নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অতৰ্কিত অভিযান, জব্দ বুজন পৰিমাণৰ চেগুন কাঠ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ শেহতীয়াকৈ পশ্চিম কামৰূপৰ বন প্ৰাধিকাৰী ডিম্পী বৰাৰ নিৰ্দেশত জিলা পৰিসীমাৰ ভিতৰত অবৈধ চোৰাং কাঠৰ বিৰুদ্ধে দিন-নিশাই বন বিভাগে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান | আজি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত চলোৱা এক অতৰ্কিত অভিযানত বনাঞ্চলিক ক্ষেত্ৰৰ অন্তৰ্গত হাতীশলা পাম অঞ্চলৰ পৰা বুজন পৰিমাণৰ মূল্যৱান চেগুনৰ কুণ্ডা আৰু ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় | বনপালক-১ দীপেন কলিতাৰ নেতৃত্বত চলিছিল আজিৰ অভিযান ,বিক্ৰীৰ বাবে মজুত ৰখা মূল্যবান কাঠখিনি মালবাহী বাহন এখনেৰে নগৰবেৰা কাৰ্যালয়লৈ নিয়া হয় | জব্দকৃত চেগুন কাঠখিনিৰ আজিৰ বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি অনুমান অভিযানকাৰী দলটিৰ |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস 

You might also like