নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীগেটস্থিত পেপছি কোম্পানীত প্ৰাণহানি এজনৰ

🔴 ৩৫ টন ওজনৰ তিনিটা প্রকাণ্ড বস্তাই প্ৰাণ ল’লে প্রণৱজ্যোতিৰ

বিশেষ বাৰ্তা, ২২ জুলাই : মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত ৰাণী গেটত থকা বৰুণ বেভাৰজেছ লিমিটেড নামৰ শীতল পানীয় প্রস্তুতকাৰী কোম্পানীটোত আজি পুৱা কেঁচা সামগ্রীভর্তি গধুৰ বস্তা পৰি এজন নাবালক শ্রমিকৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ জানিব পৰা মতে, বৰুণ বেভাৰজেছ লিমিটেড নামৰ শীতল পানীয় ‘পেপছি’ প্রস্তুতকাৰী কোম্পানীটোত আন দিনাৰ দৰে আজিও শ্রমিকসকলে পুৱা সাত বজাৰ পৰা নিজ নিজ কামত ব্যস্ত হৈ পৰিছিল ৷ ৰাণীৰ সমীপৰে চকর্দৈৰ ১৭ বছৰীয়া প্রণৱজ্যোতি হাজৰিকা নামৰ নাবালক শ্রমিকজনে কোম্পানীটোত মজুত থকা কেঁচা সামগ্রীৰ বস্তাৰ পৰা সামগ্রী নমাই আছিল ৷ তেনে সময়তে ৩৫ টন ওজনৰ তিনিটা প্রকাণ্ড বস্তা শ্রমিকজনৰ ওপৰত বাগৰি পৰে ৷ যাৰ ফলত প্রণৱজ্যোতি হাজৰিকাৰ থিতাতে মৃত্যু হয় ৷ বস্তা বাগৰি পৰাৰ পিছতো শ্রমিকজনক চিকিৎসালয়লৈ প্রেৰণ কৰাৰ পৰিৱর্তে পুৱা প্রায় ৭.৩০ বজাতে সংঘটিত হোৱা ঘটনাটো কোম্পানী কর্তৃপক্ষই প্রায় ১০.৩০ বজালৈ গাপ দি ৰাখে ৷ পিছত কোম্পানীটোত কর্মৰত অন্য শ্রমিকে প্রত্যক্ষ কৰাত ঘটনা পোহৰলৈ আহে ৷ ইয়াৰ পিছতে কোম্পানীটোত কর্মৰত শ্রমিকসকল উত্তেজিত হৈ প্রতিবাদ সাব্যস্ত কৰে ৷ কোম্পানীটোৱে দীর্ঘদিন ধৰি কর্মৰত শ্রমিকসকলক শোষণ-বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি উত্তেজিত শ্রমিকসকলে যুৱকজনৰ মৃতদেহটো কোম্পানীৰ বাহিৰলৈ নিয়াত বাধা প্রদান কৰে ৷ আনহাতে, ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় বহু লোকৰ কোম্পানীটোত সমাগম হয়৷ কোম্পানী কর্তৃপক্ষৰ কথা–বতৰাত ৰাইজ উত্তেজিত হৈ পৰে আৰু আচবাবসমূহ ভাঙি লণ্ডভণ্ড কৰে ৷ ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হৈ প্রায় দুঘণ্টাৰ অন্ততহে পৰিস্থিতি নিয়ন্ত্রণলৈ আনি নাবালক শ্রমিকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে ৷ আনহাতে, কোম্পানী কর্তৃপক্ষৰ ভুলৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে শ্রমিকসকলে ৷ উল্লেখ্য যে কোম্পানীটোত প্রায়েই এনে দুর্ঘটনা সংঘটিত হৈ আহিছে ৷ আজি দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছত নিয়োজিত হৈ থকা বিষয়াসকলে শ্রমিকৰ ৰোষৰ বলি হোৱাৰ ভয়ত পলায়ন কৰে ৷ শ্রমিকৰ সুৰক্ষাৰ নামত জোতাযোৰৰ বাহিৰে কোনোধৰণৰ ব্যৱস্থা নাই ৷ ১৮ বছৰ নোহোৱাকৈ প্রণৱজ্যোতিক কোম্পানীটোৱে কামত কিদৰে নিযুক্তি দিলে, সেয়া তদন্তৰ বিষয় বুলি স্থানীয় ৰাইজে মত প্রকাশ কৰিছে ৷ আনহাতে, এই ঘটনাত মৃত্যু হোৱা আজাৰা মাটিয়াৰ পিতৃহাৰা প্রণৱজ্যোতি হাজৰিকা আর্থিকভাৱে দুর্বল পৰিয়ালটোৰ একমাত্র উপার্জনকাৰী আছিল৷ প্রণৱজ্যোতিৰ পৰিয়ালে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰে, তাৰ বাবে শ্রমিক তথা স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে৷ অন্যথা শ্রমিকসকলে হৰতাল কার্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে৷

You might also like