NHM কাৰ্যালয়ত কোভিড-১৯ নিয়ন্ত্ৰণ সম্বন্ধীয় পৰ্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ১০ জুনঃ আজি সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ সমীৰ সিনহা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ বিষয়াসকলৰ সৈতে এন এইচ্ এমৰ কাৰ্যালয়ত ৰাজ্যত কোভিড-১৯ নিয়ন্ত্ৰণ সম্বন্ধীয় এখন পৰ্যালোচনা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷
এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে- “জিলাসমূহৰ পৰা আমি নিয়মিতৰূপত তথ্য লাভ কৰি আছোঁ ৷ ইয়ে যাৱতীয় পদক্ষেপ তথা ব্যৱস্থা গ্ৰহণত আমাক যথেষ্ট সহায় কৰিছে ৷”
উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যত কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে- ৩০৯২ জন লগতে সম্প্ৰতি ১৯৮৭ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ।