নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনভয়ৰ খুন্দাত মৃত্যু হোৱা চামগুৰিৰ মানসপ্ৰতিমৰ ঘৰত মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৩ জুন: যোৱা ১৯ জুনত নগাঁৱৰ চামগুৰিত সংঘটিত হৈছিল এক মৰ্মান্তিক পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল চামগুৰিৰ উদীয়মান যুৱক মানসপ্ৰতীম দাসে। আজি মানসপ্ৰতীমৰ ঘৰত আজি উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা। মন্ত্ৰী বৰাই তেওঁৰ পিতৃ দিলীপ দাস আৰু মাতৃ কাঞ্চন দাসক সাক্ষাৎ কৰি দুখৰ সমভাগী হোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। লগতে মানসপ্ৰতীমৰ ভগ্নী আৰু শোকবিহ্বল পৰিয়ালটোৰ আন সদস্যসকল তথা আত্মীয়সকলৰ সৈতেও বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে উক্ত পথ দুৰ্ঘটনাটো মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীত সংঘটিত হৈছিল যত মানসপ্ৰতীমৰ মৃত্যু হোৱাৰ কনভয়ৰ বাকী চাৰিজন সদস্য গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈছিল।

You might also like