গেছ চিলিণ্ডাৰ আলু–পিঁয়াজ লৈ চৰকাৰ হায় হায় ধ্বনি
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থাই শুকুৰবাৰে ৰাজ্যজুৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ মূল্যবৃদ্ধিয়ে দৈনন্দিন জীৱনযাত্রাত আহুকাল সৃষ্টি কৰাৰ পাছতো চৰকাৰখনে বিষয়টোৰ প্রতি তিলমানো মনোযোগ দিয়া নাই৷ এনে পৰিস্থিতিত সদৌ অসম ছাত্র সন্থাৰ আহ্বানমর্মে শুকুৰবাৰে ৰাজ্যজুৰি আছু কর্মীসকলে গেছ চিলিণ্ডাৰ, আলু–পিঁয়াজ, মিঠাতেল আদি সন্মুখত লৈ প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী ছাত্র কর্মীসকলে অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, নিত্য ব্যৱহার্য সমগ্রীৰ মূল্য হ্রাস কৰিবই লাগিব, সর্বানন্দ সোণোৱাল মুর্দাবাদ, পেট্র’লজাত সামগ্রীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি আকাশ–বতাহ মুখৰিত কৰি তোলে৷
এই কার্যসূচী সন্দর্ভত সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্রেছ টোকাত কয় যে খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় নিত্য ব্যৱহার্য সামগ্রী, পেট্র’লজাত সামগ্রী, গেছ চিলিণ্ডাৰ আদিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ মানুহক ত্রাহি মধুসূদন সোঁৱৰাইছে৷ দৈনিক পেট্র’লজাত সামগ্রীৰ মূল্যবৃদ্ধি হোৱাৰ ফলত গাঁৱে–ভূঞে খুচুৰা বিক্রেতাসকলে সীমা–সংখ্যা নোহোৱাকৈ মূল্যবৃদ্ধি কৰি সামগ্রীসমূহ বিক্রী কৰি আছে৷ চৰকাৰী ব্যৱস্থাসমূহ ব্যর্থ হোৱাৰ ফলত জধে–মধে দাম বৃদ্ধি কৰি ৰাইজক হাৰাশাস্তি কৰি আছে৷ মূল্যবৃদ্ধি ৰোধত চৰকাৰখন চূড়ান্তভাৱে ব্যর্থ হোৱাত ছাত্র সন্থাই আজি সমগ্র অসমৰ চুকে–কোণে প্রতিবাদ সাব্যস্ত কৰে৷ লগতে আন্দোলনকাৰীসকলে মূল্যবৃদ্ধি ৰোধ নকৰালৈকে এনে আন্দোলন তীব্রভাৱে চলি থাকিব বুলি সকীয়াই দিয়ে৷ প্রেছ টোকাটোত নাথ আৰু বৰুৱাই লগতে কয় যে পেট্র’লজাত সামগ্রীকে ধৰি আন আন সামগ্রীৰ মূল্যবৃদ্ধি কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰে নিয়ন্ত্রণত চূড়ান্ত ব্যর্থ হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শাসনকালত পেট্র’লৰ দাম দুগুণ বাঢ়িল, ১০০ টকা হ’ল, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ শাসনৰ সময়ত প্রতিটো সামগ্রীৰ দাম জুই–ছাই হ’ল৷ ছাত্র সন্থাৰ স্পষ্ট দাবী– ‘মূল্যবৃদ্ধি ৰোধ হ’বই লাগিব৷ সর্বসাধাৰণ মানুহৰ জীৱন ধাৰণৰ ক্ষেত্রত আহুকাল আনিবলৈ দিয়া নহ’ব৷ প্রতিবাদ চলিয়ে থাকিব৷’