নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগাক্রান্ত শিশুলৈ নতুন জীৱনৰ দুৱাৰ স্বাস্থ্যমন্ত্রীৰ

জিএমচিএইচত চেৰিব্রেল পালচীৰ শিবিৰ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আন এটা যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিলে স্বাস্থ্য বিভাগে৷ ‘স্নেহস্পর্শ’ আঁচনিৰ জৰিয়তে জি এম চি এইচত আজি আৰম্ভ হয় চেৰিব্রেল পালচীৰ দ্বিতীয়টো শিবিৰ৷ ‘নিউজ লাইভ’ৰ ‘আশা– নৱ জীৱনৰ প্রয়াস’ শীর্ষক এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণাৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হৈছে চেৰিব্রেল পালচীৰ দ্বিতীয়টো কেম্প৷

এক নতুন আশা লৈ প্রতিখন জিলাৰ  পৰা এই শিবিৰলৈ আহিল ৩ সহস্রাধিক লোক৷ নিজৰ সন্তানক সুস্থ কৰাৰ আশা বুকুত বান্ধি পুৱতি নিশাৰ পৰা জি এম চি এইচত বাহৰ পাতি নিজৰ সন্তানৰ নাম পঞ্জীয়ন কৰে অভিভাৱকসকলে৷ উল্লেখ্য যে ১২ জানুৱাৰীত অনুষ্ঠিত হোৱা প্রথমটো চেৰিব্রেল পালচীৰ কেম্পলৈ আহিছিল ১০১০টি শিশু৷

আনহাতে, কালি অনুষ্ঠিত হোৱা দ্বিতীয়টো কেম্পত ১৯১৩টি শিশুৰ নাম পঞ্জীয়ন কৰাৰ বিপৰীতে স্ক্রীনিং হয় ১৩৩৫টি শিশুৰ৷ ইফালে, স্ক্রীনিঙৰ পিছতে বিভিন্ন ৰোগত আক্রান্ত শিশুৰ প্রাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰায় স্বাস্থ্য বিভাগে৷ ইফালে, এই ‘স্নেহস্পর্শ’ আঁচনিৰ বাবে স্বাস্থ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জনায় অভিভাৱকসকলে৷

ইফালে, এই দ্বিতীয়টো শিবিৰলৈ অহা অতি জটিল ৰোগত আক্রান্ত শিশুসকলৰ চিকিৎসা সেৱা পূর্বৰ লেখীয়াকৈ দেশৰ আগশাৰীৰ চিকিৎসালয়ত সম্পূর্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই৷ মুঠতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৪ বছৰ বয়সৰ তলৰ বিভিন্ন ৰোগত আক্রান্ত শিশুক সম্পূর্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ যি প্রতিশ্রুতি দিছিল, সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে৷

You might also like