নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ হ’ব৷ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হালধীয়া নতুবা ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক৷ শুভ সংখ্যা ১৷

বৃষঃ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ জপ কৰি সোঁ–হাতত ৰঙা সূতাৰে সাত পাক দি বান্ধিব৷ ৰঙা বস্ত্র পৰিধান কৰিব আৰু ৰঙা বস্তু খাব৷ পাৰিলে শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ সংখ্যা ৫৷

মিথুনঃ ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ শুভ কর্মত বাধা নাই৷ যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ ক’লা কাপোৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব৷ প্রেমত শুভ৷ শুভ সংখ্যা ৭৷

কর্কটঃ অর্থ প্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব৷ বিদ্যার্থীসকলৰ শুভ৷ যাত্রা কৰিব পাৰে৷ যাত্রা কৰাৰ সময়ত গুলপীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব৷ শুভ সংখ্যা ৫৷

সিংহঃ কর্মক্ষেত্রত সাৱধান থাকিব, কাৰণ আপোনাৰ আজি দিনটো শুভ নহয়৷ বগা ৰং আপোনাৰ শুভ৷ গতিকে যাত্রা কৰোতে আৰু শুভ কাম কৰোতে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৮৷

কন্যাঃ আর্থিক দিশত স্বচ্ছলতা থাকিব৷ দূৰ সংবাদত আনন্দিত হ’ব পাৰে৷ আপোনাৰ শুভ ৰং আকাশী নীলা৷ এই ৰঙে আপোনাৰ কর্মত সফলতা আনিব৷ সন্ধিয়া বিষু মন্দিৰত চাকি জ্বলাব৷ শুভ সংখ্যা ৯৷

তুলাঃ আজি আপোনাৰ যাত্রা শুভ৷ যাত্রা কৰাৰ সময়ত কমলা ৰঙৰ কাপোৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ সন্ধিয়া ৫ বজাৰ পিছত শুভ কাম আৰু যাত্রা নকৰিব৷ শুভ সংখ্যা ২৷

বৃশ্চিকঃ অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ শুক্ষ কাম আগত লৈ যাত্রা নকৰাই ভাল৷ আপোনাৰ শুভ ৰং মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰিব৷ প্রেমত শুভ৷ শুভ সংখ্যা ৪৷

ধনুঃ কর্মক্ষেত্রত উন্নতিৰ যোগ আছে৷ আজি যাত্রা কৰিব বিচাৰিলে প্রথম যাত্রাটো পূব দিশে কৰিব৷ নীলা ৰঙৰ কাপোৰ পৰিধান কৰিব৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ২৷

মকৰঃ চাকৰি প্রার্থীৰ কর্মসংস্থানৰ পথ প্রশস্ত হ’ব৷ আবেলি ৪ বজাৰ পিছত যাত্রা নকৰিব৷ আপোনাৰ শুভ ৰং কমলা৷ কমলা ৰঙৰ কাপোৰ পিন্ধি পুৱা সূর্য দেৱতাক প্রণাম কৰিব৷ শুভ সংখ্যা ৯৷

কুম্ভঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ চাকৰিয়ালৰ বাবে শুভ৷ শুভ বর্ণ বেঙুনীয়া৷ বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰক৷ সুফল পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ শুভ সংখ্যা ১৷

মীনঃ আজি ভাবি–চিন্তি কামত অগ্রসৰ হ’ব৷ কর্মত বাধা আছে৷ আবেলি ২ বজাৰ পিছতহে যাত্রা কৰিব৷ যাত্রাৰ আগতে হাতত ক’লা সূতাৰে তিনি পাক দি বান্ধিব আৰু ক’লা বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৫৷

You might also like