নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু কিশোৰীক ধৰ্ষণৰ চেষ্টা দুই সন্তানৰ লম্পট পিতৃৰ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত পোকালাগী গাঁৱত লম্পট চৰিত্ৰৰ দুই সন্তানৰ পিতৃৰ ৰফিকুল হকে মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চলকৰ সৃষ্টি কৰে। এগৰাকী হিন্দু কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱা  ৰফিকুল হক বেপাৰীক (২৭) উপযুক্ত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে। অৱশ্যে বিশেষ তৎপৰতাত গোলকগঞ্জ আৰু ছাগলীয়া আৰক্ষীয়ে বংগ আৰক্ষীৰ সহযোগত আজি পুৱতিনিশা লম্পট ৰফিকুল হক বেপাৰীক আটক কৰে। ঘটনা বিবৰণি মতে, পোকালাগী দ্বিতীয় খণ্ড গাঁৱৰ কিশোৰীগৰাকী এইবেলি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব। সমাগত পৰীক্ষা থকাৰ কাৰণে পৰিয়ালৰ লোকে ছোৱালী গৰাকী ঘৰত অকলে থৈ কালি দিনৰ ভাগত কোচবিহাৰৰ বক্সিৰহাটৰ মাঘি পূৰ্ণিমা উপলক্ষে পলিকা মেলা চাবলৈ গৈছিল। কিন্তু মানৱতাৰ খাতিৰত  ৰফিকুলৰ মাতৃয়ে কিশোৰী জনীক  ঘৰত অকলে থকাৰ কাৰণে নিজৰ ঘৰত লৈ আহে। কিন্তু পাষণ্ড ৰফিকুলে কিশোৰী গৰাকীক প্ৰলোভন দি জোৰ জবৰদস্তি ঘৰৰ সন্মুখত থকা পুখুৰী পাৰত নি তাত ধৰ্ষণৰ চেষ্টা চলায়। কিশোৰীগৰাকী উপায়ন্তৰ হৈ চিঞৰ বাখৰ কৰিবলৈ ধৰে। গাঁৱৰ মানুহে চিঞৰ শুনি ঘটনাস্থলীত উপস্থিত হয়। গাঁৱৰ মানুহ অহা দেখা পাই পাষণ্ড ৰফিকুলে ঘটনা স্থলীৰ পৰা পলায়ন কৰে। পলায়ন কৰি চুবৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মানসাইত আত্মগোপন কৰে। মেলাস্থলীৰ পৰা ঘৰলৈ আহি ঘটনা সন্দৰ্ভত ছাগলীয়া থানাত এখন এজাহাৰ দাখিল কৰে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে। গোটেই নিশা ধুবুৰী আৰক্ষী ছাগলীয়া আৰু গোলকগঞ্জ আৰক্ষীয়ে নৰ পিশাচ পাষণ্ড ৰফিকুলক আটক কৰাৰ কাৰণে অভিযান চলাই যায়। আজি কাহিলীপুৱা ৫ মান বজাত পাষণ্ড ৰফিকুলক আৰক্ষীয়ে কোচবিহাৰ জিলাৰ মানসাই গাওঁৰ পৰা বংগ আৰক্ষীৰ সহায়ত আটক কৰে। উল্লেখ্য যে পাষণ্ড ৰফিকুল হক বেপাৰী দুই সন্তানৰ দেউতাক।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like