নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গদাধৰ নৈত মাছ মাৰিবলৈ গৈ এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ৯ জুলাই : মাছ মাৰিবলৈ গৈ আজি গদাধৰ নৈত পৰি শোকাৱহ মৃত্যুক সাবটে ধুবুৰীৰ এগৰাকী পঞ্চাশ ঊৰ্ধ্বৰ ব্যক্তিয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, আজি ধুবুৰী-গৌৰীপুৰ সংযোগী ঘাইপথৰ সমীপৰ গদাধৰ নৈত মাছ মাৰিবলৈ গৈছিল মনেৰ আলী ওৰফে বাপু নামৰ লোকজনে। দুৰ্ভাগ্যবশতঃ নাওৰ পৰা নৈখনত অকস্মাতে পৰি যায় তেওঁ। ঘটনাটো অৱগত হৈ ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে এছডিআৰএফ বাহিনীয়ে। কিন্তু দলটোৱে নৈখনৰ পৰা মনেৰ আলীৰ নিথৰ দেহহে উদ্ধাৰ কৰে। মৃত ব্যক্তিগৰাকী ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ প্ৰথম খণ্ডৰ বাসিন্দা বুলি প্ৰকাশ।

You might also like