নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত ভয়ংকৰ দুৰ্ঘটনাত পুৰুষ-মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ বজালী জিলাৰ সদৰ পাঠশালাৰ ৩১নং ঘাইপথত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী চিকিৎসালয়লৈ নিয়া পথত মৃত্যু ঘটে৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি পাঠশালা বজাৰৰ পৰা এখন চাইকেলত গৈ থকা এগৰাকী ব্যক্তি আৰু খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাক পাঠশালা নগৰৰ পূৱ প্ৰান্তৰ সংযোগস্থলীত একে দিশৰ পৰা অহা এখন তীব্ৰবেগী চাৰিচকীয়া গধুৰ বাহনে মহতিয়াই লৈ যায়৷ যাৰ ফলত চাইকেল আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে পথচাৰী মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়৷ হতাহত হোৱা দুয়োগৰাকী ব্যক্তিকে কিছু সময়ৰ পিছত ১০৮ এম্বুলেন্স সেৱাৰে পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰভাৱে আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা পথতে মৃত্যু ঘটে৷ নিহত পুৰুষজন  পাঠশালাৰ বৰবাং মাছখোৱা পাৰা নিৱাসী নৃপেন কলিতা (৬২) বুলি চিনাক্ত কৰাৰ লগতে মহিলাগৰাকীক বৰবাং চুলিয়াপাৰা নিৱাসী পাৰুল দাস (৫০) বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দুৰ্ঘটনাটোৰ প্ৰকোপ ইমানেই অধিক আছিল যে চাইকেল আৰোহীগৰাকীৰ দেহৰ এটা অংশ সম্পূৰ্ণৰূপে পিষ্ট হৈ যায়৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ ভুল ডিভাইডাৰৰ বাবেই অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে পথ নিৰ্মাণত জড়িত কোম্পানী আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দোষাৰোপ কৰি ক্ষোভ উজাৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like