ কৰাত হিতাধিকাৰীক জুলাই মাহৰ চাউল আদায় দিব নোৱাৰাত জুলাই মাহৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচঁনিৰ জৰিয়তে পাব লগা ৰাজসাহায্যযুক্ত বিনামূলীয়া চাউল লাভৰ পৰা বঞ্চিত হ’ব লগা হয় ঢকুৱাখনা সমবায় সমিতিৰ অন্তৰ্গত হিতাধিকাৰীসকল ৷ ঘটনা সন্দৰ্ভত ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগে অনুসন্ধান কৰি সমবায় সমিতিখনৰ পৰা ৮১৩ কুইন্টল চাউল হৰলুকী হোৱাৰ প্ৰামাণিক তথ্য লাভ কৰাৰ লগে লগে ঢকুৱাখনা মহকুমা প্ৰশাসনে এটা গোচৰ ৰুজু কৰি সভাপতি নিত্যানন্দ গগৈক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে যদিও সচিব বিকাশ গোহাঁই পলাই সাৰিবলৈ সক্ষম হয়। ফলত ঢকুৱাখনা সমবায় সমিতিখন বিষয়া-কৰ্মচাৰীৰ অভাৱত বন্ধ কৰি দক্ষিণ গোহাঁই সমবায় সমিতিৰ তত্ত্বাৱধানত ঢকুৱাখনা সমবায় সমিতিখন পৰিচালিত হব যদিও জুলাই মাহৰ অনাদায় প্ৰাপ্য চাউল লাভৰ পৰা গ্ৰাহকসকল বঞ্চিত হোৱাৰ আশংকা কৰি ঢকুৱাখনা সমবায় সমিতিৰ অন্তৰ্গত মধ্য ঢকুৱাখনাৰ একাংশ মহিলাই চৰকাৰীভাৱে আবণ্টিত ৰাজসাহায্যযুক্ত চাউল পাবৰ বাবে মহকুমাধিপতিৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰিছে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি 

You might also like