নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিঙত স্বামীক হত্যাৰ চেষ্টা নৱবিবাহিত বোৱাৰীৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাই : নগাঁও জিলাৰ ধিং আৰক্ষী নিবেশৰ অন্তৰ্গত বিলতীয়াত এগৰাকী নৱবিবাহিত বোৱাৰীয়ে স্বামীক হত্যা কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰাৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে । জানিব পৰা মতে, ভিটামিন ঔষধৰ লগত বিহ মিহলাই স্বামীক হত্যাৰ চেষ্টা চলায় বোৱাৰীগৰাকীয়ে। সংকটজনক অৱস্থাত আজি গুৱাহাটীৰ মেট্ৰ হস্পিটেলত ভৰ্তি কৰোৱা হয় স্বামী জহিৰুল ইছলামক। ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে পত্নী আকলিমা খাতুনে। ২০ দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল নৱদম্পতীটো। স্বামীৰ অসুস্থতাৰ সুযোগ গ্রহণ কৰি পত্নীয়ে  ভিটামিন ছিৰাপৰ নামত বিহপান কৰোৱায় স্বামীক। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ধিং থানাত বোৱাৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ পৰিয়ালৰ। ধিং আৰক্ষীয়ে এক গোচৰ ৰুজু  কৰি তদন্ত আৰম্ভ কৰিছে। 
প্ৰেৰক মাণিক বৰা
You might also like