নিয়মীয়া বাৰ্তা ১৫ জুনঃ স্মৃতিশক্তি লোপ পাব পৰা ষাঠিৰোর্ধ্বৰ বয়সত কম্পিউটাৰতকৈ তীব্রবেগী মস্তিষ্কৰ গৰাকী হোৱাৰ পৰিচয় দি ছুপাৰ কম্পিউটাৰৰূপে পৰিচিতি লাভ কৰি এজন ব্যক্তিয়ে সকলোৰে চকু কপালত তুলিছে৷ তেওঁ সলসলাই কৈ দিব পাৰে পৃথিৱীৰ ২০৪খন দেশৰ নাম, অসমৰ ১২৬টা সমষ্টিৰ নাম, অসমৰ কোনখন জিলাত গাডীৰ ৰেজিষ্ট্রেচন নম্বৰৰ সংখ্যা কিমান, অসমৰ জিলা তথা মহকুমাসমূহ, জিলা পৰিষদসমূহৰ এফালৰ পৰা নাম, বি টি এ ডিৰ ৪০টা পৰিষদীয় সমষ্টিৰ নাম, অসমৰ লোকসভাৰ ১৪টা সমষ্টিৰ নামৰ উপৰি অসম, ভাৰত, এছিয়া, ইউৰোপ মহাদেশৰ মাটিকালিৰ পৰিমাণ, ইয়াৰ জনসংখ্যা, ভাৰতৰ প্রদেশসমূহৰ লগতে কেন্দ্রীয়শাসিত ৰাজ্যসমূহৰ এফালৰ পৰা নাম, অসমৰ যিকোনো সমষ্টিৰ বিধায়কজনৰ নামৰ লগতে সাধাৰণ জ্ঞানৰ সকলোবোৰ প্রশ্ণৰ উত্তৰ মাত্র কেইছেকেণ্ডমানতে অর্থাৎ এটা কম্পিউটাৰতকৈ কম সময়ত উত্তৰ দি চমক দেখুৱাবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ এগৰাকী অসাধাৰণ প্রতিভাৰ অধিকাৰী হাজী আব্দুল হালিমে৷ ছুপাৰ কম্পিউটাৰ বা মানৱ কম্পিউটাৰ খ্যাত এইগৰাকী বয়োজ্যেষ্ঠ লোকে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রশংসাৰে উপচাই পেলায়৷ এইগৰাকী ছুপাৰ কম্পিউটাৰতকৈ বেগী লোকৰ মতে, সমগ্র ভাৰতবর্ষৰ ভিতৰতে ১নং ৰাজনীতিবিদ হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁ ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গ্রহণ কৰা পদক্ষেপক লগতে সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ভূমিকাকো প্রশংসা কৰে৷বৃহত্তৰ অঞ্চলটোত কম্পিউটাৰ নামেৰে বিখ্যাত এইজন হাজী আব্দুল হালিম নামৰ ব্যক্তিক মৌলানা বদৰুদ্দিন আজমলে অসাধাৰণ প্রতিভাৰ গৰাকী হোৱা হেতুকে পকীগৃহ নির্মাণৰ হেতু এক লাখ টকাৰ বৰঙণি আগবঢ়াইছিল যদিও চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে বর্তমানলৈ লোকজনক ঢুকি পোৱা নাই বুলি আক্ষেপ প্রকাশ কৰে৷ ঢ়েকীয়াজুলি সমষ্টিৰ ঠেলামৰা গাঁও পঞ্চায়ত এলেকাৰ ঠেলামৰা ঘাট গাঁও নিৱাসী অসাধাৰণ প্রতিভাৰ গৰাকী হাজী আব্দুল হালিম নামৰ ব্যক্তিজন পূর্বে মছজিদৰ ইমাম হিচাপে কর্মৰত আছিল যদিও বর্তমান বয়স বাঢ়ি অহাত সহূদয় লোকৰ দান–বৰঙণিত ব্যক্তিজন চলি আছে বুলি সংবাদ মাধ্যমক জনায়৷