আৰক্ষীৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগত আছু
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাই তেজপুৰ চহৰত ২২ জানুৱাৰীত ৰূপায়ণ কৰা প্রতিবাদী কার্যসূচীত শান্তিপূর্ণ প্রতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা বর্বৰ আক্রমণ সন্দর্ভত সদৌ অসম ছাত্র সন্থাই মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে৷
সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিবৃতিত কয়, ‘তেজপুৰ চহৰত শোণিতপুৰ জিলা ছাত্র সন্থাই ৰূপায়ণ কৰা উক্ত দিনাৰ কার্যসূচী সম্পূর্ণ গণতান্ত্রিক আৰু অহিংস আছিল৷
কিন্তু সর্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগে তেওঁলোকৰ পূর্ব পৰিকল্পিতভাৱে শান্তিপূর্ণ প্রতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে আৰু বর্বৰ আক্রমণ চলায়৷ কোনো মহিলা আৰক্ষী নোহোৱাকৈ কেৱল পুৰুষ আৰক্ষীয়ে কেইবাগৰাকীও মহিলা প্রতিবাদকাৰীৰ ওপৰত আক্রমণ চলোৱাত কেন্দ্রীয় সমিতিৰ সাহিত্য সম্পাদিকা পৰিস্মিতা বড়া, কেন্দ্রীয় কার্যনির্বাহক নয়নজ্যোতি গগৈ আৰু কেইবাগৰাকীও মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীৰ ভৰি আৰু হাত ভঙাৰ লগতে মূৰ ফাটি গুৰুতৰভাৱে আহত হয়৷
এই বর্বৰ আক্রমণ সন্দর্ভত সদৌ অসম ছাত্র সন্থাৰ তৰফৰ পৰা কালি অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষক সাক্ষাৎ কৰি ঘটনা সম্পর্কীয় ফটো, ভিডি’সহ আবেদনৰ জৰিয়তে গোচৰ তৰি উচ্চ পর্যায়ৰ তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ অনুৰোধ জনোৱা হয়৷