নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ প্ৰতিটো কথাৰ উত্তৰ ৰাজনৈতিকভাৱে দিয়া হ’বঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  আছু এতিয়া ৰাজনৈতিক সংগঠন গতিকে আছুক ৰাজনৈতিকভাৱেই উত্তৰ দিব লাগিব। এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

আছুক সমালোচনা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ তাৰিখত আছু এটা ৰাজনৈতিক সংগঠন, অৰাজনৈতিক সংগঠন নহয়। গতিকে ৰাজনৈতিক সংগঠনক ৰাজনৈতিকভাৱেই উত্তৰ দিব লাগিব। সন্মানসহকাৰে তথা বিনম্ৰতাৰে উত্তৰ দিয়া নহয়। অৰাজনৈতিক হৈ থাকোতে বিনম্ৰতাৰে উত্তৰ দিছিলো এতিয়া যিহেতু ৰাজনৈতিক সংগঠন হ’ল, গতিকে অগপ, এ আই ইউ ডি এফ বা কংগ্ৰেছক যিধৰণেৰে কথা কোৱা হয়, তেনেকৈ আছুকো ক’ব লাগিব।

মন্ত্ৰীজনে পুনৰ কয় যে তেওঁলোকে যদি পুনৰ অৰাজনৈতিক সংগঠনলৈ পৰিবর্তিত হয়, তেন্তে আমি পুনৰ অৰাজনৈতিক সংগঠন হিচাপে বিনম্ৰতাৰে উত্তৰ দিম। এতিয়া তেওঁলোকে বিজেপিক খেদিব বিচাৰিছে। ঢাল হিচাপে আমি ৰাজনৈতিকভাৱে উত্তৰ দিবই লাগিব।

You might also like