মৰিগাঁৱত আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপনঃ ৪ বিশিষ্ট শিল্পীক সম্বৰ্ধনা
বার্তা বুৰো, ২০ জুনঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ডঃ ভূপেন হাজৰিক ৰ জীৱনমুখী সৃষ্টিৰ গৱেষণা হব লাগিব। নতুন প্ৰজন্মক অৱগত কৰাব লাগিব সেই দৰ্শন। আছুৰ উদ্যোগত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই। অসমবাসীৰ দীৰ্ঘদিনীয়া বানপানী আৰু গৰাখহনীয়া সমস্যাটো দিল্লীয়ে সমাধানৰ বাবে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব এই মন্তব্য কৰে ভট্টাচাৰ্যই। আছুৰ উদ্যোগত তথা সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা, সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মৰিগাঁওবাসীৰ সহযোগত কেন্দ্রীয়ভাবে মৰিগাঁও চহৰৰ মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত কৰা ৰাভা দিৱসৰ কাৰ্যসূচী অংশগ্ৰহণ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক যদি প্ৰকৃতাৰ্থত অষ্ট লক্ষ্মী বুলি গণ্য কৰে তেতিয়া হলে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমস্যা সমাধানৰ ব্যৱস্থা লওক। আছুৰ সভাপতি দীপাংক নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত কলাগুৰু বিষ্ণু ৰাভা প্ৰসংগত ড০ ভট্টাচাৰ্যই কয়- কলাগুৰু বিষ্ণু ৰাভাই পৃথিবীৰ তিনিজন লোকক ৰূপকাৰ হিচাপে গণ্য কৰিছিল। তেওঁলোক হৈছে এগৰাকী শ্ৰীকৃষ্ণ, লিঅনাৰ্ড দা ভিঞ্চি আৰু আনগৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেদৰে সকলো জাতি জনগোষ্ঠীকে একত্ৰিত কৰি আগবঢ়াই নিবলৈ প্ৰয়াস ঠিক একেদৰে কলাগুৰু বিষ্ণু ৰাভায়ো সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি বৰ অসমৰ ভেটি গঢ়াৰ চেষ্টা কৰিছিল। কলাগুৰু বিষ্ণু ৰাভাই অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰা কথা ভাবিছিল বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয়- কলাগুৰু বিষ্ণু ৰাভাই শোষণৰ বিৰুদ্ধে সংগ্ৰামৰ ব্যৱস্থা লৈছিল। কোনোবাই কয় বিষ্ণু ৰাভাক কমিউনিষ্ট বুলি। বিষ্ণু ৰাভাৰ কমিউনিষ্টৰ মূল ভেটিয়েই আছিল জাতীয়তাবাদ। জাতীয়তাবাদৰ চিন্তাই অসমৰ খিলঞ্জীয়া মানুহখিনিক লৈ দেশপ্ৰেমৰ উদ্বুদ্ধ কৰিব কাৰণে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আগবাঢ়ি যোৱাৰ ব্যৱস্থা কৰিছিল। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ যাওঁতে কৃষিয়েই কৃষ্টি এই চিন্তাৰে আমি আগবঢ়াই নিব লাগিব। অসমত এটা পৰিকল্পিত অৰ্থনীতিৰ সংগ্ৰাম আহি পৰা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয়- কলাগুৰু বিষ্ণুৰাভা সৃষ্টিক আদৰ্শক হিচাপে লৈ প্ৰজন্মই প্ৰজন্মই আগবঢ়াই নিবলৈ হলে অসমৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত কলাগুৰু বিষ্ণুৰাভাৰ সৃষ্টিক অন্তভুক্ত কৰিব লাগিব আৰু বিশ্ববিদ্যালয়সমূহত আসন স্থাপন কৰিব লাগিব বুলি মন্তব্য কৰে। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট লোকসংস্কৃতিবিদ ড০ অনিল শইকীয়াই বিষ্ণু ৰাভাৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা আগবঢ়াই কয়- বিষ্ণু ৰাভা সকলো গুণৰে অধিকাৰী আছিল। তেওঁ কোনটো দিশত নাছিল সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। তেওঁৰ আদৰ্শক প্ৰজন্মই প্ৰজন্মই আগবঢ়াই নিয়াতো অত্যন্ত প্ৰয়োজন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্বোধন কৰা সভাখনত বৰাই জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা, কবি নৱ ৰাজনে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ গ্ৰন্থ “তমোহৰ” আৰু “মৰিগাঁও ঐতিহ্য” নামৰ গ্ৰন্থ দুখনো উন্মোচন কৰে। সভাত আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপজ্যোতি গগৈ, অভ্যৰ্থনা সমিতিৰ সভাপতি শিক্ষাবিদ পোনাৰাম নাথ, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমছং, শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেওট, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল নাথ,সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিকে আদি কৰি আছুৰ নেতৃত্বই অংশ গ্ৰহণ কৰা সভাতেই বিশিষ্ট ভাস্কৰ্য শিল্পী নৰেশ বিশ্বাস, বিশিষ্ট মুখা শিল্পী খৰ্গেশ্বৰ বৰদলৈ, বিশিষ্ট জিকিৰ শিল্পী আব্দুল ৱাহেব আৰু বয়নশিল্পী নমী বড়োক বিশেষভাবে সম্বৰ্দ্ধনা জনোৱাৰ লগতে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে। ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আৰু বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই।
প্ৰেৰক প্ৰাঞ্জল দাস