আজি মজদুৰ ইউনিয়নৰ ‘ৰে’ল বচাওক–দেশ বচাওক’ কার্যসূচী
নিয়মীয়া বার্তা, ৯ আগষ্টঃ অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেচন (এ আই আৰ এফ)ৰ আহ্বানমর্মে সমগ্র দেশৰ লগতে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চল, বেংগল, বিহাৰ আদি ঠাইত আজিৰ দিনটো এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে প্রতিবাদ দিৱস হিচাপে পালন কৰে৷
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা এ আই আৰ এফৰ সভাপতি ৰাখাল দাসগুপ্তই কাকতলৈ প্রেৰণ কৰা এটা বিবৃতিত কয় যে কেন্দ্রীয় চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ প্রতিবাদত সমগ্র দেশতে ৰে’লকর্মীসকলে ‘অল ইণ্ডিয়া প্রতিবাদ দিৱস’ হিচাপে পালন কৰে৷ প্রতিবাদ দিৱসৰ দিনাখন নিজ নিজ কর্মস্থলীত আৰু ৰে’লৱে ষ্টেচনসমূহত মুখত মাস্ক পিন্ধি শাৰীৰিক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লেকার্ড লৈ ‘ৰে’ল বচাওক–দেশ বচাওক’ ধবনিৰে প্রতিবাদ কৰে।
দাসগুপ্তই ৰে’ল ব্যক্তিগতকৰণৰ তীব্র বিৰোধিতা কৰি কয় যে দেশত সম্প্রতি ১৩,৪৫২খন যাত্রীবাহী, ৯,১৪১খন মালবাহী গাডীৰ দ্বাৰা যাতায়াতৰ সেৱা আগবঢ়াই আহিছে লক্ষ লক্ষ ৰে’ল শ্রমিকে৷ দৈনিক ২.৩০ কোটি ৰে’লযাত্রী কঢ়িওৱা ভাৰতীয় ৰে’ল পৰিবহণ সেৱা এছিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড, যিটো দক্ষতাৰে পৰিচালনা কৰি আহিছে ১.৪০ নিযুত বিভিন্ন শ্রেণীৰ কর্মচাৰীয়ে৷
দাসগুপ্তই আৰু কয় যে ২০১৮–১৯ বিত্তীয় বর্ষত ৰে’লৱেই ৬,০১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে৷ ইমানৰ পিছতো ৰে’লৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিব ওলোৱা কার্য এক দুর্ঘোৰ অন্যায় আৰু জনবিৰোধী নীতি বুলি নেতাগৰাকীয়ে অভিহিত কৰে৷
বছৰি এক কোটি নিবনুৱাক কর্মসংস্থাপন দিয়াৰ প্ৰতিশ্রুতিৰে দেশৰ শাসনভাৰ লোৱা বিজেপি চৰকাৰে ইতিমধ্যে নতুন নিযুক্তি বন্ধ কৰি খালী থকা পদৰ বিলুপ্তিকৰণেৰে নিবনুৱা সংস্থাপনৰ বাট চিৰদিনৰ বাবে বন্ধ কৰিছে বুলি দাসগুপ্তই দাবী কৰে৷