অক্টোবৰৰ শেষভাগত আছুৰ কেন্দ্রীয় অধিৱেশন–নতুন দল গঠনৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে ৰাজ্যজুৰি গঢ়ি উঠা ব্যাপক গণআন্দোলনৰ পিছত ৰাজনীতিৰ পথাৰলৈ মন মেলা সদৌ অসম ছাত্র সন্থাই (আছু) ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত আৰু এঢ়াপ আগুৱালে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ক্রমাৎ ৰাজনৈতিক বিকল্পৰ চিন্তা–চর্চা আগুৱাই নিবলৈ তৎপৰ হৈ পৰিছে ছাত্র সংগঠনটো৷ এই চিন্তা–চর্চা আৰু নতুন দল গঠনৰ সম্ভাৱনা প্রতিফলিত হৈছে আজি অনুষ্ঠিত আছুৰ কেন্দ্রীয় কার্যনির্বাহক সভাত৷ ১০ বছৰ পর্যন্ত সাধাৰণ অধিৱেশন অনুষ্ঠিত নকৰাৰ নজিৰ থকা আছুৱে অহা অক্টোবৰত সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাৰ মন মেলিছে৷ আজি সভাৰ অন্তত এই কথা সদৰী কৰে ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ গুৱাহাটী লতাশিলস্থিত শ্বহীদ ন্যাসত অনুষ্ঠিত কেন্দ্রীয় কার্যনির্বাহকৰ অন্তত গগৈয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি অক্টোবৰৰ শেষৰ সপ্তাহত দুলীয়াজানত অনুষ্ঠিত হ’ব আছুৰ সাধাৰণ অধিৱেশন৷ ইয়াৰ পূর্বে জিলা পর্যায়ৰ ছাত্র সন্থা সমিতিসমূহৰো অধিৱেশন অনুষ্ঠিত হ’ব বুলি সদৰী কৰি তেওঁ কয়– ‘যিসমূহ জিলা ছাত্র সন্থাৰ দুবছৰৰ অতিক্রম কৰিছে সেই সমিতিসমূহৰো সাধাৰণ অধিৱেশন অক্টোবৰৰ পূর্বেই অনুষ্ঠিত হ’ব৷ তদুপৰি অসম উন্নতি সভা আৰু অসম সেনাক পুনৰ উজ্জীৱিত কৰাৰ সিদ্ধান্ত আজি গ্রহণ কৰা হৈছে৷’
উল্লেখ্য যে কেন্দ্রীয় কার্যনির্বাহকখনে বিকল্প ৰাজনৈতিক শক্তি গঢ়ি তোলাৰ এক আভাস দিছে৷ কিয়নো সাধাৰণ অধিৱেশন অনুষ্ঠিত হ’লেই সলনি হ’ব দলীয় নেতৃত্বৰ৷ সদৌ অসম ছাত্র সন্থা এক অৰাজনৈতিক অনুষ্ঠান আৰু আগলৈও এই অৰাজনৈতিক চৰিত্র অব্যাহত থাকিব বুলি সংগঠনটোৰ নেতৃবৃন্দই স্পষ্ট কৰি দিছে৷ সেয়েহে আছুৰ দলীয় নেতৃত্বৰ দায়িত্ব বহন কৰি থাকিলে বর্তমানৰ দায়িত্ববাহী নেতাসকলে আগন্তুক নির্বাচনত অংশগ্রহণ কৰাৰ ক্ষেত্রত অন্তৰায়ৰ সৃষ্টি হ’ব৷ যাৰ পৰিপ্রেক্ষিতত সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰি নেতৃত্বৰ সালসলনি ঘটাবলৈ ছাত্র সংগঠনটোৱে কৌশল ৰচনা কৰিছে বুলিও চর্চা লাভ কৰিছে৷ কিয়নো ইয়াৰ পূর্বে নির্ধাৰিত কার্যকাল অন্ত পৰাৰ পিছতো সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাৰ ক্ষেত্রত যথেষ্ট বিলম্ব কৰি আহিছে আছুৱে৷ ইয়াৰ পূর্বে আছুৰ সাধাৰণ অধিৱেশন ২০১৫ চনত গোৱালপাৰাৰ দুধনৈত ১০ বছৰৰ পিছত অনুষ্ঠিত হৈছিল৷ এই অধিৱেশনত পূর্বৰ সভাপতি শংকৰপ্রসাদ ৰায় আৰু সাধাৰণ সম্পাদক তপন গগৈয়ে দায়িত্বৰ পৰা অব্যাহতি লৈছিল৷ ইয়াৰ বিপৰীতে আছুৰ নতুন সভাপতি হিচাপে দায়িত্ব লৈছিল দীপাংক কুমাৰ নাথে৷ সমান্তাৰালভাৱে নতুন সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল লুৰিণজ্যোতি গগৈয়ে৷
আনহাতে, উপদেষ্টাৰ পৰা আছুৰ মুখ্য উপদেষ্টা হৈছিল ড০ সমুজ্জ্বল ভট্টাচার্য৷ দুধনৈৰ অধিৱেশনৰ পূর্বে ২০০৫ চনত ডিব্রুগড়ৰ মৰাণত আছুৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছিল য’ত সভাপতি হিচাপে প্রবীণ বড়ো আৰু সাধাৰণ সম্পাদক হিচাপে অমিয় ভূঞাই দায়িত্বৰ পৰা অব্যাহতি লৈছিল৷ লক্ষণীয়ভাৱে ১০ বছৰৰ বিৰতিৰ অন্তত সাধাৰণ এখন অধিৱেশন অনুষ্ঠিত কৰা ছাত্র সংগঠনটোৱে এইবাৰ ৫ বছৰৰ বিৰতিৰ অন্তত ততাতৈয়াকৈ আগন্তুক বিধানসভাৰ পূর্বে সাধাৰণ সভা অনুষ্ঠিত কৰাৰ তৎপৰতাই স্বাভাৱিকতে আছুৰ ৰাজনৈতিক চিন্তা–চর্চা সন্দর্ভত উৎসুকতাৰ সৃষ্টি কৰিছে৷ এই সাধাৰণ অধিৱেশনতে নতুন ৰাজনৈতিক দল গঠন সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে৷ ৰাজনৈতিক বিকল্প কিদৰে গঠন কৰিব, তাক লৈ সোধা প্রশ্ণৰ উত্তৰ হিচাপে লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যও তাৎপর্যপূর্ণ৷ এই প্রসংগত তেওঁ কয়– ‘বর্তমানৰ চৰকাৰখনৰ জাতিধ্বংসী কিছুমান সিদ্ধান্তই মানুহৰ জাতীয়তাবাদী চেতনাক নিঃশেষ হোৱাৰ দিশলৈ লৈ গৈছে৷ আমি অসমৰ জনগণৰ প্রতিনিধি৷ ৰাইজৰ চিন্তাৰ লগত আমি থাকিব লাগিব, থকাটো উচিত৷’ একে সময়তে আগন্তুক সময়ত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আন আন জনজাতীয় সংগঠনসমূহক লগত লৈ আছুৱে ‘কা’বিৰোধী আন্দোলন আগুৱাই নিয়াৰ সিদ্ধান্তও গ্রহণ কৰিছে বুলি কয় গগৈয়ে৷ ইপিনে, আছুৰ সভাপতি দীপাংক কুমাৰ নাথে বিকল্প ৰাজনৈতিক দল সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে এইক্ষেত্রত সমাজৰ বিজ্ঞজনে আৰু জ্যেষ্ঠসকলৰ পৰা আছুৱে কি কৰা উচিত, কোন পথে যোৱা উচিত সেই সন্দর্ভত মতামত লোৱা হ’ব৷ আনহাতে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কার্যনির্বাহকৰ অন্তত সংবাদ মাধ্যমৰ আগত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা কমিটীৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰে ৰূপায়ণ নকৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰে৷ এই সন্দর্ভত তেওঁ কয়– ‘কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া কমিটীৰ প্রতিবেদন গ্রহণ কৰিবলৈ সময় নহ’ল৷ প্রধানমন্ত্রীয়ে কৈছিল এই প্রতিবেদন পোৱাৰ লগে লগেই কার্যকৰী কৰা হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রীয়ে কৈছিল যে দাড়ি, কমা নৰখাকৈ প্রতিবেদন ৰূপায়ণ কৰা হ’ব৷ প্রতিবেদন দাখিলৰ ৫ মাহ অতিক্রম কৰিলে৷ এতিয়া দাড়ি–কমা নৰখাকৈ তেওঁলোকে ৰূপায়ণ কৰক৷’